Rupaliparda.com
Youthz Korner ৰ নতুন সৃষ্টিঃ মুকলি হ'ব ন-ৱেব চিৰিজ- 1

Youthz Korner ৰ নতুন সৃষ্টিঃ মুকলি হ’ব ন-ৱেব চিৰিজ-

আকৌ এবাৰ নৱপ্ৰজন্ম আৰু তেওঁলোকৰ নতুন সৃষ্টি। কিন্তু এইবাৰ সংগীত অথবা চুটি ছবিৰ প্ৰসংগত নহয়; এইবাৰ এওঁলোকৰ দ্বাৰা কৰা হৈছে এক দীঘলীয়া প্ৰচেষ্টা। এইবাৰ ১০ টা খণ্ডযুক্ত এখন ৱেব চিৰিজ নিৰ্মাণত ব্যস্ত হৈছে একাংশ নৱপ্ৰজন্ম। “লক-ডাউনে” যদিও দেশত বিভিন্ন জনৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সলনি কৰিছে তাতেই আকৌ একাংশৰ মাজত ই সৃষ্টিশীল মানসিকতাৰো সৃষ্টি কৰিছে। মুঠতে, পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহৰ ক্ষেত্ৰত যদিও বিৰাম লগা পৰিলক্ষিত হৈছে তৎস্বত্বেও এনেক্ষেত্ৰত নৱপ্ৰজন্মৰ প্ৰচেষ্টাই কিছু সঁকাহ দিছে জনসাধাৰণক। Youthz Korner ৰ নিবেদনত এইবাৰ অসমীয়া সৰ্বসাধাৰণ ৰাইজে উপভোগ কৰিবলৈ পাব এখন ১০ টা খণ্ডযুক্ত ৱেব চিৰিজ। “জীৱন আনপ্লাগ্ড” শীৰ্ষক এই ৱেব চিৰিজ খন ইতিমধ্যে মুকলি কৰি দিয়া হৈছে জনপ্ৰিয় ইউটিউব চেনেল Youthz Korner তে। উক্ত ইউটিউব চেনেলটোৱে বিগত দিনৰ পৰা মনোৰঞ্জন ক্ষেত্ৰখনক লৈ কৰি থকা প্ৰয়াস তথা প্ৰচেষ্টা আছিল লেখতল’বলগীয়া।

Youthz Korner ৰ নতুন সৃষ্টিঃ মুকলি হ'ব ন-ৱেব চিৰিজ- 2
Youthz Korner ৰ নতুন সৃষ্টিঃ মুকলি হ'ব ন-ৱেব চিৰিজ- 3


যোৱা ৫ অক্টোবৰ তাৰিখৰ পৰাই ৱেব চিৰিজখনৰ মুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । ইয়াৰ প্ৰতিটো খণ্ডৰ বাবে অভিনেতা-অভিনেত্ৰীৰ উপৰিও কাহিনীৰ সাল- সলনি হ’ব; প্ৰতিটো খণ্ডতেই জনসাধাৰণে উপভোগ কৰিবলৈ পাব নতুনত্ব।প্ৰথমটো খণ্ডৰ নাম হৈছে “Paused”; য’ত অভিনয় কৰিছে দীপজ্যোতি মহন্ত আৰু নীলাক্ষী ডেকাই। আনহাতে উক্ত খণ্ডটোৰ পৰিচালনা আৰু সম্পাদনা অনুপ্ৰাস দাসৰ আৰু লিখিছে পাৰ্থ গোস্বামীয়ে। দৃশ্যগ্ৰহণৰ দায়িত্বত আছে অনুপ্ৰাস দাস আৰু জগদীশ দাস। নতুন নতুন প্ৰকল্পৰ সৈতে এতিয়াৰ নৱপ্ৰজন্মৰ এনে সৃষ্টিক আমি নুই কৰিব নোৱাৰো। মনোৰঞ্জন জগত খনত অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই ইজনে আনজনক কৰা প্ৰয়াসো মন কৰিবলগীয়া।

Youthz Korner ৰ নতুন সৃষ্টিঃ মুকলি হ'ব ন-ৱেব চিৰিজ- 4


কালি মুক্তি লাভ কৰা এই খণ্ডটোৰ পিছতেই আগন্তুক প্ৰতিটো খণ্ডৰ বাবেই অপেক্ষাৰত হৈ পৰিছে অসমীয়া দৰ্শকো। মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰত্যেকটা মাধ্যমত অংকিত কৰি লোৱা নৱপ্ৰজন্মৰ নামে সঁচাকৈ উৎসাহিত কৰিছে সকলোকে। আনহাতে, Youthz Korner ৰ তৰফৰ পৰা কৰা এই নতুন প্ৰচেষ্টাটোকো ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform