Rupaliparda.com
প্ৰসাধনহীন বৰষাই এমোকোৰা হাঁহিৰে জিনিলে অনুৰাগীৰ মনঃ 1

প্ৰসাধনহীন বৰষাই এমোকোৰা হাঁহিৰে জিনিলে অনুৰাগীৰ মনঃ

এগৰাকী অভিনেত্ৰী প্ৰায়ে জনসাধাৰণক আপ্লুত কৰাৰ অৰ্থে চেষ্টা কৰাৰ লগতে প্ৰত্যেকদিনাই জনসাধাৰণৰ সমুখত আকৰ্ষণীয় ব্যক্তিত্বৰ লগতে দেখনিয়াৰ হৈ থকাটো প্ৰয়োজনীয় হৈ পৰে। তেওঁলোকৰ মেক-আপ টিপচ পৰ্যন্ত অনুসৰণ কৰে জনসাধাৰণে। প্ৰসাধন অথবা মেক-আপ ব্যৱহাৰ নকৰাকৈ প্ৰায়ে খুব কম অভিনেত্ৰীক আমি প্ৰত্যেকেই বাহিৰলৈ ওলোৱা দেখিবলৈ পাওঁ। কিন্তু, ধুনীয়াৰ প্ৰসংগ সমুখলৈ আহিলে প্ৰায়ে অভিনেত্ৰীয়ে নিজৰ প্ৰকৃত ৰূপটোক দেখুৱাবলৈ যত্ন কৰে। শেহতীয়াকৈ অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ এটা পোষ্টত দেখিবলৈ পোৱা গ’ল তেওঁৰ প্ৰসাধনহীন মুখ। তেওঁ কয় যে, “প্ৰসাধনৰ আঁৰৰ মই জনী; প্ৰকৃত প্ৰসাধন হৈছে এটা সুন্দৰ মন আৰু এমুকুৰা হাঁহি।” প্ৰসাধন ব্যৱহাৰ নকৰিলেও যে কোনো এগৰাকী মহিলাই তেওঁৰ নিজৰ মাজত থকা অলংকাৰেৰে সুন্দৰ হৈ উঠিব পাৰে তাকেই ব্যক্ত কৰিলে অভিনেত্ৰী গৰাকীয়ে।

https://www.instagram.com/p/CGBxlkqhYBw/?utm_source=ig_web_copy_link

প্ৰসাধনহীন বৰষাই এমোকোৰা হাঁহিৰে জিনিলে অনুৰাগীৰ মনঃ 2


বিগত বহু দিনৰ পৰা ৰাজ্যত বৰ্তি থকা “লক-ডাউন” ৰ মাজতেই শেহতীয়াকৈ কৰ্মক্ষেত্ৰলৈ আহিবলৈ সাজু হৈছে বৰষা ৰাণী বিষয়া। কিছুদিন ধৰি চচিয়েল মিডিয়াত চৰ্চা লাভ কৰাৰ লগতে তথা বাতৰিৰ শিৰোনাম দখল কৰিছিল অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ ৰাজনৈতিক স্থিতিক লৈ প্ৰশ্নৰো উত্থাপন কৰিছিল একাংশই; কিন্তু পিছলৈ এই আটাইবোৰ কথাক উফৰাই নিজ বৰ্তমান স্থিতি মজবুত থকা বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে। অভিনেত্ৰী গৰাকীক লৈ ভূৱা অপপ্ৰচাৰো কৰা হৈছিল চচিয়েল মিডিয়াত। তাৰ বিৰুদ্ধেও অভিনেত্ৰী গৰাকীয়ে এজাহাৰ দাখিল কৰে আৰক্ষী চকীত। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত বৰ্তমান এক সাংঘাতিক খেলি-মেলিৰ সৃষ্টি হৈছে; মনোৰঞ্জনক এৰি এতিয়া কেৱল মাত্ৰ ৰাজনৈতিক স্থিতিক লৈহে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.