Rupaliparda.com
"SORRY" ৰ চৰ্চাঃ SI দীপলিনা ডেকাৰ সুন্দৰ অভিনয়- 1

“SORRY” ৰ চৰ্চাঃ SI দীপলিনা ডেকাৰ সুন্দৰ অভিনয়-

ধৰ্ষণ, ৰেপ, বলাৎকাৰ; এই আটাইবোৰ শব্দৰ উচ্চাৰণে সকলোৰে মনলৈ আনে আশংকাৰ, ভয়ৰ তথা মনত সৃষ্টি কৰে আতংকৰ। এতিয়াও এনে পিতৃ-মাতৃ আছে; যিয়ে তেওঁৰ ছোৱালী সন্তানক স্বাধীন হ’বলৈ সুবিধা দিছে যদিও ছোৱালীজনী ঘৰ নোসোমোৱালৈ হয়টো অজান আশংকাত থাকিবলগীয়া হৈছে তেওঁলোক। বৰ্তমান পৰিস্থিতিত ধৰ্ষণ ইমানেই সুলভ হৈ পৰিছে যে প্ৰত্যেকদিনাই সংবাদ মাধ্যমত যদি এনেধৰণৰ কোনো খবৰ নাহে তেনেহ’লে যেন আধৰুৱা হৈ পৰে দিনটোৰ বাতৰি ভাগ। ধৰ্ষণ কাৰ্যৰ বিৰুদ্ধে য’ত একাংশই সবলে যুঁজ দিছে তাতেই একাংশই এনেধৰণৰ এক কাহিনীক চুটি ছবি আকাৰে জনসাধাৰণৰ মাজত উলিয়াই দিছে। শেহতীয়াকৈ দীপলিনা ডেকা অভিনীত “SORRY” শীৰ্ষক চুটি ছবিখনে লাভ কৰিছিল মুক্তি; চুটি ছবিখনৰ বিষয়বস্তু আছিল হৃদয়স্পৰ্শী। দৰ্শকৰ বহুল সঁহাৰিও দেখিবলৈ পোৱা গৈছিল চুটি ছবিখনত; উক্ত চুটি ছবিখনৰ কাহিনীভাগৰ দুটা ভিন্ন ভাগ আছে। য’ত এফালে আইনী নিয়ম পালন নকৰাৰ ফলত হ’ব পৰা পৰিণামক দেখুওৱা হৈছে তাতেই আনহাতে দেখুওৱা হৈছে এজন ধৰ্ষণকাৰীৰ বাবে উচিত শাস্তি কি লাগে!


কোনো ধৰণৰ শিক্ষা গ্ৰহণ নকৰাকৈ এদিনতে দীপলিনা ডেকাই নিজৰ “কমফৰ্ট জ’ন” টো এৰি কৰা অভিনয় লেখত ল’বলগীয়া। ধাৰাবাহিকতা অব্যাহত ৰাখি চুটি ছবিখনত সম্পাদনাৰ ক্ষেত্ৰত কোনো ধৰণৰ “transition” ব্যৱহাৰ নকৰাটোও আছিল চুটি ছবিখনৰ ওপৰত আন এক উপভোগ্য বৈশিষ্ট্য। দুই-এঠাইত স্ক্ৰীপ্টত কিছু শুধৰণি কৰিব পৰা গ’লহেঁতেন যদিও চুটি ছবিখনৰ বিষয়বস্তুৱে জনসাধাৰণক অধিক আকৰ্ষণ কৰিছে। আনহাতে, আইন সকলোৰে বাবেই যে সমান তাৰ এক সুন্দৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছিল চুটি ছবিখনত। দীপলিনা ডেকাৰ নতুন ৰূপটোক বাৰুকৈয়ে সঁহাৰি জনাইছে জনসাধাৰণে।

"SORRY" ৰ চৰ্চাঃ SI দীপলিনা ডেকাৰ সুন্দৰ অভিনয়- 2


সম্প্ৰতি সময়ত এনে বিষয়বস্তুৰে নিৰ্মিত কিছু সৃষ্টিৰ আচলতে প্ৰয়োজন আছে। সহজ সৰলতাৰ উৰ্দ্ধত প্ৰয়োজন হ’লে এগৰাকী নাৰী যে কঠোৰ আৰু দৃঢ় হৈ পৰিব পাৰে তাৰো এক সুন্দৰ প্ৰতিচ্ছবি উপস্থাপন কৰিছে দীপলিনাই চুটি ছবিখনত। পৰিচালক প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনাৰ দিশত থকা পুংখানুপুংখতা পৰিচালনা ক্ষেত্ৰখনত নিশ্চয়কৈ সফলতা প্ৰদান কৰিব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform