Rupaliparda.com
ভাৰ্গৱ ওজাপালি আৰু নিখিল জ্যোতি শৰ্মাৰ যুঁটীয়া প্ৰচেষ্টা "মেঘনা"- 1

ভাৰ্গৱ ওজাপালি আৰু নিখিল জ্যোতি শৰ্মাৰ যুঁটীয়া প্ৰচেষ্টা “মেঘনা”-

অসমীয়া সংগীত ক্ষেত্ৰখন নৱপ্ৰজন্মৰ শিক্ষিত একাংশৰ হাতত বুলি বৰ্তমান বহুতে নিজ মত ব্যক্ত কৰিছে। আচলতে কথাষাৰ অমান্যও কৰিব পৰা নাযায়; যিটো হাৰত কিছুমান গীতৰ সৃষ্টি হৈছে সেই সমূহে বাৰুকৈয়ে আপ্লুত কৰিছে প্ৰত্যেককে। গীত সমূহৰ সুৰ সংগীতৰ সমান্তৰালকৈ ইয়াত থকা কথা সমূহেও জনসাধাৰণক অধিক আকৰ্ষণ কৰিব পৰা ক্ষমতা ৰখা দেখিবলৈ পোৱা গৈছে। “তেজস্বিতা নাৰী” ৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ গীতৰ সৈতে জড়িত ভাৰ্গৱ ওজাপালিৰ সৈতে এইবাৰ যুঁটীয়া ভাৱে কন্ঠদান কৰিছে নিখিল জ্যোতি শৰ্মাই। সদ্য মুক্তিপ্ৰাপ্ত “মেঘনা” শীৰ্ষক গীতটিত দুই নৱপ্ৰজন্মৰ সংগীত শিল্পীৰ প্ৰতিভাৰ প্ৰশংসা কৰা হৈছে। গীতটিত কন্ঠদান কৰাৰ পৰা আৰম্ভ কৰি ইয়াত কথা, সংগীত দিয়াৰ লগতে শব্দ-সংমিশ্ৰণ কৰিছে ভাৰ্গৱ ওজাপালিয়ে। গীতটিত আৰ্টৱৰ্ক তথা এনিমেশ্বন হৈছে ঋতুপৰ্ণ গগৈৰ। জনসাধাৰণৰ সমুখত ক্ৰমশ জনপ্ৰিয় হৈ পৰা দুই কন্ঠশিল্পীৰ যুঁটীয়াভাৱে কৰা আহিবলগীয়া প্ৰকল্পক লৈও এতিয়া অপেক্ষাৰত অসমীয়া সংগীত প্ৰেমী শ্ৰোতা।


“তুমি সুবাস” গীতটিৰ পৰা শ্ৰোতাৰ ধ্যান আকৰ্ষণ কৰা কন্ঠশিল্পী নিখিল জ্যোতি শৰ্মাক বৰ্তমান সময়ত প্ৰত্যেকে চিনি পাই বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উক্ত গীতটিৰ পিছতে সফলতাক আঁকোৱালি লোৱা নিখিলে পঞ্চম শ্ৰেণীৰ পৰাই গ্ৰহণ কৰিছিল সংগীতৰ শিক্ষা। গীতৰ ক্ষেত্ৰত প্ৰথমে “কথা” ত গুৰুত্ব দিয়া এই গৰাকী কন্ঠশিল্পীৰ আচলতে প্ৰত্যেকটা গীতৰ কথাই উপভোগ্য। থলুৱা গীত সমূহৰ বিষয়ে গৱেষণা কৰি থকা নিখিলে নৱপ্ৰজন্মৰ সোঁৱাদৰ সৈতে খাপখোৱা কিছু গীতৰ সৃষ্টিৰো ইচ্ছা প্ৰকাশ কৰিছিল।

ভাৰ্গৱ ওজাপালি আৰু নিখিল জ্যোতি শৰ্মাৰ যুঁটীয়া প্ৰচেষ্টা "মেঘনা"- 2
ভাৰ্গৱ ওজাপালি আৰু নিখিল জ্যোতি শৰ্মাৰ যুঁটীয়া প্ৰচেষ্টা "মেঘনা"- 3


বৰ্তমান সময়ৰ গুৰুত্বপূৰ্ণ কথাটো এয়ে যে এতিয়া হাজাৰজন কন্ঠশিল্পীৰ আগমনৰ মাজত কিছু এনেও আছে; যাৰ সংগীতক লৈ সংগীত প্ৰেমী শ্ৰোতাই সংগীত ক্ষেত্ৰখনৰ ভৱিষ্যত পৰিকল্পনা কৰিব পাৰে।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform