Rupaliparda.com
আহি আছে কৰৱী শৰ্মাঃ এইবাৰ নিগেটিভ নে পজিটিভ? 1

আহি আছে কৰৱী শৰ্মাঃ এইবাৰ নিগেটিভ নে পজিটিভ?

মল্লিকা বৰুৱা; চৰিত্ৰটোৱে আপোনালোকক আপ্লুত কৰিছিল অথবা এই চৰিত্ৰ ৰূপায়ন কৰা অভিনেত্ৰী গৰাকীৰ ব্যক্তিত্বইও আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল দৰ্শকক। এইগৰাকী অভিনেত্ৰীৰে অনুৰাগীলৈ আমি লৈ আনিছো এক সুখবৰ। অতিশীঘ্ৰে আন এখন ধাৰাবাহিকৰ এটি চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা যাব অভিনেত্ৰী কৰৱী শৰ্মাক। ধাৰাবাহিকখনৰ সৱিশেষ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও ইয়াৰ নাম হৈছে “অমানিশা”। শেহতীয়াকৈ শ্বুটিং আৰম্ভ হোৱা এই ধাৰাবাহিকখনৰ বিভিন্ন পোষ্ট শ্বেয়াৰ কৰিছে অভিনেত্ৰী গৰাকীয়ে। এগৰাকী সহজ-সৰল ভনীয়েকৰ পৰা পিছলৈ গৈ এজনী খঙাল ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰা কৰৱীয়ে ৰিয়েল লাইফত খুবেই ধেমালি কৰে। “তোমাৰ মৰমে মোক” কৰা চৰিত্ৰটোৰ দ্বাৰা দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ উঠা এই গৰাকী অভিনেত্ৰী বৰ্তমান সময়ৰ পৰিচালকৰ বাবে প্ৰিয় নাম বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। অভিনয়ৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাই লোৱা যদিও একাগ্ৰতাৰ দ্বাৰা আৰম্ভণি হোৱা কৰৱীৰ অভিনয় জীৱনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

আহি আছে কৰৱী শৰ্মাঃ এইবাৰ নিগেটিভ নে পজিটিভ? 2
আহি আছে কৰৱী শৰ্মাঃ এইবাৰ নিগেটিভ নে পজিটিভ? 3


“লক-ডাউন” ৰ সময়ছোৱাত ব্যক্তিগত ইউটিউব চেনেলৰ মুকলি কৰি লৈছিল অভিনেত্ৰী গৰাকীয়ে। অনুৰাগীক আকৰ্ষণ কৰাৰ মানসেৰে ভিন্ন পোষ্ট দি অভিনেত্ৰী গৰাকীয়ে স্তব্ধতাৰ সময়ছোৱাত নিজক ব্যস্ত কৰি ৰাখিছিল। সুশান্ত সিং ৰাজপুতৰ অনুৰাগী এইগৰাকী অভিনেত্ৰীয়ে ৰূপালীপৰ্দাৰ সৈতে হোৱা সাক্ষাৎকাৰতো ভৱিষ্যতে বলীউডৰ এই অভিনেতাগৰাকীৰ সৈতে অভিনয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। কৰৱীয়ে কৈছিল যে,”তেওঁৰ অভিনয় বুলিয়ে নহয় তেওঁৰ কথাবোৰ, তেওঁ পাৰ্ছনেলিটী, তেওঁৰ অভিনয়ৰ এক্সপ্ৰেচনবোৰ; এই আটাইবোৰেই মোৰ ভাল লাগে। আনকি, তেওঁক মই ফ’লও কৰো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.