Rupaliparda.com
চাৰি বছৰৰ পৰা মানসিক ৰোগী আমিৰ খানৰ জীয়ৰীঃ "জীৱন" ৰ সংজ্ঞা দিলে ইৰাই- 1

চাৰি বছৰৰ পৰা মানসিক ৰোগী আমিৰ খানৰ জীয়ৰীঃ “জীৱন” ৰ সংজ্ঞা দিলে ইৰাই-

কেৱল মাত্ৰ সাধাৰণ জনেই নহয়; মানসিক ৰোগী হ’ব পাৰে বিভিন্ন জন প্ৰভাৱশালী ব্যক্তিও। বিগত “মেন্টেল হেল্থ দে” ক উদ্দেশ্যি বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ জীয়ৰীয়ে এক ভিডিঅ’ শ্বেয়াৰ কৰে য’ত তেওঁ নিজ মানসিক স্থিতিৰ বিষয়ে ব্যক্ত কৰে। ১০ অক্টোবৰ তাৰিখে উদযাপিত এই দিনটোত ইৰা খানে কয় যে তেওঁ যোৱা ৪ টা বৰ্ষৰ পৰাই হতাশগ্ৰস্ততাৰ সৈতে যুঁজি আছে। নিজ অনুভৱৰ কথা প্ৰকাশ কৰি ইৰা খানে কয় যে, “মই যোৱা ৪ বছৰৰ পৰা মানসিক ৰোগী; এইক্ষেত্ৰত মোৰ চিকিৎসাও অব্যাহত আছে। কিন্তু, মই এতিয়া ভাল অনুভৱ কৰি আছো। যোৱা বহু সময়ৰ পৰাই এই “মানসিক ৰোগ” ক লৈ কিবা কৰিবলৈ ইচ্ছা কৰিছিলো কিন্তু কি কৰো বুজি পোৱা নাছিলো গতিকে নিজ মনৰ কথাই ব্যক্ত কৰিলো। ইৰাই ভিডিঅ’টোত নিজ কাহিনীৰ কোৱাৰ সমান্তৰালকৈ ভিন্ন প্ৰশ্ন কৰে। ভিডিঅ’টোৰ সৈতে ইৰাই দিয়া কেপছনটোৱেও বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। তেওঁ কয় যে, “জীৱনটোত বহু কিছু চলি আছে আৰু বহু লোকে বহু কথা ক’বও খুজি আছে।”

https://www.instagram.com/p/CGK5pCuAqdG/?utm_source=ig_web_copy_link

চাৰি বছৰৰ পৰা মানসিক ৰোগী আমিৰ খানৰ জীয়ৰীঃ "জীৱন" ৰ সংজ্ঞা দিলে ইৰাই- 2
চাৰি বছৰৰ পৰা মানসিক ৰোগী আমিৰ খানৰ জীয়ৰীঃ "জীৱন" ৰ সংজ্ঞা দিলে ইৰাই- 3


তেওঁ আগলৈ কয় যে, ” বস্তুবোৰ হতাশপূৰ্ণ, ভ্ৰমিত, সাধাৰণ তথা সকলোবোৰ ঠিক হ’লেও ক’ৰবাত কিবা যেন ঠিক নহয়। আৰু এয়াই জীৱন।” ইৰা খানে বৰ্তমান অভিনয়তকৈা অধিক গুৰুত্ব পৰিচালনাত দিশটোত দিছে আৰু শেহতীয়াকৈ তেওঁ এখন “নাটক” ৰো পৰিচালনা কৰে। ইয়াৰ উপৰিও আমিৰ খানৰ জীয়ৰী ইৰা প্ৰায়ে তেওঁৰ ফটো সমূহৰ বাবেও চৰ্চা লাভ কৰে। য’ত একাংশ নেপোকিডক লৈ কোঁচকাৱাজ বলীউড ক্ষেত্ৰখনত চলি থাকে তাতে একাংশ ইৰা খানৰ দৰেও নেপোকিড আছে যাৰ অভিনয়তকৈ অধিক ইচ্ছা আছে পৰিচালনাৰ দিশটোত। আগন্তুক সময়ত ইৰা খানৰ বলীউড ক্ষেত্ৰখনত কেতিয়ালৈ আগমন ঘটিব সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.