“লক-ডাউন” ৰ মাধমাৰৰ ফলত পৰিৱেশ্য কলাৰ সৈতে জড়িত নৃত্য, নাটক, থিয়েটাৰ আদি বিভিন্ন কলাত স্তব্ধতা আহি পৰিছিল। অজান আশংকাত ভুগি বিভিন্ন জনে কৰা মন্তব্যও আমি সংবাদত মাধ্যম যোগে দেখিবলৈ পাইছিলো। কিন্তু ৰাজ্য চৰকাৰৰ অনুমতি মৰ্মে শেহতীয়াকৈ পৰিৱেশ্য কলাৰ কিছু অংশ খুলি দিয়া হৈছে। ৫০ শতাংশ দৰ্শকৰ সৈতে হ’লেও নৃত্য তথা নাটক আদি পৰিৱেশনৰ অনুমতি প্ৰদান কৰা হৈছে। গতিকে, এনে পৰিপ্ৰেক্ষিততে অসমীয়া একাংশ অভিনেতা-অভিনেত্ৰীে দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে। নাট্য প্ৰেমী সকলৰ মাজত উৎসাহৰ সৃষ্টি কৰি চলিত মাহৰ ১৮ আৰু ১৯ তাৰিখে ৰৱীন্দ্ৰ ভৱনত আবেলি ৪.৩০ আৰু ৬.৩০ বজাত পৰিৱেশন কৰা হ’ব এখন নাটক “বাউলী মেঘৰ সাধু”। যোৱা ৭ মাহৰ স্তব্ধতাৰ পিছত এখন নাটক অনুষ্ঠিত কৰিবলৈ পাই যিমান সুখী হৈছে অভিনেতা-অভিনেত্ৰীকে ধৰি পৰিচালক গোষ্ঠী; তাতকৈ দুগুণ উৎসাহী হৈ পৰিছে অসমীয়া নাট্যপ্ৰেমী দৰ্শক। ইতিমধ্যে নাটক উপভোগৰ বাবে টিকেটৰ ব্যৱস্থা কৰা হৈছে। আসনৰ সংখ্যা সীমিত বাবেই আজিৰ পৰা অহা ১৭ তাৰিখ পৰ্যন্ত টিকেট দিয়া হ’ব গুৱাহাটীৰে একাংশ ৰেষ্টুৰা তথা হোটেলত। নাটকখনৰ পোষ্টাৰ খনতেই ইয়াৰ টিকেট উপলদ্ধ স্থান সমূহ দি দিয়া হৈছেঃ
!["লক-ডাউন" ৰ পিছৰ প্ৰথমখন নাট "বাউলী মেঘৰ সাধু"- 2 "লক-ডাউন" ৰ পিছৰ প্ৰথমখন নাট "বাউলী মেঘৰ সাধু"- 2](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2020/10/120960540_3637237833005755_5969790469265600157_o.jpg?resize=770%2C770&ssl=1)
!["লক-ডাউন" ৰ পিছৰ প্ৰথমখন নাট "বাউলী মেঘৰ সাধু"- 3 "লক-ডাউন" ৰ পিছৰ প্ৰথমখন নাট "বাউলী মেঘৰ সাধু"- 3](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2020/10/120928170_3627445637318308_7352560851563973175_o.jpg?resize=770%2C770&ssl=1)
“লক-ডাউন” সমাপ্তিৰ পিছত প্ৰথমখন নাট্য আৰু তাতেই দেখিবলৈ পোৱা যাব কেইবাটাও সুন্দৰ যুঁটি। নৱপ্ৰজন্মৰ উদীয়মান পৰিচালক প্ৰণৱ ভৰালী পৰিচালনাৰে নিৰ্মিত নাটকখনৰ কাহিনী হৈছে অসমৰ জনপ্ৰিয় কুকীল কন্ঠী গায়িকা তৰালী শৰ্মাৰ। আৰু, ৰচনা প্ৰণৱ ভৰালীৰ। এই পৰিচালক গৰাকীৰ যথেষ্ট সৃষ্টিক ইতিমধ্যে দৰ্শকে উপভোগ কৰাৰ লগতে এই সমূহে সঁহাৰিও লাভ কৰিছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। আনহাতে, তৰালী শৰ্মাৰ কন্ঠৰ সমান্তৰালকৈ তেওঁৰ মাজত থকা আন এক সুন্দৰ প্ৰতিভাৰো বহিঃপ্ৰকাশ হৈছিল এই “লক-ডাউন” ৰ সময়ছোৱাত। “নিচুঁকনি” শীৰ্ষক এখন চুটি ছবিত কন্ঠশিল্পী গৰাকীৰ কাহিনী আৰু পৰিচালনাৰ এক সুন্দৰ আভাষ লাভ কৰিছিল জনসাধাৰণে।
!["লক-ডাউন" ৰ পিছৰ প্ৰথমখন নাট "বাউলী মেঘৰ সাধু"- 4 "লক-ডাউন" ৰ পিছৰ প্ৰথমখন নাট "বাউলী মেঘৰ সাধু"- 4](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2020/10/117303390_2858781830892740_5239235981001627418_o.jpg?resize=768%2C1024&ssl=1)
উল্লেখ্য যে, নাটখনত অভিনয় কৰিবলগীয়া অভিনেতা-অভিনেত্ৰীৰ নামবোৰেও উৎকন্ঠাৰ সৃষ্টি কৰিছে। বৰষা ৰাণী বিষয়া, জলী লস্কৰ, কমল লোচন, কৌশিক নাথ আৰু অতনু মহন্তৰ অভিনয়েৰে নিৰ্মিত এই নাটকখন উপভোগ্য হ’ব বুলিও একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। জনপ্ৰিয় বহু তাৰকাৰ যুঁটিৰ এই নাটকখন লেখত ল’বলগীয়া।
Add comment