Rupaliparda.com
বন্ধুলৈ উচৰ্গিত আশুতোষ মহাদেৱ ফুকনৰ "অ বন্ধু"- 1

বন্ধুলৈ উচৰ্গিত আশুতোষ মহাদেৱ ফুকনৰ “অ বন্ধু”-

জীৱনত একোজন বন্ধুৰ মহত্ব প্ৰত্যেকেই বুজে। আচলতে, কিছু এনেও বন্ধু আছে যাৰ বাবে জীৱনৰ বহু উচ্চাকাংক্ষাও সফল কৰিব পৰা যায়। কিন্তু, হঠাৎ যেতিয়া বন্ধুজন জীৱনৰ পৰা আঁতৰি যায় তেতিয়া প্ৰতিটো মূহুৰ্তৰ অনুভৱবোৰ বৰ কঠিন হৈ পৰে। মনোৰঞ্জন ক্ষেত্ৰখনত এনে বহু সৃষ্টি আছে; যিবোৰ উচৰ্গা কৰা হৈছে বন্ধুক লৈ। শেহতীয়াকৈ আশুতোষ মহাদেৱ ফুকনৰ কন্ঠৰে মুক্তি লাভ কৰিছে “অ’ বন্ধু” শীৰ্ষক এটি গীত। তেওঁৰ “জাক হেৰুৱা পখী” এলবামটোত অন্তৰ্ভূক্ত দুটি গীত ক্ৰমে “নদী” আৰু “চিঞৰি চিঞৰি” য়ে ইতিমধ্য লাভ কৰিছে মুক্তি। উক্ত দুইটা গীতেই শ্ৰোতাৰ সঁহাৰি তথা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সপ্তম শ্ৰেণীৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰা এই গৰাকী কন্ঠশিল্পীয়ে অষ্টম শ্ৰেণীত কৰিছিল নিজে লিখি উলিওৱা গীতটিৰ পৰিচালনা। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “অ বন্ধু” শীৰ্ষক গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সংগীত আৰু প্ৰযোজনাও আশুতোষৰ। শব্দ সংমিশ্ৰণ কৰিছে মানৱ জ্যোতি বৰা আৰু বাঁহী বজাইছে ভাস্কৰ জ্যোতি কলিতাই।


নিজ ঘনিষ্ঠ বন্ধুৰ দূৰ্ঘটনাত হোৱা মৃত্যুৰ পিছতেই উক্ত গীতটিৰ সৃষ্টি কৰিছিল আশুতোষে। প্ৰতিটো মূহুৰ্তত সংগীতৰ সৈতে জড়িত হ’বলৈ বিচৰা এইগৰাকী কন্ঠশিল্পীয়ে এক সাক্ষাৎকাৰ যোগে কয় যে তেওঁৰ বাবে সংগীত একপ্ৰকাৰৰ ধ্যান; যাক কৰি তেওঁ নিজৰ আত্মাক শান্তি দিব পাৰে। নৱপ্ৰজন্মৰ কন্ঠশিল্পী আশুতোষে সংগীত অবিহনে জীয়াই থকাটোও অসম্ভৱ বুলি ব্যক্ত কৰিছিল তেওঁ। সৰুৰ পৰা সংগীতৰ পৰিৱেশ লাভ নকৰিলেও তেওঁলোকৰ ওচৰে-পাজৰে দৈনন্দিন হিচাপত চলি থকা কিছু নিয়মে তেওঁলোকক আকৰ্ষণ কৰে “কলা” ৰ প্ৰতি। সেয়া কেৱল সংগীত বুলিয়ে নহয় আন বহু ক্ষেত্ৰতো ই প্ৰযোজ্য।

বন্ধুলৈ উচৰ্গিত আশুতোষ মহাদেৱ ফুকনৰ "অ বন্ধু"- 2


এনেদৰেই এইগৰাকী বৰ্তমান সময়ছোৱাৰ কন্ঠশিল্পী নামি পৰিছিল সংগীত ক্ষেত্ৰৰ দিশে। নিজ মাতৃৰ সৈতে নিতৌ সন্ধিয়া একোটা প্ৰাৰ্থনা গাই মন-মগজুত সংগীতৰ প্ৰতি নিষ্ঠাৰ সৃষ্টি কৰিছিল আশুতোষ মহাদেৱ ফুকনে। পৰিস্থিতি সমূহক কেন্দ্ৰ কৰি সৃষ্টি হোৱা একোটা সংগীতত নৱপ্ৰজন্মৰ প্ৰতিভা ফুটি উঠা দেখিবলৈ পোৱা যায়। আহিবলগীয়া সময়ত আশুতোষৰ কন্ঠৰে মুক্তিপাবলগীয়া গীত সমূহৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ ফালৰ পৰা যাঁচিছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform