মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আহিবলগীয়া গীত “চিলা” ৰ প্ৰমো। | বহু দিনৰ পৰা তেওঁৰ আহিবলগীয়া এই গীতটিক লৈ বহুল প্ৰস্তুতি দেখিবলৈ পোৱা গৈছিল। অহা ১৮ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া এই গীতটিৰ আজিৰ প্ৰমো’টোৱে উৎকন্ঠাৰ সৃষ্টি কৰিছে অনুৰাগীৰ মাজত। গীতটিৰ কথাৰ লগতে ইয়াৰ পৰিচালনা আৰু ইয়াত সংগীত দিয়াৰ দায়িত্বতো আছিল হাৰ্টথ্ৰৱ গৰাকী। গীতটিৰ ভিডিঅ’ পৰিচালনা বিতুপন কাশ্যপৰ আৰু দৃশ্যগ্ৰহণ বিতুল দাসৰ; ভিডিঅ’টোত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছে নীলিম মহন্ত আৰু শ্ৰেয়া বৰঠাকুৰে। চলিত বৰ্ষৰ আৰম্ভণিতেই জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁক কিছুদিন জিৰণি লোৱাৰ মানসেৰে লৈ যোৱা হৈছিল মুম্বাইলৈ। মায়ানগৰীৰ পৰা উভতি অহা পিছতেই একক কন্ঠৰ “চিলা” ক লৈ ব্যস্ত আছিল জুবিন গাৰ্গ।

অৰ্থনৈতিক বিপ্লৱ অনাৰ মানসেৰে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা আলোচনাৰ পিছত জুবিন গাৰ্গক লৈও একাংশই সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিল। তৎস্বত্বেও, জুবিন গাৰ্গে বাৰম্বাৰ নিজৰ স্থিতি অটল থকাৰ সিদ্ধান্ত লৈ “কা” বিৰোধী আন্দোলনত সক্ৰিয় ৰূপে পুনৰ বাৰ থিয় দিয়াৰো কথা সুঁৱৰাই দিয়ে।
Add comment