Rupaliparda.com
দূৰ্গা মাক আদৰিবলৈ দীপলিনা ডেকাৰ নতুন সৃষ্টি "মা দূৰ্গা"- 1

দূৰ্গা মাক আদৰিবলৈ দীপলিনা ডেকাৰ নতুন সৃষ্টি “মা দূৰ্গা”-

শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন। বৰ্তমান পৰিস্থিতিয়ে কোঙা কৰিলেও বহুতৰে বাবে আৱেগৰ এই পূজা ভাগ। শৰতৰ শেৱালিৰ লগতে দূৰ্গা মাৰ আগত কৰা আঁৰতিৰ গোন্ধয়ে মন পৱিত্ৰ কৰাৰ লগতে প্ৰত্যেককে আগন্তুক সময়বোৰ সূস্থ ভাৱে পাৰ কৰিবলৈও উদ্গনি যোগায়। এইবাৰ জনসাধাৰণ ৰঙালী বিহুৰ পৰাও বঞ্চিত হৈছিল যদিও অসমীয়া সংগীত শিল্পীৰ লগতে একাংশ অভিনেতা-অভিনেত্ৰীয়ে চচিয়েল মিডিয়া যোগেই তেওঁলোকৰ নিজ নিজ অনুৰাগীক আপ্লুত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছিল। চচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰি মনোৰঞ্জন প্ৰদানৰ ইচ্ছা কৰিছিল এওঁলোকে। চলিত বৰ্ষৰ দূৰ্গা পূজাটো যদিও কিছু বাধ্য-বাধকতাৰ মাজেৰেই পাৰ হ’ব তৎস্বত্বেও এগৰাকী কন্ঠশিল্পীয়ে নিজ অনুৰাগীৰ বাবে লৈ আনিছে তেওঁৰ আহিবলগীয়া প্ৰকল্পৰ বাতৰি। দীপলিনা ডেকাৰ কন্ঠৰে দূৰ্গা পূজা উপলক্ষে মুক্তি পাব এটি গীত “মা দূৰ্গা”।

https://www.instagram.com/p/CGT9beaB2-R/?utm_source=ig_web_copy_link

দূৰ্গা মাক আদৰিবলৈ দীপলিনা ডেকাৰ নতুন সৃষ্টি "মা দূৰ্গা"- 2


গীতটিৰ সৱিশেষ জানিব পৰা হোৱা নাই যদিও মা দূৰ্গাক আদৰিবলৈ দীপলিনাৰ গীতটিক লৈ অপেক্ষাৰত কন্ঠশিল্পী গৰাকীৰ একাংশ অনুৰাগী। কিছু দিন পূৰ্বে চচিয়েল মিডিয়াত তেওঁ গীতটিৰ এক অংশ ৰাইজৰ মাজত উলিয়াই দিছিল। আচলতে, দীপলিনা ডেকা বৰ্তমান সময়ৰ এনে এগৰাকী তাৰকা কন্ঠশিল্পী; যাৰ প্ৰতিটো প্ৰকল্পৰ বাবে অপেক্ষাৰত অনুৰাগী। তেওঁ অভিনীত সদ্যমুক্তিপ্ৰাপ্ত চুটি ছবিখনেও ইতিমধ্যে লাভ কৰিছে বহুল প্ৰশংসা। তেওঁৰ অভিনয়ক সঁহাৰি জনোৱাও দেখিবলৈ পোৱা গৈছে অনুৰাগীক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.