কংগনা ৰাণাওঁট বলীউডৰ “কুইন” ৰূপে খ্যাতি লাভ কৰিলেও তেওঁৰ অনুৰাগীৰ সংখ্যাতকৈ তেওঁক সমালোচনা কৰা লোকৰ সংখ্যা বেছি। অভিনেত্ৰী গৰাকীয়ে ক’ৰোণা ভাইৰাছৰ মাজতে নিজ শ্বুটিং আৰম্ভ কৰিছে; “থলাইবী” ৰ খবৰ অহা পিছৰ পৰাই চৰ্চাত আছে কংগনা ৰাণাওঁট। তেওঁ শেহতীয়াকৈ চচিয়েল মিডিয়াত এখন কচৰৎ কৰি থকা ফটো আপলোড কৰে য’ত তেওঁ ২০ কেজি ওজন কমোৱাৰ কথা উল্লেখ কৰে। তেওঁৰ এই পোষ্টটোতে একাংশই সমালোচনা কৰা আৰম্ভ কৰে। তেওঁ “থলাইবী” ৰ পিছৰ ছবিখনৰ বাবে আকৌ এবাৰ নিজ ওজন কমাবলগীয়াত পৰিছে। তেওঁ পোষ্ট যোগে লিখে যে, “মই থলাইবী ৰ বাবে ২০ কেজি ওজন বৃদ্ধি কৰি লৈছিলো কিন্তু এতিয়া আকৌ এবাৰ মোৰ নিজৰ আগৰ সংস্কৰণলৈ ঘূৰি আহিব লাগিব। ৰাতিপুৱা উঠি ফুৰিবলৈ যাম; মোৰ সৈতে কোন কোন আছে?” এই পোষ্টটোতেই তেওঁক একাংশই প্ৰশংসা কৰে আৰু আন একাংশই তেওঁক ট্ৰোল কৰা আৰম্ভ কৰে।

এজনে য’ত লিখে যে, “আন্টি, আপুনি নিজৰ মূৰত থকা গোৱৰ আঁতৰাই দিয়ক, তেতিয়া সকলো ঠিক আছে।” “লক-ডাউন” ৰ সময়ত কংগনাই “থলাইবী” ৰ সৈতে জড়িত মজদুৰ সকলক সহায় আগবঢ়াইছিল। “Employees Fedaration of South India” ৰ সৈতে জড়িত মজদুৰলৈ তেওঁ ১০ লাখ টকাৰ অনুদান আগবঢ়ায়। অভিনেত্ৰী গৰাকীয়ে ৫ লাখ টকা “Employees Fedaration of South India” ৰ ৰিলিফ ফাণ্ডলৈ পঠিয়ায় আৰু আন ৫ লাখ টকা তেওঁৰ আহিবলগীয়া ছবি “থলাইবী” ৰ সৈতে জড়িত মজদুৰ সকললৈ প্ৰেৰণ কৰে যি টকা তেওঁলোকৰ একাউন্ট সমূহত দিয়া হৈছিল।
Add comment