Rupaliparda.com
"#RefuseTheAbuse" ৰ হুংকাৰ প্ৰিয়া প্ৰকাশ ৱাৰিয়ৰৰঃ 1

“#RefuseTheAbuse” ৰ হুংকাৰ প্ৰিয়া প্ৰকাশ ৱাৰিয়ৰৰঃ

চচিয়েল মিডিয়াই কোনো লোকক আগবঢ়াইও নিব পাৰে অথবা কোনো লোকক তললৈও টানি আনিব পাৰে। ই এক বৰদান সদৃশ অথবা ই কেতিয়াবা অভিশাপো হৈ পৰে। চচিয়েল মিডিয়াৰ ফলত কেতিয়াবা একাংশ এটা ৰাতিৰ ভিতৰতে হৈ পৰে চিলেব্ৰেটী। কিন্তু, কেতিয়াবা এনেও হৈ যে এটা ৰাতি ভিতৰত তেওঁলোকৰ প্ৰাপ্য খিনি হেৰাইও যায়। এটা চকু টিপেৰে নিশাটোৰ ভিতৰতে জনপ্ৰিয় হোৱা প্ৰিয়া প্ৰকাশ ৱাৰিয়ৰে শেহতীয়াকৈ শ্বেয়াৰ কৰা এখন ফটোত দৰ্শকৰ সমালোচনা কৰা দেখা পোৱা যায়। ফটোখনত অভিনেত্ৰী গৰাকীৰ এক সুন্দৰ ৰূপ উপস্থাপন হৈছিল যদিও একাংশই তেওঁৰ এই ফটোত অশ্লীল আৰু অভদ্ৰ বুলি কমেন্ট কৰে। কিন্তু, তৎস্বত্বেও এই কমেন্টবোৰক গম্ভীৰ ৰূপত গ্ৰহণ কৰা নাই অভিনেত্ৰী গৰাকীয়ে আৰু তাৰ পিছতেই চচিয়েল মিডিয়াত নিজ মন্তব্য ব্যক্ত কৰে প্ৰিয়াই। তেওঁ লিখে যে, “ঐ বন্ধুসকল! মোৰ শেহতীয়া পোষ্টত কিছুমানে সমালোচনা কৰা মই দেখিছিলো। মই সকলোবোৰ নাই পঢ়া যদিও আগৰখিনি পঢ়িছিলো।”

"#RefuseTheAbuse" ৰ হুংকাৰ প্ৰিয়া প্ৰকাশ ৱাৰিয়ৰৰঃ 2
"#RefuseTheAbuse" ৰ হুংকাৰ প্ৰিয়া প্ৰকাশ ৱাৰিয়ৰৰঃ 3
"#RefuseTheAbuse" ৰ হুংকাৰ প্ৰিয়া প্ৰকাশ ৱাৰিয়ৰৰঃ 4


আগলৈ তেওঁ কয় যে,”সেইবাবে মই ভাবিলো যে তেওঁলোকক মই প্ৰশংসা কৰিব লাগে আৰু হয়টো তেওঁলোকেও এয়াই বিচাৰে। তেওঁলোকক হাত চাপৰি বজাই মই প্ৰশংসা কৰিব লাগে। নহ’লেনো তেওঁলোকে এনেধৰণৰ পোষ্ট কিয় কৰিলেহেঁতেন! এনেও মোক সকলোৰে সৈতে থাকিবলৈ শিকোৱা হৈছে। এয়া মোৰ বাবে নতুন নহয়; মই নিতৌ ট্ৰোলিঙৰ সন্মুখীন হওঁ আৰু মই গৰ্ব কৰি কওঁ যে এনেবোৰ সমালোচনাৰ পিছতো মই এইক্ষেত্ৰখনত আগবাঢ়িব পাৰিছো। এতিয়ালৈ মাত্ৰ ইমানেই… #ItsADressNotAYes #RefuseTheAbuse”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.