Rupaliparda.com
ভাৰতবৰ্ষৰ প্ৰথম গৰাকী অস্কাৰ বিজেতা ভানু অথেয়াৰ মৃত্যুঃ 1

ভাৰতবৰ্ষৰ প্ৰথম গৰাকী অস্কাৰ বিজেতা ভানু অথেয়াৰ মৃত্যুঃ

চলিত বৰ্ষটোত ইটোৰ পিছত সিটো বেয়া খবৰে শোকাহত কৰি তুলিছে প্ৰত্যেককে। বলীউড ক্ষেত্ৰখনে বিগত কেইবামাহৰ পৰাই যেন একোজন দক্ষ প্ৰতিভাৰ মৃত্যুৰহে খবৰ শুনিছে। আজি ভাৰবৰ্ষৰ প্ৰথম গৰাকী অস্কাৰ বিজেতা তথা কষ্টিউম ডিজাইনাৰ ভানু অথেয়াই নিজ বাসগৃহত শেষ উশাহ লয়। ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত “চিআইডি” ছবিখনৰ পৰা এই গৰাকী ডিজাইনাৰে নিজ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৮৩ চনত মুক্তি লাভ কৰা “গান্ধী” ছবিখনত কৰা কষ্টিউম ডিজাইনিঙৰ বাবে ভানুয়ে লাভ কৰিছিল অস্কাৰ । ৰাজ কাপুৰ, য়শ চোপ্ৰা, আশুতোষ গোৱাৰিকৰৰ দৰে কেইবাগৰাকীও অভিনেতাৰ কষ্টিউম ডিজাইন কৰিছিল। দীৰ্ঘদিনৰ পৰা বেমাৰত ভুগি থকা ভানু অথেয়াই নিজ ৯১ বছৰত ইহলীলা সম্বৰণ কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.