Rupaliparda.com
"নিজকে এটা মোবাইলৰ এপ ৰূপে পৰিচালিত কৰিব লাগে"- ভাৰ্গৱ ওজাপালি 1

“নিজকে এটা মোবাইলৰ এপ ৰূপে পৰিচালিত কৰিব লাগে”- ভাৰ্গৱ ওজাপালি

সুৰ, সংগীত অথবা এটা সম্পূৰ্ণ গীত হ’বলৈ ব্যৱহৃত আটাইবোৰ কাৰিকৰী ব্যৱস্থাতকৈ গুৰুত্বপূৰ্ণ হৈছে এটা গীতৰ “কথা”। শেহতীয়াকৈ মুক্তি লাভ কৰা “মেঘনা” শীৰ্ষক গীতটিত দেখিবলৈ পোৱা গৈছিল “কথা” ৰ গুৰুত্ব। গীতটিৰ সৈতে জড়িত হৈ আছিল নৱপ্ৰজন্মৰ সংগীতশিল্পী ভাৰ্গৱ ওজাপালি। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে তেওঁৰ আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মই তৃতীয় শ্ৰেণীৰ পৰাই এই সংগীত জগতখনত খোজ দিছিলো। মোৰ পৰিয়ালতো আচলতে এক সুন্দৰ সাংগীতিক পৰিৱেশ আছিল য’ত মোৰ দেউতা আৰু পেহী লোকসংগীতৰ সৈতে জড়িত আছিল। মোক এই ক্ষেত্ৰখনত নামিবলৈ কোনোৱে জোৰ দিবলগীয়া হোৱা নাছিল; সপ্তম মান শ্ৰেণীত সংগীতক নিজৰ শিক্ষাৰ এক বিষয় ৰূপে পৰিগণিত কৰি মই ইণ্ডিয়ান ক্লাচিকেলৰ জ্ঞান আয়ত্ব কৰিলো। কলেজত পঢ়ি থকা সময়ছোৱাতো এগৰাকী সাংস্কৃতিক সম্পাদক ৰূপে সক্ৰিয় হৈ আছিলো আৰু পিছলৈ মই SASAC ত মিউজিক টেকনলজি আৰু অডিঅ’ ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিলো; পেছাগত ভাৱে এই জগত খনৰ সৈতে মই ২০১৩ চনৰ পৰাহে জড়িত হৈছিলো।” সংগীত “নিচা নে পেচা” বুলি কৰা প্ৰশ্নৰ উত্তৰত ভাৰ্গৱে একাষাৰে সংগীত তেওঁৰ বাবে “পেচা” বুলি উত্তৰ দিয়ে।

"নিজকে এটা মোবাইলৰ এপ ৰূপে পৰিচালিত কৰিব লাগে"- ভাৰ্গৱ ওজাপালি 2


তেওঁ কয় যে, “যিহেটো মই ২০১২-১৩ চনৰ পৰা এই ক্ষেত্ৰখনৰ সৈতে জড়িত। আৰু, আচলতে মোৰ সংগীতৰ প্ৰতি থকা “নিচা” ই মোক সংগীতৰ পেচাদাৰী জগতলৈ ঠেলি দিছে। মই একপ্ৰকাৰ সুখীও যে মই যি কাম কৰি প্ৰশান্তি লাভ কৰো তাৰ বিনিময়ত মই টকাও লাভ কৰো। মোৰ বাবে সংগীত কিয় “পেচা” বুলি সোধা প্ৰশ্নৰ উত্তৰত মই ক’ব লাগিব যে এখন কৰ্মক্ষেত্ৰত অথবা এটা নিৰ্দ্দিষ্ট গোটত যেতিয়া আমি যোগদান কৰো তেতিয়া আমাৰ সেই ক্ষেত্ৰখনৰ প্ৰতি নিষ্ঠা তথা দৃঢ়তা আৰু তাত দিয়া প্ৰতিশ্ৰুতিটো অত্যন্ত জৰুৰী হৈ পৰে। প্ৰতিযোগিতা মূলক এই সময়ত আমি য’তেই খোজ নিদিওঁ কিয় তাত আমি নিজক আগুৱাই নিবলৈ বস্তুবোৰ গুৰুত্বসহকাৰে লোৱা উচিত তেতিয়াহে দৰ্শক-শ্ৰোতাই আমাক সঁহাৰি জনাব। এগৰাকী মিউজিচিয়ান অথবা সংগীত প্ৰযোজক ৰূপে মই নিজকে এটা মোবাইলৰ এপ ৰূপে পৰিচালিত কৰিব লাগে যাতে মই সদায় নতুন আপডেট দৰ্শকক দিব পাৰো। মই নতুন চাউণ্ড আৰু মিউজিক তথা চফটৱেৰৰ সন্ধানত থাকো; যাতে মই নতুন কিছু বস্তুৰে দৰ্শকক আমোদ যোগাব পাৰো।”

"নিজকে এটা মোবাইলৰ এপ ৰূপে পৰিচালিত কৰিব লাগে"- ভাৰ্গৱ ওজাপালি 3


আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “বৰ্তমান মই মোৰ ব্যক্তিগত ইউটিউব চেনেল “ভাৰ্গৱ ওজাপালি” ত গুৰুত্ব দি আছো আৰু নতুন কিছু যুঁটীয়া প্ৰচেষ্টাৰ কথা চিন্তা কৰি আছো। কিছুমান উমৈহতীয়া প্ৰকল্প আছে, বলীউডৰ মিকা সিঙৰ সৈতে মই সংগীত কৰা এটা গান হয়টো অহা বছৰত উপলদ্ধ হ’ব লগতে বিজ্ঞাপনৰ সৈতে জড়িত কিছু সংগীতৰ কাম আহি আছে। মই ইতিমধ্যে ১০০০ হাজাৰতকৈও অধিক বেণ্ডৰ সৈতে কাম কৰাৰ অভিজ্ঞতা লাভ কৰিছো। আশা কৰিছো, অতিশীঘ্ৰে আন কিছু নতুন প্ৰকল্পৰে আপোনালোকৰ কাষ চাপিবলৈ সক্ষম হ’ম।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform