Rupaliparda.com
অসম প্ৰতিভাক নতুন ৰূপ দিবলৈ বি-টাউন নিৰ্মাতা ৰাজেশ বেৰী আৰু অসম নয়ন নীলিমৰ নতুন চিন্তাঃ আহি আছে ABZY COOL 1

অসম প্ৰতিভাক নতুন ৰূপ দিবলৈ বি-টাউন নিৰ্মাতা ৰাজেশ বেৰী আৰু অসম নয়ন নীলিমৰ নতুন চিন্তাঃ আহি আছে ABZY COOL

ক’ৰোণা ভাইৰাছৰ ফলত হোৱা “লক-ডাউনে” ইতিমধ্যে বিভিন্ন ঠাইত সৃষ্টি কৰিছে মণ্ডাৱস্থাৰ। য’ত একাংশই আৰ্থিক অনাটনৰ সন্মুখীন হৈছে তাতেই আকৌ একাংশৰ প্ৰতিভা বিকাশৰ ৰাষ্টাতো স্তব্ধতা সানিছে এই “ক’ভিড ১৯” য়ে। “লক-ডাউন” ৰ সময়ছোৱাত বহুখিনি প্ৰতিভাৰ আমি উপলদ্ধি কৰিছো আৰু সমান্তৰালকৈ বহুখিনি নতুন সৃষ্টিও আমি উপভোগ কৰিছো। এইখিনিতে, এনে প্ৰতিভাৱান একাংশৰ বাবে আমি লৈ আনিছো এক সু-খবৰ; ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপনীত হোৱাৰ অৰ্থে বহু অসম প্ৰতিভা মায়ানগৰীলৈ গৈ নিজক জনসাধাৰণৰ মাজত চিনাকী কৰোৱাবলৈ অহৰহ প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়।আৰু, এওঁলোকৰ বাবে অতিশীঘ্ৰেই মুকলি কৰা হ’ব এটা চেনেল। মুম্বাইলৈ গৈ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে ধাৱমান হোৱা কোনোবাজন ব্যৰ্থ হৈ উভতি অহাৰ কথাও আমি প্ৰায় শুনো। নহয়নে? আকৌ সম্প্ৰতি পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি মায়ানগৰীলৈ গৈ সংঘৰ্ষ কৰা সম্ভৱপৰ হৈ উঠা নাই। গতিকে, এনেবোৰ কথাৰ ওপৰত ভিত্তি কৰিয়েই বলীউড প্ৰতিষ্ঠিত চিত্ৰনাট্যকাৰ, নিৰ্মাতা-পৰিচালক ৰাজেশ বেৰীয়ে হাতত লৈছে এক আকৰ্ষণীয় প্ৰচেষ্টা।

অসম প্ৰতিভাক নতুন ৰূপ দিবলৈ বি-টাউন নিৰ্মাতা ৰাজেশ বেৰী আৰু অসম নয়ন নীলিমৰ নতুন চিন্তাঃ আহি আছে ABZY COOL 2


উক্ত পৰিচালক গৰাকীৰ এনে প্ৰচেষ্টাত সহায় আগবঢ়াইছে অসমৰ জনপ্ৰিয় তাৰকা অভিনেতা নয়ন নীলিমে। প্ৰতিভাৰে পৰিপূৰ্ণ হ’লেও একাংশই কেতিয়াবা বিচাৰনুসৰি প্ৰাপ্যখিনি নোপোৱাত হতাশগ্ৰস্ত হৈ পৰাৰ লগতে মানসিক ভাৱে ভাঙিও পৰা দেখিবলৈ পোৱা যায়। গতিকে এনে কিছু প্ৰতিভাক নিজ গৃহ ঠাইৰ পৰাই প্ৰতিভা বিকাশৰ এখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰৰ মঞ্চ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে উক্ত পৰিচালক ৰাজেশ বেৰী তথা অসমীয়া অভিনেতা নয়ন নীলিমে। এই মঞ্চ খনৰ ব্যৱহাৰিক ভাষা হৈছে হিন্দী। দেশৰ প্ৰতিখন ৰাজ্যৰ বিভিন্ন অঞ্চলত গৈ তাৰ স্থানীয় প্ৰতিভাসম্পন্ন অভিনেতা-অভিনেত্ৰীকে ধৰি কলা-কুশলীয়ে সুৰেশ বেৰীৰ এই মঞ্চখনত কাম কৰিবলৈ লাভ কৰিব সুযোগ। ABZY COOL নামাংকনেৰে আৰম্ভ কৰিবলগীয়া এই মঞ্চখন হ’ব এক টিভি চেনেল।

অসম প্ৰতিভাক নতুন ৰূপ দিবলৈ বি-টাউন নিৰ্মাতা ৰাজেশ বেৰী আৰু অসম নয়ন নীলিমৰ নতুন চিন্তাঃ আহি আছে ABZY COOL 3


এয়াৰটেল, টাটা স্কাই, ডিছ টিভি আদি সকলোতে এই চেনেলটো উপলদ্ধ হোৱাৰ লগতে ইয়াত প্ৰদৰ্শন কৰা চুটি ছবি, চিনেমা, ধাৰাবাহিক, তথ্যচিত্ৰ তথা গীত। যোৱা ৮ অক্টোবৰৰ পৰা প্ৰথম পৰ্যায়ত অসমৰ বিভিন্ন ঠাইত ইয়াৰ কাম আৰম্ভ কৰা হৈছে। অসমৰ জনপ্ৰিয় তাৰকা অভিনেতা নয়ন নীলিমে প্ৰযোজনা আৰু নিৰ্মাণত সহযোগ আগবঢ়াই অসমৰ নতুন প্ৰতিভাসকলক ৰাষ্ট্ৰীয় স্তৰত উলিয়াই আনিবলৈ বৰ্তমানে দিনে-নিশাই কাম অব্যাহত ৰাখিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform