Rupaliparda.com
"চন্দ্ৰাৱলী" ক লৈ আশাবাদী পৰিচালক বলীন শৰ্মাঃ মে' মাহত দিব পাৰে মুক্তি- 1

“চন্দ্ৰাৱলী” ক লৈ আশাবাদী পৰিচালক বলীন শৰ্মাঃ মে’ মাহত দিব পাৰে মুক্তি-

আগন্তুক সময়ত মুক্তি পাবলগীয়া একাংশ পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ ভিতৰত এখন প্ৰত্যাশিত ছবি হৈছে “চন্দ্ৰাৱলী”। AB প্ৰযোজনা গোষ্ঠীৰ বেনাৰত নিৰ্মিত এইখন অসমীয়া ছবি “চন্দাৱলী”ৰ সকলো কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বৰ্তমান প্ৰতিকূল পৰিবেশৰ বাবে ছবিখন ২০২১ বৰ্ষৰ মে মাহত মুক্তি দিয়াৰ কথা ভবা হৈছে। চন্দাৱলী ছবিখনৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনা যোৰহাটৰ বলীন শৰ্মাৰ। পৰিচালক গৰাকীয়ে ইয়াৰ পূৰ্বে “হৃদয় কঁপোৱা গান” শীৰ্ষক অসমীয়া ছবিখনৰ কাহিনী, চিত্ৰনাট্য লিখাৰ উপৰিও সহযোগী পৰিচালক হিচাপে কাম কৰিছিল। বলীন শৰ্মা যোৰহাটৰ এজন প্ৰতিষ্ঠিত নাট্যকাৰ হোৱাৰ লগতে কেইবাখনো টেলিফ্লিম দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হৈছে। তেওঁৰ আহিবলগীয়া ছবি “চন্দ্ৰাৱলী” ৰ বিষয়ে জানিবলৈ বিচৰাত পৰিচালক গৰাকীয়ে কয় যে, “সম্পাদনা আৰু ডাবিঙৰ কাম সমাপ্ত কৰি ছবিখনৰ বৰ্তমান বেকগ্ৰাউণ্ড মিউজিকৰ কাম চলি আছে। আমি নৱেম্বৰ মাহতেই ছবিখন চেঞ্চৰ কৰি অহা বৰ্ষৰ মে’ মাহলৈ “চন্দ্ৰাৱলী” ক মুকলি কৰাৰ পৰিকল্পনা কৰিছো। তেতিয়ালৈ নিৰ্বাচনো শেষ হ’ব কিয়নো নিৰ্বাচনৰ আগৰ পৰিৱেশটোও অকণমান হূলস্থূলীয়া হৈ থাকে গতিকে মে’ ত আমি মুক্তি দিয়াৰ কথা ভাবিছো।”

"চন্দ্ৰাৱলী" ক লৈ আশাবাদী পৰিচালক বলীন শৰ্মাঃ মে' মাহত দিব পাৰে মুক্তি- 2


পৰিচালক গৰাকীয়ে জানিব দিয়া মতে, ছবিখনত অন্তৰ্ভূক্ত গীত সমূহ তেওঁ অহা নৱেম্বৰ মাহতেই ৰাইজৰ মাজত উলিয়াই দিব। সম্প্ৰতি পৰিস্থিতিৰ সৈতে খাপ খুৱাই কেনেধৰণৰ প্ৰচাৰৰ ষ্ট্ৰেটেজীৰ কথা ভাবিছে বুলি প্ৰশ্ন কৰাত পৰিচালক গৰাকীয়ে কয় যে, “প্ৰচাৰৰ বাবে ষ্ট্ৰেটেজী খুব তেনেকুৱা একো ভবা নাই এতিয়ালৈ।অৱশ্যে, চচিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ সহায় ল’বই লাগিব প্ৰচাৰৰ ক্ষেত্ৰত।” ছবিখনক লৈ পৰিচালক গৰাকীয়ে যথেষ্ট আশা ব্যক্ত কৰি কয় যে ছবিখন ছাত্ৰ-ছাত্ৰীয়ে চাই ভাল পাব কিয়নো এইখন পৰিয়ালকেন্দ্ৰিক ছবি হ’লেও ই কলেজৰ পটভূমিতেই আৰম্ভ হৈছে। “চন্দাৱলী” য়ে দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে এখন ৰুচিসম্পন্ন ছবি উপহাৰ দিবলৈ সক্ষম হ’ব বুলি আমি আশাবাদী।”

"চন্দ্ৰাৱলী" ক লৈ আশাবাদী পৰিচালক বলীন শৰ্মাঃ মে' মাহত দিব পাৰে মুক্তি- 3

“চন্দ্ৰাৱলী” ত অভিনয় কৰিছে ৰাজীৱ গোস্বামী, দেৱজিৎ মজুমদাৰ ,পল ফুকন ,ৰাতুল শৰ্মা, অতনু কাশ্যপ, ৰাজ ভৈৰৱ আৰু পৱিত্ৰ বৰুৱাই।নায়িকা চৰিত্ৰত অভিনয় কৰিছে অসমৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈয়ে ।এটি বিশেষ চৰিত্ৰত মনীষা ৰাগিনীয়ে। ইয়াৰ উপৰিও, যোৰহাট আৰু গুৱাহাটীৰ বহু প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰীয়ে ছবিখনত অভিনয় কৰিছে। ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে যোৰহাটকে ধৰি গুৱাহাটী আৰু চিলংৰ মনোমোহা ঠাইত। ছবিখনত ৰূপ সজ্জা আকাশ গগৈৰ আৰু কৰিঅ’গ্ৰাফ উদয় শংকৰ ,শান্তুমনি শৰ্মাৰ।প্ৰযোজনা নিয়ন্ত্ৰক চঞ্চল জোতি বৰদলৈ আৰু শশাংক শেখৰ। সম্পাদনা অসীম শৰ্মা।আৱহ সংগীত পলাশ গগৈ।

"চন্দ্ৰাৱলী" ক লৈ আশাবাদী পৰিচালক বলীন শৰ্মাঃ মে' মাহত দিব পাৰে মুক্তি- 4


এই ছবিখনৰ সংগীত পৰিচালনা অজয় ফুকনৰ। গীত সমূহত কন্ঠদান কৰিছে জুবিন গাৰ্গ ,সুবাসনা দত্ত, গীতালি আৰু প্ৰকৃতি শৰ্মাই।চিত্ৰগ্ৰহণ কৃষ্ণ চাহাৰ লগতে মূখ্য সহকাৰী পৰিচালক পবিত্ৰ খাউন্দ আৰু মৃনাল ডেকা। সহকাৰী পৰিচালনা কল্লোল আৰু প্ৰাঞ্জু প্ৰিঞ্চৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform