Rupaliparda.com
কিয় অজয় দেৱগনে আৰম্ভ কৰা নাই ছবিৰ শ্বুটিং?? 1

কিয় অজয় দেৱগনে আৰম্ভ কৰা নাই ছবিৰ শ্বুটিং??

“ক’ৰোণা পৰিস্থিতি” বৰ্তমান কিছু পৰিমাণে হ’লেও সূস্থ হৈ উঠিছে। ফলত একাংশ অভিনেতা-অভিনেত্ৰীও নিজৰ কৰ্মক্ষেত্ৰলৈ আগবাঢ়িছে; পূৰ্ণগতিত আৰম্ভ হৈছে শ্বুটিং। ইতিমধ্যে অক্ষয় কুমাৰে নিজৰ ছবি “বেলবটম” ৰ শ্বুটিঙৰ কাম সমাপ্ত কৰি অভিনেতা গৰাকীয়ে আন এখন ছবিৰো শ্বুটিং আৰম্ভ কৰিছে। য’ত আমিৰ খানে লাল সিং চড্ডাৰ শ্বুটিং আৰম্ভ কৰিছে তাতেই আকৌ ছলমান খানেও বিগ বছৰ লগতে ছবিৰ শ্বুটিঙো কৰিবলৈ লৈছে। কিন্তু, এই আটাইবোৰৰ পিছতো জনসাধাৰণে অজয় দেৱগনৰ শ্বুটিঙৰ খবৰ নাই পোৱা। আচলতে, অজয় দেৱগণে এতিয়ালৈ আৰম্ভ কৰা নাই তেওঁৰ কোনো ছবিৰ শ্বুটিং। নিজ বাসগৃহতে কাম কৰি আছে অভিনেতা গৰাকীয়ে। জানিব পৰা মতে, অজয় দেৱগনে এতিয়ালৈ কোনোধৰণৰ কাম কৰিবলৈ বিচৰা নাই। তেওঁ ক’ৰোণা সংক্ৰমণ হ্ৰাস হোৱালৈ তথা পৰিস্থিতি সূস্থিৰ হোৱালৈ অপেক্ষা কৰি ৰৈছে। ক’ৰোণাৰ ফলত উৎপন্ন হোৱা যি সন্ত্ৰাসগ্ৰস্ত পৰিস্থিতি; সেই সমূহ ঠিক হোৱালৈহে অজয় দেৱগনে আৰম্ভ কৰিব শ্বুটিং।

কিয় অজয় দেৱগনে আৰম্ভ কৰা নাই ছবিৰ শ্বুটিং?? 2
কিয় অজয় দেৱগনে আৰম্ভ কৰা নাই ছবিৰ শ্বুটিং?? 3


অভিনেতা গৰাকীয়ে এইকেইটা দিনত ঘৰতেই থাকি স্ক্ৰীপ্ট সমূহ পঢ়িছে। খবৰনুসৰি, তেওঁ বৰ্তমান এখন স্ক্ৰীপ্টৰ লিখা কামো সম্পূৰ্ণ কৰিলে আৰু হয়টো অতিশীঘ্ৰেই তেওঁ নিৰ্দেশনাতো নামিব। অজয় দেৱগনৰ আগন্তুক প্ৰকল্প সমূহ হৈছে ক্ৰমে “ভূজ”, “মেদান”, “থেংক গড” আৰু “চাণক্য”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.