সমাগত ২০২১ বৰ্ষৰ নিৰ্বাচন; ইতিমধ্যে প্ৰায়বোৰ ঠাইতে আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ।এনেক্ষেত্ৰতে মনোৰঞ্জত জগত খনৰ দ্বাৰাও যেন ৰাইজৰ কাষ চপা পৰিকল্পনা কৰিছে একাংশই; ১৫ অক্টোবৰ তাৰিখৰ পৰা ৫০ শতাংশ দৰ্শকৰে ছবিগৃহ খুলিবলৈ অনুমতি প্ৰদান কৰা চৰকাৰ খনে চিনেমা হ’ল খোলা পিছত তাত দেখুৱাবলগীয়া প্ৰথমখন ছবি হ’ব “PM Narendra Modi”। বিবেক অব্ৰয়ে মূখ্য চৰিত্ৰ ৰূপায়ন কৰা এই ছবিখনে বিগত বৰ্ষতে লাভ কৰিছিল মুক্তি; পৰিচালনা আছিল অমুং কুমাৰৰ। ছবিখনত নৰেন্দ্ৰ দামোদাৰ দাস মোদীৰ জীৱন যাত্ৰাৰ লগতে ২০১৪ চনত লোকসভা নিৰ্বাচনত জয়ী হৈ প্ৰধান মন্ত্ৰীৰ স্বীকৃতি লাভ কৰালৈ আটাইবোৰ ঘটনাই সন্নিৱিষ্ট কৰা আছে ছবিখনত। নৰেন্দ্ৰ মোদীৰ এই ছবিখনে ২০১৯ বৰ্ষত লাভ কৰা মুক্তিত অধিক দৰ্শকৰ সঁহাৰি নাপালেও এইবাৰৰ বাবে উৎসাহী ছবিখনৰ পৰিচালক গৰাকী।


তেওঁ কয় যে, “আমাৰ এই ছবিখন নিৰ্মাণত বহু পৰিশ্ৰম গৈছে। মই সুখী যে ছবিখন আকৌ এবাৰ ৰাইজৰ মাজলৈ অনা হ’ব আৰু মই আশা কৰো যি সকলে পূৰ্বতে ছবিখন উপভোগ কৰিব পৰা নাছিল তেওঁলোক এইবাৰ ছবিগৃহলৈ আহিব। আনহাতে ছবিখনৰ সহযোগী প্ৰযোজক সন্দীপ সিঙো ছবিখন পুনৰ মুক্তিক লৈ সুখী যদিও তেওঁ আশংকা কৰিছে যে কিছু ৰাজনৈতিক মতানৈক্যৰ বাবে ছবিখন উপভোগ নকৰিব একাংশই।
Add comment