Rupaliparda.com
আইদেউ সন্দিকৈক লৈ জনসাধাৰণৰ ওচৰত আহ্বান ৰবি শৰ্মাৰঃ 1

আইদেউ সন্দিকৈক লৈ জনসাধাৰণৰ ওচৰত আহ্বান ৰবি শৰ্মাৰঃ

অসমীয়া অভিনয় ক্ষেত্ৰখনৰ ৰবি শৰ্মা এনে এগৰাকী অভিনেতা যিয়ে সামাজিক অথবা সাংস্কৃতিক দিশৰ প্ৰায়বোৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি মত বিনিময় কৰে। শেহতীয়াকৈ তেওঁ নিজ ব্যক্তিগত ফেচবুক পেজযোগে অসমীয়া চলচিত্ৰ ক্ষেত্ৰৰ প্ৰথম গৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ কথা কয়। প্ৰথম অসমীয়া ছবি “জয়মতী” ত অভিনয় কৰাৰ পৰা আৰম্ভ কৰি তাৰ পিছত তেওঁ শুনা মানুহৰ ককৰ্থনা লগতে তেওঁ কৰা ত্যাগ আদিৰ বিষয়ে ব্যক্ত কৰি এটা ৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’ আপলোড কৰে অভিনেতা গৰাকীয়ে। আইদেউ সন্দিকৈক কেৱল মাত্ৰ কুইজত আৱদ্ধ কৰি নাৰাখি নৱপ্ৰজন্মৰ মাজত চিনাকী কৰোৱাবলৈ চৰকাৰক কিছু প্ৰচেষ্টা হাতত ল’বলৈও আহ্বান জনায় অভিনেতা গৰাকীয়ে। ১৯২০ চনত জন্মগ্ৰহণ কৰা আইদেউ সন্দিকৈয়ে চলিত বৰ্ষত নিজ ১০০ বছৰ সম্পূৰ্ণ কৰিলে যদিও তেওঁ স্মৃতিত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ লোৱা দেখিবলৈ নাপায় অভিনেতাগৰাকীয়ে এনে আহ্বান জনায়।

আইদেউ সন্দিকৈক লৈ জনসাধাৰণৰ ওচৰত আহ্বান ৰবি শৰ্মাৰঃ 2


ৰবি শৰ্মাৰ এই ভিডিঅ’টোত বৰ্তমান অধিকাংশ লোকে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চচিয়েল মিডিয়াত বহুল ৰূপত শ্বেয়াৰো কৰিছে এই ভিডিঅ’টো। আইদেউ সন্দিকৈৰ স্মৃতি ৰক্ষা কমিটীয়ে থলুৱা ভাৱে বিভিন্ন ঠাইত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও অভিনেতা ৰবি শৰ্মাৰ মতে অভিনেত্ৰী গৰাকীয়ে আৰু বহুল জনসাধাৰণৰ মাজত চিনাকী পোৱাটো দৰকাৰ। ৰবি শৰ্মাৰ এনেবোৰ কথা তথা সক্ৰিয় মত ব্যক্তৰ বাবে প্ৰায় প্ৰতিজন দৰ্শকেই অনুৰাগী তেওঁৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform