Rupaliparda.com
দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গৰ "মনলে উভতি আহে" ৰ নতুন সংস্কৰণঃ কৰিছে শৈশৱৰ পুনৰাবৃত্তি- 1

দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গৰ “মনলে উভতি আহে” ৰ নতুন সংস্কৰণঃ কৰিছে শৈশৱৰ পুনৰাবৃত্তি-

“মনলে উভতি আহে ল’ৰালি” শীৰ্ষক এই অসমীয়া গীতটি নিশ্চয় আপোনালোকৰো মনত আছে। নহয়নে? দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গৰ যুঁটীয়া কন্ঠদানেৰে এই গীতটোৱে বৰ্তমানেও একাংশৰ মনত বাৰুকৈয়ে সাঁচ বহুৱাবলৈ সক্ষম হৈছে। “দাগ” ছবিখনত অন্তৰ্ভূক্ত এটি বৰ উপভোগ্য গীত আছিল “মনলে উভতি আহে”। কিন্তু, সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ সমান্তৰালকৈ আমি দেখিছো সংগীতৰ লগতে ভিন্ন কলাৰ পৰিৱৰ্তন। গতিকে, এই জনপ্ৰিয় গীতটোৰেই আকৌ এক নতুন সংস্কৰণ উপভোগ কৰিবলৈ পাইছে অসমীয়া সংগীত প্ৰেমী শ্ৰোতাই। গীতটিক নতুন ৰূপত সঁজাই মুকলি কৰি দিয়া হৈছে জনসাধাৰণৰ মাজত। OSP Media নামে ইউটিউব চেনেলত মুক্তি কৰি দিয়া এই গীতটো “আৱেগ” শীৰ্ষক প্ৰকল্পটোৰ প্ৰথমটো গীত। উক্ত প্ৰকল্পটোৰ উদ্দেশ্যেই হৈছে কিছু এনে সংগীতৰ পুনৰাবৃত্তি কৰি শ্ৰোতাক আমোদ প্ৰদান কৰা। এই নতুন সংস্কৰণটোতো কন্ঠদান কৰিছে এই জনপ্ৰিয় দুই কন্ঠশিল্পীয়ে ক্ৰমে দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গে। শৈশৱৰ সময়কণ আৰু এবাৰ জনসাধাৰণক দিবলৈ চেষ্টা কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে এই গীতটো।


মন-মগজুৰ ভিতৰত প্ৰত্যেকজন জনসাধাৰণে শৈশৱৰ সেই পূৰণি স্মৃতি কঢ়িয়াই লৈ ফুৰে। সেই সমূহক আকৌ ৰোমন্থন কৰিবলৈ সৃষ্টি কৰা এই গীতটিয়ে শ্ৰোতাৰো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গীতটিৰ কথা আৰু পৰিচালনা দিগন্ত ভাৰতীৰ, সংগীত ব্যৱস্থাপনা দৰ্শনৰ। বাঁহী বজাইছে নিবিড় দেৱ শৰ্মাই লগতে বেচ গীতাৰ হৃত্বিক বৈশ্যৰ। Percussion ত আছে ৰাজা বৰুৱা আৰু শব্দ সংমিশ্ৰণ পিংকু দাসৰ। গীতটো বাণীবদ্ধ কৰা হৈছে Oronyo Studio ত হৃত্বিক বৈশ্যই লগতে Red AV Studio ৰ পিংকু দাসে।

দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গৰ "মনলে উভতি আহে" ৰ নতুন সংস্কৰণঃ কৰিছে শৈশৱৰ পুনৰাবৃত্তি- 2


আগন্তুক সময়তো অসমীয়া পূৰণি জনপ্ৰিয় গীত সমূহক এনেদৰেই আকৌ এবাৰ শ্ৰোতাৰ মাজলৈ অনা হ’ব। এই প্ৰকল্পটোত বৰ্তমান উৎকন্ঠা সকলোৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform