Rupaliparda.com
"এক "নিৰ্দ্দিষ্টতা" ৰ মাজত নিজক ৰাখি থ'বলৈ নাই বিচৰা"- ৰাজনীশ শইকীয়া 1

“এক “নিৰ্দ্দিষ্টতা” ৰ মাজত নিজক ৰাখি থ’বলৈ নাই বিচৰা”- ৰাজনীশ শইকীয়া

আমি আপোনালোকক বহুখিনি নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ বিষয়ে জনাই আহিছো। প্ৰত্যেকজনে নিজ নিজ ক্ষেত্ৰত এক সুন্দৰ ভূমিকা পালন কৰি আহিছে; থলুৱা সংগীতৰ পৰা আৰম্ভ কৰি পাশ্চাত্যৰ এক ধাৰা অসমীয়া সংগীতৰ লগত মিলোৱাই নহওঁক কিয় প্ৰত্যেকতে এওঁলোকে নিজক এক সুন্দৰ ৰূপত জনসাধাৰণৰ মাজলৈ লৈ আনিছে। আমি শেহতীয়াকৈ বহু এনে কন্ঠশিল্পীৰ বিষয়ে জানিবলৈ পাইছো অথবা তেওঁলোকৰ গীত শুনি আপ্লুতও হৈছো। এনে এজন নৱপ্ৰজন্মৰ কন্ঠশিল্পী হৈছে ৰাজনীশ শইকীয়া; তেওঁৰ শেহতীয়াকৈ “মনে বিচাৰে” শীৰ্ষক গীতটিয়েও লাভ কৰিছে জনপ্ৰিয়তা। ইয়াৰ পূৰ্বেও “ক্ষমা কৰিবি”, “নিশা”, “উদাস মন” আদি গীত সমূহে জনসাধাৰণৰ সমুখত লাভ কৰিছে জনপ্ৰিয়তা অথবা গীত সমূহৰ ইউটিউব লিংকবোৰত দেখিবলৈ পোৱা ভিউৱাৰচৰ অংকই আচলতে গীতসমূহৰ উপভোগ্যতা কয় দিয়ে। সংগীত ক্ষেত্ৰখনত পেছাগত ভাৱে ২০১৯ চনৰ পৰা জড়িত হোৱা ৰাজনীশে সৰুৰ পৰাই গীতত কন্ঠদান কৰিবলৈ আৰম্ভ কৰিছিল। বিগত বৰ্ষৰ পৰাই সংগীত ক্ষেত্ৰখনত ৰাজনীশ শইকীয়াই এক নিৰ্দ্দিষ্ট স্থান দখল কৰিবলৈ অহৰহ প্ৰয়াস কৰি থকা দেখিবলৈ পোৱা গৈছে।

"এক "নিৰ্দ্দিষ্টতা" ৰ মাজত নিজক ৰাখি থ'বলৈ নাই বিচৰা"- ৰাজনীশ শইকীয়া 2
"এক "নিৰ্দ্দিষ্টতা" ৰ মাজত নিজক ৰাখি থ'বলৈ নাই বিচৰা"- ৰাজনীশ শইকীয়া 3


“ইলেক্ট্ৰনিক ডেন্স মিউজিক” ৰ এই ধাৰাটোৰ সৈতে অসমীয়া সংগীতক চিনাকী কৰোৱাবলৈ লৈ কৰা প্ৰচেষ্টাত ৰাজনীশ শইকীয়াৰ নামো উল্লেখনীয়।ৰূপালীপৰ্দাৰ সৈতে হোৱা সাক্ষাৎকাৰ যোগে যেতিয়া সংগীত তেওঁৰ “নিচা নে পেচা” বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “সংগীত বৰ্তমানলৈ মোৰ নিচা। সৰুৰ পৰা এই জগত খনৰ সৈতে জড়িত হৈ আমোদ লাভ কৰিছিলো; গান গাই, লিখি তাত আকৌ সংগীত সন্নিৱিষ্ট কৰি ৰাইজৰ মাজত উলিৱাই দিয়াটো বৰ ভাল লগা কাম। গতিকে, এতিয়ালৈটো ই মোৰ নিচা; পেছা হিচাপে আহিবলগীয়া সময়ত গ্ৰহণ কৰিম বুলি ভাৱিছো। কাৰণ, এতিয়া মোৰ কিছু সৃষ্টিৰ সৈতে ৰাইজক অৱগত কৰিব খুজিছো।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগলৈ ভিন্ন প্ৰকাৰৰ সংগীত উপহাৰ দিবলৈ চেষ্টা কৰিম ৰাইজক। মই এক “নিৰ্দ্দিষ্টতা” ৰ মাজত নিজক ৰাখি থ’বলৈ নাই বিচৰা।”


আগলৈ কয় যে, “মোৰ সতীৰ্থ তথা এতিয়াৰ কেইজন মান জনপ্ৰিয় কন্ঠশিল্পী ক্ৰমে সান্নিধ্য, নিখিল, দেৱ, বেদব্ৰত আদিৰ সৈতে যুঁটীয়া ভাৱে কিছু চেষ্টা হাতত লৈছো যিসমূহ আহিবলগীয়া মাহ বোৰত আমি মুক্তি দিম। আমি মাত্ৰ এটাই আশা কৰিছো যে ৰাইজে যাতে আৰু অকণমান সঁহাৰি আৰু আদৰ দিয়ক আমাক।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform