Rupaliparda.com
সেই একে বাটেৰে তললৈ নামিল ৰাণু মণ্ডলঃ দামী ঘৰ এৰি আহিল পূৰণি ঘৰলৈ- 1

সেই একে বাটেৰে তললৈ নামিল ৰাণু মণ্ডলঃ দামী ঘৰ এৰি আহিল পূৰণি ঘৰলৈ-

জনপ্ৰিয়তাৰ উচ্চ শিখৰ বগোৱাৰ পিছত আকৌ এবাৰ তললৈ পৰিল কন্ঠশিল্পী ৰাণু মণ্ডল। ২০১৯ বৰ্ষৰ চৰ্চিত ব্যক্তি সকলৰ মাজৰ এগৰাকী আছিল ৰাণু মণ্ডল; ৰেলৱে প্লেটফৰ্মত লতা মংগেশকাৰৰ গীতত কন্ঠদান কৰি থকা সময়ৰ তেওঁৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। প্ৰথম সময়ছোৱাত তেওঁৰ কন্ঠৰ বহুল অনুৰাগী হৈছিল যদিও পিছলৈ তেওঁৰ ব্যৱহাৰে একাংশক আঁতৰাইও পঠিয়াইছিল তেওঁৰ পৰা। কিন্তু এতিয়া আকৌ বেয়া পৰিস্থিতিলৈ ঢাল খাইছে ৰাণু মণ্ডলৰ জীৱনৰ স্থিতি; “লক-ডাউন” ৰ ফলত বহু তাৰকা, চিলেব্ৰেটীৰ আৰ্থিক সংকটৰ কথা আমি শুনিবলৈ পাইছিলো আৰু ঠিক তেনেদৰে এনে ধৰণৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে ৰাণু মণ্ডলো। কোনো ধৰণৰ কাম নথকাৰ ফলত ক্ৰমশ তেওঁৰো পৰিস্থিতি বেয়ালৈ ঢাল খাইছে। লতা মংগেশকাৰেও ৰাণু মণ্ডলক উদ্দেশ্যি এবাৰ মত ব্যক্ত কৰিছিল। তেওঁ কৈছিল যে, তেওঁৰ গানেৰে যদি কাৰোবাৰ কেতিয়াবা ভাল হয় তেতিয়া তেওঁ নিজকে সোভাগ্যৱান বুলি ভাৱে। লগতে তেওঁ কয় যে, “মোৰ, কিশোৰ দা, ৰফী চাহেব, মুকেশ ভাই আদিৰ গান গাই কেইটামান দিনৰ বাবেহে এজন শিল্পীয়ে নিজৰ পিনে দৰ্শকক আকৃষ্ট কৰিব পাৰে কিন্তু এই সফলতা দীৰ্ঘগামী নহয়।”

সেই একে বাটেৰে তললৈ নামিল ৰাণু মণ্ডলঃ দামী ঘৰ এৰি আহিল পূৰণি ঘৰলৈ- 2
সেই একে বাটেৰে তললৈ নামিল ৰাণু মণ্ডলঃ দামী ঘৰ এৰি আহিল পূৰণি ঘৰলৈ- 3


খবৰনুসৰি, ৰাণু মণ্ডলে নিজৰ নতুন বাসগৃহ এৰি পূৰণি বাসগৃহলৈ উভতি গৈছে। উল্লেখ্য যে, ৰাণু মণ্ডলৰ ভাইৰেল ভিডিঅ’টো দেখিয়েই বলীউডৰ কন্ঠশিল্পী হিমেশ ৰেছেমিয়াইও নিজৰ চিনেমাত ৰাণু মণ্ডলক এটি গীতত কন্ঠদান কৰাৰ সুবিধা দিছিল। ৰাণু মণ্ডলৰ ওপৰত প্ৰায়ে মিম চচিয়েল মিডিয়াত শ্বেয়াৰ হৈ থকা দেখিবলৈ পোৱা যায়। তেওঁৰ ব্যৱহাৰৰ বাবেই তেওঁৰ প্ৰতিভাৰ চৰ্চা অধিক নহ’ল বুলি মন্তব্য কৰে বিভিন্ন জনে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform