Rupaliparda.com
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা! অনুৰাগীক সুখ দিব পৰাএকো তথ্য নহ'ল বাহিৰঃ 1

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা! অনুৰাগীক সুখ দিব পৰাএকো তথ্য নহ’ল বাহিৰঃ

জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৪ মাহ উকলিল যদিও এতিয়ালৈ কোনো তথ্য বিচাৰে ৰাইজক সন্তোষ প্ৰদান কৰাকৈ বাহিৰলৈ অহা নাই। প্ৰথম মুম্বাই পুলিচ তাৰ পিছত বিহাৰ পুলিচ আৰু শেষলৈ অভিনেতা গৰাকীৰ কেছটোত চিবিআই জড়িত হৈ পৰিছে যদিও বৰ্তমানলৈ অনুৰাগীক সুখ দিব পৰাকৈ কোনো খবৰেই বাহিৰলৈ ওলোৱা নাই। ৰিপোৰ্টনুসৰি, চিবিআই তদন্ত সম্পূৰ্ণ হৈ পৰিছে আৰু অভিনেতাগৰাকীৰ মৃত্যুত কোনো ধৰণৰ ষড়যন্ত্ৰ আৰু হত্যাৰ বাতৰি ইয়াত অন্তৰ্ভূক্ত কৰা হোৱা নাই। আগন্তুক সময়ত, তদন্তকাৰী এজেঞ্চীয়ে এই ৰিপোৰ্টটো পটনা চিবিআই কোৰ্টক প্ৰদান কৰিব। আৰু, সমান্তৰালকৈ ৰিয়াৰ ওপৰত সুশান্তক আত্মহত্যা কৰিবৰ বাবে প্ৰভাৱিত কৰা বিষয়টোত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব তাৰ বিষয়েও জনাব কোৰ্টে। কিছুদিন পূৰ্বে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিষয় লৈ হোৱা বহুল চৰ্চাৰ সাম কাটি কিছুদিন পূৰ্বে AAIMS য়ে ঘোষণা কৰে যে অভিনেতা গৰাকীৰ মৃত্যু হত্যা নহয়; ই আছিল আত্মহত্যা। ঘোষণা কৰাৰ পিছত বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু তাৰ মাজত অভিনেতা-অভিনেত্ৰী সকলেও নিজ মন্তব্য ব্যক্ত কৰে।

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা! অনুৰাগীক সুখ দিব পৰাএকো তথ্য নহ'ল বাহিৰঃ 2
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা! অনুৰাগীক সুখ দিব পৰাএকো তথ্য নহ'ল বাহিৰঃ 3


সুশান্তৰ মৃত্যুৰ পিছত বিভিন্ন বাতৰি সমুখলৈ অহা দেখিবলৈ পোৱা গৈছিল। ড্ৰাগছ কেছৰ সৈতে সাঙুৰ খাই পৰিছিল একাংশ প্ৰভাৱশালী অভিনেতা-অভিনেত্ৰী। অভিনেতা গৰাকীৰ প্ৰেয়সীকো এই বিষয়ক লৈ এমাহৰ বাবে ৰিয়া ন্যায়িক জিম্মাত ৰখা হৈছিল। সুশান্তৰ মৃত্যুৰ পিছত, অনুৰাগীৰ মাজত চলা কোঁচকাৱাজৰ সাম কাটি আগন্তুক সময়ত চিবিআইয়ে কি ৰিপোৰ্ট দিব আৰু ইয়াত অনুৰাগীয়ে কি মন্তব্য কৰিব সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.