Rupaliparda.com
কমল আৰু অমৃতাৰ গগৈৰ নতুন যুঁটিৰে সুবাসনা দত্তৰ "আপুনি আহিব"- 1

কমল আৰু অমৃতাৰ গগৈৰ নতুন যুঁটিৰে সুবাসনা দত্তৰ “আপুনি আহিব”-

আকৌ আন এক নতুন যুঁটি দেখিবলৈ পোৱা যাব মনোৰঞ্জন ক্ষেত্ৰখনত। ছবি, চুটি ছবিত নহ’লেও এটি সংগীতৰ ভিডিঅ’ ত এই যুঁটিটোক দেখিবলৈ পাব দৰ্শক-শ্ৰোতাই। স্ক্ৰীণত এইবাৰ দেখিবলৈ পোৱা যাব কমল লোচন আৰু অমৃতা গগৈক একেলগে। আগন্তুক সময়ত মুক্তি পাবলগীয়া সুবাসনা দত্তৰ “আপুনি আহিব” শীৰ্ষক গীতটি যোগেৰে দেখিবলৈ পোৱা যাব এই যুঁটিটোক। সুবাসনা দত্তৰ কন্ঠৰে আহিবলগীয়া এই গীতটোৰ ভিডিঅ’টোতেই দেখিবলৈ পোৱা যাব এই যুঁটিটোক। চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা সুবাসনাৰ আহিবলগীয়া গীতটি “আপুনি আহিব” ৰ কথা আৰু সুৰ সমীৰ শেখৰৰ লগতে সংগীত পলাশ গগৈৰ। গীতটিৰ শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। চচিয়েল মিডিয়াত গীতটিক লৈ বিভিন্ন ধৰণৰ খবৰ প্ৰচাৰ কৰা সুবাসনাৰ “আপুনি আহিব” ক লৈ ইতিমধ্যে অনুৰাগীও অপেক্ষাৰত হৈ পৰিছে। ঘৰত আৱদ্ধ হৈ থকা জনসাধাৰণক মনোৰঞ্জন দিবলৈ প্ৰয়াস কৰা সুবাসনাই প্ৰায়ে চচিয়েল মিডিয়া যোগে অনুৰাগীৰ কাষ চপা দেখিবলৈ পোৱা যায়।

কমল আৰু অমৃতাৰ গগৈৰ নতুন যুঁটিৰে সুবাসনা দত্তৰ "আপুনি আহিব"- 2
কমল আৰু অমৃতাৰ গগৈৰ নতুন যুঁটিৰে সুবাসনা দত্তৰ "আপুনি আহিব"- 3


ইতিমধ্যে উক্ত গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে। কমল লোচন আৰু অমৃতাৰ এই যুঁটিটোক লৈ উৎসাহী তেওঁলোকৰ অনুৰাগী। অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.