Rupaliparda.com
একালৰ জনপ্ৰিয় শিশু অভিনেতা পৰজান দস্তুৰৰ বিবাহঃ 1

একালৰ জনপ্ৰিয় শিশু অভিনেতা পৰজান দস্তুৰৰ বিবাহঃ

কাজল আৰু শ্বাহৰুখ অভিনীত ব্লকব্লাষ্টাৰ ছবি “কুছ কুছ হৌতা হে” য়ে অতিক্ৰম কৰিছে নিজ ২২ টা বৰ্ষ। ছবিখন মুক্তিৰ পিছত যিমান জনপ্ৰিয় হৈছিল; সেই অনুপাতে বৰ্তমানেও ছবিখনৰ জনপ্ৰিয়তা অব্যাহত আছে। ছবিখন এতিয়াও উপভোগ কৰিবলৈ বিচাৰে একাংশ অনুৰাগীয়ে। ইয়াৰ প্ৰতিটো চৰিত্ৰয়ে উল্লেখনীয় লগতে ইয়াত থকা চৰিত্ৰ সমূহে এতিয়াও জনসাধাৰণৰ মন মগজুত দৃঢ়ভাৱে ক্ৰিয়া কৰি আছে। এই ছবিখন উপভোগকাৰী প্ৰত্যেকৰে হয়টো এজন পাঞ্জাৱী ল’ৰাক মনত আছে; ছবিখনত ল’ৰা জনে এক সুন্দৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। শেহতীয়াকৈ এই পাঞ্জাৱী চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা গৰাকীয়ে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে; ৰীল লাইফৰ বাবে নহ’লেও ব্যক্তিগত জীৱনৰ বাবে এতিয়া চৰ্চাত অভিনেতা গৰাকী। এই ল’ৰাজনৰ নাম হৈছে পৰজান দস্তুৰ; যদিও এই ল’ৰাজন অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত নহয় তথাপিও তেওঁ এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতেই ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ প্ৰেয়সীক বিবাহৰ প্ৰস্তাৱ দিয়া সময়ছোৱাৰ কিছু ফটো চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু তেতিয়াৰ পৰাই জনসাধাৰণ চকু পৰে পৰজান দস্তুৰৰ ওপৰত। অহা বছৰলৈ বিবাহ পাশত আৱদ্ধ হ’ব অভিনেতা গৰাকী।

একালৰ জনপ্ৰিয় শিশু অভিনেতা পৰজান দস্তুৰৰ বিবাহঃ 2
একালৰ জনপ্ৰিয় শিশু অভিনেতা পৰজান দস্তুৰৰ বিবাহঃ 3


পৰজান ভিডিঅ’ প্ৰডাকচন কোম্পানী টেন প্ৰডাকচনৰ সহঃ সংস্থাপক। “কুছ কুছ হৌতা হে” ৰ পৰা আৰম্ভ কৰি আন কেইবাখনো জনপ্ৰিয় বলীউড ছবিত অভিনয় কৰিছে পৰজানে। “কভী খুচি কভী গম”, “কাহো না প্যাৰ হে” লগতে “ব্ৰেক কে বাড” টো অভিনয় কৰিছিল এই অভিনেতা গৰাকীয়ে। ছবিসমূহত অভিনয় কৰাৰ পিছত শেহতীয়াকৈ চৰ্চালৈ অহা এই অভিনেতাগৰাকীৰ খবৰেও আচলতে উৎসাহিত কৰিছে জনসাধাৰণক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform