Rupaliparda.com
শ্বাহিদৰ বাবে মৃণাল ঠাকুৰে গালি খাইছিল অভিভাৱকৰ পৰাঃ 1

শ্বাহিদৰ বাবে মৃণাল ঠাকুৰে গালি খাইছিল অভিভাৱকৰ পৰাঃ

টেলিভিছনৰ পৰা আগবাঢ়ি বলীউড ক্ষেত্ৰখনত খোজ পেলোৱা অভিনেত্ৰী সমূহৰ ভিতৰৰ এগৰাকী হৈছে মৃণাল ঠাকুৰ। “চুপাৰ ৩০” আৰু “বটলা হাউচ” ৰ দৰে ছবিত কৰা অভিনেত্ৰী গৰাকীৰ অভিনয়ক ইতিমধ্যে সমাদৰ জনাইছে জনসাধাৰণে। বৰ্তমান মৃণাল ব্যস্ত তেওঁৰ আহিবলগীয়া তেলেগু ছবি “জৰ্সী” ৰ হিন্দী সংস্কৰণৰ শ্বুটিঙক লৈ। শেহতীয়াকৈ ছবিখনৰ টীমটোৱে উত্তৰাখণ্ডত সমাপ্ত কৰিছে তেওঁলোকৰ শ্বুটিং। এইখিনিতে, এক সাক্ষাৎকাৰ যোগে মৃণালক শ্বাহিদ কাপুৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া এয়া এক তেওঁৰ বাবে সপোন বুলি কৈছিল। অভিনেত্ৰী গৰাকীয়ে কয় যে, কিশোৰী অৱস্থাত মৃণালে শ্বাহিদ কাপুৰৰ ফটো বোৰ কাটি নিজৰ লগত ৰাখি থৈছিল; যাৰ বাবে তেওঁ গালিও খাবলগীয়া হৈছিল নিজ পিতৃ-মাতৃৰ পৰা। আগলৈ তেওঁ কয় যে, “শ্বুটিং ছেটত শ্বাহিদ কাপুৰে মেজিক কৰাৰ দৰেই লাগে; মই হতহম্ভ হৈ পৰো যে তেওঁ এয়া কেনেদৰে কৰিলে! শ্বাহিদ কাপুৰৰ সৈতে কাম কৰাতো মোৰ বাবে এটা সপোনহে আছিল; এয়া সঁচা অৰ্থত পূৰণ হোৱাত মই অত্যন্ত সুখী।

শ্বাহিদৰ বাবে মৃণাল ঠাকুৰে গালি খাইছিল অভিভাৱকৰ পৰাঃ 2
শ্বাহিদৰ বাবে মৃণাল ঠাকুৰে গালি খাইছিল অভিভাৱকৰ পৰাঃ 3


শ্বাহিদৰ যেতিয়া শ্বুটিং থাকে তেতিয়া মই মনিটৰৰ ওচৰত বহি যাওঁ। তেওঁৰ পৰা শিকিবলগীয়া বহুত আছে আৰু আচলতে এগৰাকী দক্ষ অভিনেতাৰ পৰা কিবা এটা শিকিবলৈ পোৱাটো মোৰ বাবে ভাগ্য। শ্বাহিদৰ ওচৰত অভিনয়ৰ কিছু “অসাধাৰণ মেজিক” আছে যাৰ দ্বাৰা তেওঁ সকলোকে আকৰ্ষণ কৰে। “জৰ্সী” ত শ্বাহিদ কাপুৰে এজন এনে ক্ৰিকেটাৰৰ ভূমিকা ৰূপায়ন কৰিছে য’ত তেওঁ বহুল প্ৰতিভাৰ গৰাকী হোৱাৰ স্বত্বেও ভাৰতীয় ক্ৰিকেট নিজৰ ঠাই বনাব পৰা নাছিল। কিন্তু, পিছলৈ নিজ পুত্ৰৰ আশানুসৰি এটা স্পেচিয়েল জৰ্সী তেওঁ নিজৰ নামত কৰি পেলায়। এই ছবিখনৰ আন এক উল্লেখনীয় কথা এয়ে যে ইয়াত শ্বাহিদ কাপুৰৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেতা তথা শ্বাহিদৰ পিতৃ পংকজ কাপুৰক। পুনৰ বাৰ দুয়োগৰাকী অভিনেতাই স্ক্ৰীণ শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.