Rupaliparda.com
দেওবৰীয়া বিশেষ- "সংগীত ক্ষেত্ৰখনত মোৰ মা মোৰ প্ৰথম গুৰু"- নম্ৰতা কাশ্যপ 1

দেওবৰীয়া বিশেষ- “সংগীত ক্ষেত্ৰখনত মোৰ মা মোৰ প্ৰথম গুৰু”- নম্ৰতা কাশ্যপ

শেহতীয়াকৈ জনপ্ৰিয়তা লাভ কৰা অসমীয়া গীত “তুমি নহ’লে” ক হয়টো আপোনালোক সকলোৱে এবাৰ হ’লেও শুনিছে অথবা চাইছে। গীতটিত কন্ঠদান কৰা কন্ঠশিল্পী গৰাকীক বহুল সমাদৰ জনাইছিল অসমীয়া প্ৰতিজন সংগীত প্ৰেমী শ্ৰোতাই। ক্ষন্তেকতে ইউটিউবত গীতটিয়ে যিটো হাৰত সফলতা লাভ কৰিছিল তাতেই অংকুৰিত হৈছে গীতটোৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীৰ সফলতা। কেৱল মাত্ৰ গীতটিৰ কন্ঠই নহয়; ইয়াৰ ভিডিঅ’ত সন্নিৱিষ্ট কাহিনীভাগকো আঁকোৱালি লৈছিল সাধাৰণজনে। এই গীতটিত কন্ঠদান কৰা কন্ঠশিল্পী গৰাকীৰ নাম নম্ৰতা কাশ্যপ। সংগীত ক্ষেত্ৰখনত সৰুৰ পৰাই জড়িত নম্ৰতা কাশ্যপৰ নামটো বৰ্তমান সময়ৰ এটা চিনাকী নাম হৈ পৰিছে; তেওঁৰ আহিবলগীয়া প্ৰতিটো প্ৰকল্পৰ বাবেও এতিয়া অপেক্ষাৰত নম্ৰতাৰ অনুৰাগী। সদ্যমুক্তিপ্ৰাপ্ত “তুমি নহ’লে” গীতটিৰ পৰাই অনুৰাগীৰএখন দীঘলীয়া লিষ্ট গঠন হৈ পৰা নম্ৰতা কাশ্যপক এইবাৰ লৈ আনিছো আপোনালোকৰ মাজলৈ। আজিৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত আমি কথা পাতিম এইগৰাকী সংগীতশিল্পীৰ সৈতে; চাওঁচোন আহকঃ

দেওবৰীয়া বিশেষ- "সংগীত ক্ষেত্ৰখনত মোৰ মা মোৰ প্ৰথম গুৰু"- নম্ৰতা কাশ্যপ 2

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?

নম্ৰতা কাশ্যপঃ সংগীত ক্ষেত্ৰখনৰ সৈতে মই ৩.৫ বছৰ বয়সৰ পৰাই জড়িত হৈ আছো; সংগীত ক্ষেত্ৰখনত মোৰ মা মোৰ প্ৰথম গুৰু। মোৰ দেউতাইও এই ক্ষেত্ৰখনত জড়িত হোৱাৰ বাবে মোৰ লগত যথেষ্ট কষ্ট কৰিছে। মোৰ প্ৰথম শাস্ত্ৰীয় সংগীতৰ গুৰু আছিল শ্ৰী যুতা মামণি শৰ্মা বাইদেউ আৰু তাৰ পিছৰ মই সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিলো কল্যাণী দে’ বাইদেউৰ পৰা। মোৰ এই যাত্ৰাত আগবাঢ়ি যোৱাত মোৰ স্কুলৰ শিক্ষাগুৰু সকলে বহুত সহায় কৰিছে, আৰু লগতে মোৰ পৰিয়ালৰ সকলো সদস্যই মোক আগবাঢ়ি যোৱাত উৎসাহ দি আহিছে। সৰুৰে পৰাই বিদ্যালয়ৰ লগতে আন বিভিন্ন সংগীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান পাবলৈ সক্ষম হৈছিলো। ২০১২ চনত মই মৰিগাঁও মহাবিদ্যালয়ৰ “শ্ৰেষ্ঠ কন্ঠশিল্পী” ৰ বঁটা লাভ কৰিছিলো আৰু ২০১৫ চনত যোৰহাটত “Voice of Jorhat” ৰ খিতাপ লাভ কৰিছিলো। সেইটো সময়ত সংগীত জগতখনত লাভ কৰা এনেবোৰ বঁটাই আচলতে মোক ইয়াত আগবঢ়া কাৰণে যথেষ্ট উৎসাহ যোগাইছিল। ২০১৯ বৰ্ষত মোৰ প্ৰথমটো গীত ” তোমাৰ কথা যেতিয়া ভাবোঁ” য়ে মুক্তি লাভ কৰিছিল; গীতটিৰ কথা আছিল বৰষা বৰাৰ, সুৰ আৰু সংগীত কৰিছিল চন্দন দাস দায়ে। তাৰ পিছত শেহতীয়াকৈ মুক্তি লাভ কৰা গীত হৈছে “তুমি ন’হলে”। গীতটিৰ কথা আৰু সুৰ বৰষা বৰাৰ আৰু সংগীত পৰিচালনা কৰিছে ত্ৰিয়ন মহন্তই। গীতটি ৰাইজে আদৰি লৈছে আৰু তাৰ বাবে মই সদায় কৃতজ্ঞ হৈ ৰ’ম। মোৰ বাবে এইয়াই বহুত। এনেদৰেই আৰম্ভ হৈছিল মোৰ এই সংগীত ক্ষেত্ৰখনত যাত্ৰা……

দেওবৰীয়া বিশেষ- "সংগীত ক্ষেত্ৰখনত মোৰ মা মোৰ প্ৰথম গুৰু"- নম্ৰতা কাশ্যপ 3

প্ৰশ্নঃ আপোনাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

নম্ৰতা কাশ্যপঃ এক কথাত “শিল্পী” ৰ সংজ্ঞা ব্যক্ত কৰাটো সকলোৰে বাবেই অসুবিধা হয়। মোৰ মতে, “শিল্পী” বুলিলে বিশাল প্ৰতিভাৰ অধিকাৰী ব্যক্তি সকলকে ভাবো। উদাহৰণ স্বৰূপে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকা আদি ব্যক্তি সকল মোৰ মনত একোজন প্ৰকৃত “শিল্পী”।

দেওবৰীয়া বিশেষ- "সংগীত ক্ষেত্ৰখনত মোৰ মা মোৰ প্ৰথম গুৰু"- নম্ৰতা কাশ্যপ 4

প্ৰশ্নঃ শেহতীয়াকৈ আপোনাৰ গীত “তুমি নহ’লে” লাভ কৰিছে সংগীত প্ৰেমী শ্ৰোতাৰ বহুল সমাদৰ। আপুনি কি ক’ব?

নম্ৰতা কাশ্যপঃ সদ্যমুক্তিপ্ৰাপ্ত মোৰ গীত “তুমি ন’হলে” ক ইমান মৰম আৰু আদৰ দি ৰাইজে আকোঁৱালি লোৱাৰ বাবে মই সকলোৰে ওচৰত চিৰ কৃতজ্ঞ। এনেদৰেই আৰু ভাল লগা কামেৰে ৰাইজৰ কাষ চাপিব পাৰিম বুলি মইও আচলতে আশাবাদী। আহি থকা দিন বোৰতো যেন এনেদৰেই মৰম আৰু সঁহাৰি পাওঁ তাৰে আশা কৰিছো।

দেওবৰীয়া বিশেষ- "সংগীত ক্ষেত্ৰখনত মোৰ মা মোৰ প্ৰথম গুৰু"- নম্ৰতা কাশ্যপ 5

প্ৰশ্নঃ আহিবলগীয়া সময়ত কোন গৰাকী সংগীতশিল্পীৰ সৈতে কাম কৰাৰ ইচ্ছা??

নম্ৰতা কাশ্যপঃ এইটো প্ৰশ্নৰ উত্তৰত মই নিৰ্দিষ্টকৈ এজনৰ কথা ক’বলৈ অলপ অসুবিধা হয়। কাৰণ, মই যিকেইজন লোকক মোৰ আদৰ্শ হিচাপে লওঁ তেখেত আটাই কেইগৰাকীৰ সৈতে কাম কৰিব পাৰিলে মই সুখী হ’ম।আৰু, যদি নাম ক’ব লাগে তেনেহ’লে তাৰ ভিতৰত থাকিব তৰালী বা, জুবিন দা, পাপন দা, অনুৰাগ শইকীয়া দা আৰু প্ৰিতম চক্ৰৱৰ্তী। এই আটাইকেইজন লোকৰ সৈতে কাম কৰাৰ মোৰ বহুত ইচ্ছা আছে আৰু আশা কৰো আহিবলগীয়া সময়ত এয়া নিশ্চয় সফল হ’ব।

দেওবৰীয়া বিশেষ- "সংগীত ক্ষেত্ৰখনত মোৰ মা মোৰ প্ৰথম গুৰু"- নম্ৰতা কাশ্যপ 6

প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

নম্ৰতা কাশ্যপঃ পৰিকল্পনা বুলি ক’বলৈ গ’লে, নতুন গীত প্ৰস্তুতিৰ কিছু কথা-বতৰা চলি আছে। যিমান পাৰো সোনকালেই কাম আৰম্ভ কৰিম আৰু ৰাইজৰ মাজলৈ আগবঢ়াই দিব পাৰিম বুলি আশা কৰিছো। মাত্ৰ বিচাৰিছো ৰাইজৰ আদৰ আৰু সঁহাৰি।

দেওবৰীয়া বিশেষ- "সংগীত ক্ষেত্ৰখনত মোৰ মা মোৰ প্ৰথম গুৰু"- নম্ৰতা কাশ্যপ 7

ৰূপালীপৰ্দাঃ ধন্যবাদ নম্ৰতা। আপোনাৰ প্ৰকল্প সমূহ সফলতাৰ কামনাৰে আজিলৈ এৰিছো…

নম্ৰতা কাশ্যপঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform