Rupaliparda.com
এটি পৌৰাণিক প্ৰেম কাহিনীৰে Late Night Talkies ৰ "খৰিকাজাঁই"- 1

এটি পৌৰাণিক প্ৰেম কাহিনীৰে Late Night Talkies ৰ “খৰিকাজাঁই”-

Late Night Talkies ৰ বেনাৰত এইবাৰ চুটি ছবি নহয়; মুক্তি লাভ কৰিছে এটি সুন্দত গীত “খৰিকাজাঁই”। বিগত কেইবাদিনৰ পৰাই উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মাণ হৈ অহা চুটি ছবিসমূহে আকৰ্ষণ কৰিছিল দৰ্শকক। তেওঁলোকৰৰ চুটি ছবিসমূহত সন্নিৱিষ্ট কাহিনীবোৰেও আচলতে ৰাইজৰ পৰা বহুল হাৰত লাভ কৰিবলৈ সক্ষম হৈছিল সমাদৰ। কালি মুক্তি লাভ কৰা “খৰিকাজাঁই” শীৰ্ষক এই গীতটিৰ আন এক ভালল গা বৈশিষ্ট্য এয়াই যে গীতটিৰ ভিডিঅ’ত আছে এটা প্ৰেমৰ কাহিনী। পৌৰাণিক যুগৰ এটি সুন্দৰ কাহিনীক উপস্থাপনৰ দ্বাৰা নিৰ্মিত এই গীতটিয়ে সংগীত প্ৰেমী শ্ৰোতাৰ কাষ চপাত সক্ষম হোৱাৰ উপৰিও সফলতা চুমিবলৈ সক্ষম হৈছে। এটা গীতেৰে এটা কাহিনীক উপস্থাপন কৰা আমি প্ৰায় দেখো। আজি-কালি প্ৰায় প্ৰতিটো গীতৰ সৈতে খাপ খোৱাকৈ একোটা কাহিনী থাকে যিয়ে জনসাধাৰণক আৰু অধিক সংযোগ কৰে; গতিকে এনেক্ষেত্ৰতেই মুক্তি লাভ কৰিছে “খৰিকাজাঁই”। গীতটিৰ মুক্তিক লৈ বৰ্তমান উৎসাহিত প্ৰতিজন অনুৰাগী। নৱপ্ৰজন্মৰ ন-প্ৰকল্প আৰু তেওঁলোকৰ প্ৰতিভাই আচলতে ইতিমধ্যে জনসাধাৰণক এক সোঁৱাদ প্ৰদান কৰিবলৈ সক্ষম হৈছে।

এটি পৌৰাণিক প্ৰেম কাহিনীৰে Late Night Talkies ৰ "খৰিকাজাঁই"- 2


উক্ত গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে সত্যজিৎ মৰাণ আৰু সঞ্চিতা ভূঞাই। ইয়াৰ ভিডিঅ’ পৰিচালনা সপ্তৰ্ষি গগৈৰ আৰু দৃশ্যগ্ৰহণৰ দায়িত্বত আছে আকাশদীপ ডেকা; ইয়াত সহঃ পৰিচালনা যদুপতি বৰদলৈ আৰু অভিনাশ গগৈৰ। গীতটিৰ প্ৰযোজনা অঞ্জলী মৰাণৰ। আনহাতে, “খৰিকাজাঁই” গীতটিৰ কথা জগদীশ নাথৰ আৰু ইয়াত কন্ঠদান কৰাৰ উপৰিও সংগীত দিছে চূড়ামণি দত্তই। ইটোৰ পিছত সিটো প্ৰকল্পৰ সৈতে আগবঢ়া Late Night Talkies ক লৈ বৰ্তমান আশাবাদী অসমীয়া দৰ্শক। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতিটো মাধ্যমতেই বৰ্তমান নিজ অন্তৰ্ভূক্তি দেখুৱাইছে নৱপ্ৰজন্মই আৰু তেওঁলোকৰ এনে চেষ্টাত আপ্লুতও সকলো। মনোৰঞ্জন বুলি ক’বলৈ গ’লে সম্প্ৰতি সময়ত জনসাধাৰণৰ সোঁৱাদৰ কিছু সালসলনি ঘটাও দেখিবলৈ পোৱা গৈছে।

একঘেয়ামীতাৰ পৰা আঁতৰি আহি নিত্য-নতুন সৃষ্টিৰ প্ৰতি আগবঢ়াৰ চেষ্টাই তেওঁলোকৰ প্ৰকল্প সমূহ আৰু অধিক উপভোগ্য কৰি তোলাত সক্ষম হৈছে। বলীউডত সলনি হোৱা হিৰো’ সংজ্ঞাৰ সমান্তৰালকৈ এতিয়া অসমীয়া ক্ষেত্ৰখনৰ তথাকথিত সৃষ্টিতকৈ জনসাধাৰণৰ আপোন হৈছে নৱপ্ৰজন্মৰ একাংশ প্ৰকল্প।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform