Rupaliparda.com
"নাগিন" ৰূপত অনুৰাগীয়ে প্ৰস্তুত কৰিলে শ্ৰদ্ধা কাপুৰকঃ কৃতজ্ঞতা জ্ঞাপন অভিনেত্ৰীৰ- 1

“নাগিন” ৰূপত অনুৰাগীয়ে প্ৰস্তুত কৰিলে শ্ৰদ্ধা কাপুৰকঃ কৃতজ্ঞতা জ্ঞাপন অভিনেত্ৰীৰ-

শ্ৰদ্ধা কাপুৰে শেহতীয়াকৈ চচিয়েল মিডিয়া যোগে জনাইছিল যে তেওঁ তিনিখন ছবি গ্ৰহণ কৰিছে যাৰ ভিতৰত তেওঁ এখন ছবিত “নাগিন” ৰ চৰিত্ৰ ৰূপায়ন কৰিব। তেওঁৰ এই ৰূপটোক চাবলৈ উৎসাহিতও হৈ পৰিছে এতিয়া তেওঁৰ অনুৰাগী। অভিনেত্ৰী গৰাকীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টত তেওঁৰ “নাগিন” ৰূপটোৰ কিছু ফটো শ্বেয়াৰ কৰে যিবোৰ প্ৰস্তুত কৰিছে তেওঁৰেই একাংশ অনুৰাগীয়ে। তেওঁ এই ফটোসমূহৰ সৈতে দিয়া এক কেপছনযোগে কয় যে, “মই আপোনালোকৰ মাজত কিছু “আৰ্টৱৰ্ক” উলিয়াই দিছো; যিখিনি প্ৰস্তুত কৰি উলিয়াইছে আপোনালোকে নিজেই। আপোনাসৱৰ পৰা পোৱা এই মৰমৰ বাবে মই চিৰকৃতজ্ঞ; বহুত বহুত ধন্যবাদ।” নিজৰ এই চৰিত্ৰটোক লৈ উৎসাহী শ্ৰদ্ধা কাপুৰে পূৰ্বেও এটি ষ্টেটাছ যোগে কৈছিল যে, “ডাঙৰ পৰ্দাত “নাগিন” ৰ চৰিত্ৰ ৰূপায়ন কৰাটো মোৰ বাবে বহু ডাঙৰ কথা। সৰুৰ পৰাই শ্ৰী দেৱী মেমৰ ছবি “নাগিনা” আৰু নিগাহে” চাই ডাঙৰ হৈছো গতিকে এনে ছবিত অভিনয় কৰাটো মোৰ বাবে ডাঙৰ অভিজ্ঞতা।” শ্ৰী দেৱী, ৰীণা ৰয়ে পূৰ্বতেই হিন্দী ছবিজগতত “সাপ” ৰ চৰিত্ৰ ৰূপায়েনেৰে এই ছবিসমূহক এক উচ্চ পদত প্ৰতিষ্ঠিত কৰিছিল।

"নাগিন" ৰূপত অনুৰাগীয়ে প্ৰস্তুত কৰিলে শ্ৰদ্ধা কাপুৰকঃ কৃতজ্ঞতা জ্ঞাপন অভিনেত্ৰীৰ- 2
"নাগিন" ৰূপত অনুৰাগীয়ে প্ৰস্তুত কৰিলে শ্ৰদ্ধা কাপুৰকঃ কৃতজ্ঞতা জ্ঞাপন অভিনেত্ৰীৰ- 3


উল্লেখ্য যে, শ্ৰদ্ধা কাপুৰে অভিনয় কৰিবলগীয়া এই ছবিখনৰ পৰিচালনা কৰিব বিশাল ফুৰিয়াই আৰু ইয়াৰ প্ৰযোজনা নিখিল দ্বিবেদীৰ। আনহাতে, হিন্দী ছবি ক্ষেত্ৰত উক্ত বিষয়বস্তুৰে প্ৰথমখন ছবি নিৰ্মাণ হৈছিল ১৯৮৬ চনত; য’ত অভিনয় কৰিছিল শ্ৰী দেৱী আৰু ঋষি কাপুৰে। এই ছবিখনৰ দ্বাৰাই শ্ৰী দেৱীৰ এই ৰূপটোক সকলোৱে আঁকোৱালি লৈছিল লগতে “নাগিন” ৰ বিষয়বস্তুটোক সঁহাৰি জনাইছিল দৰ্শকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform