Rupaliparda.com
"সংগীতৰ ক্ষেত্ৰত মই সফলতা বিফলতা বুলি একো নাভাবো"- চূড়ামণি দত্ত 1

“সংগীতৰ ক্ষেত্ৰত মই সফলতা বিফলতা বুলি একো নাভাবো”- চূড়ামণি দত্ত

শেহতীয়াকৈ Late Night Talkies ৰ বেনাৰত মুক্তি লাভ কৰিছিল এটি সুন্দৰ গীত “খৰিকাজাঁই”। গীতটিৰ সুৰ, সংগীতৰ লগতে তাত কন্ঠদান কৰা কন্ঠশিল্পী গৰাকীৰ কন্ঠই মুহিছিল প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতাক। জনপ্ৰিয়তা অথবা জনসাধাৰণৰ অত্যাধিক দৃষ্টিগোচৰ নহ’লেও তেওঁলোকে কৰা এটা সৰু সৃষ্টিয়েও বৰ্তমান আকৃষ্ট কৰিছে প্ৰত্যেককে। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “খৰিকাজাঁই” শীৰ্ষক গীতটিত কন্ঠদান কৰা কন্ঠশিল্পী গৰাকীৰ নাম হৈছে চূড়ামণি দত্ত। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত যেতিয়া তেওঁক সংগীত যাত্ৰাটোৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “আচলতে আমাৰ ঘৰখনত চৰ্চা হৈছিল গীত-মাত,নৃত্য ,অভিনয়ৰ। মই সৰুৰে পৰা এই আটাইবোৰৰ মাজতেই ডাঙৰ হৈছো। মোৰ দেউতা আছিল সাত দিন-সাত ৰাতি ঘৰলৈ নহাকৈ সামাজিক কাম কৰা এজন ব্যক্তি। তেওঁলোকৰ “সপ্তৰথী” নামেৰে এটা সাতজনীয়া গ্ৰুপ আছিল; মোৰ মাও সাংস্কৃতিক দিশটোৰ প্ৰতি বৰ আগ্ৰহী আছিল। ৰেডিঅ’ ত শুনি গান লিখিছিল আৰু মোক গাবলৈ শিকাইছিল। মোৰ দাদাই খুব ভাল তবলা বজায়; তেওঁ সংগীত বিভাগত (তবলা) ত দ্বৈত স্নাতকোত্তৰ।তেওঁ নিজৰ বিষয়টোত যথেষ্ট গুৰুত্ব দি আহিছে। লগতে, মোৰ দুজনী বাইদেউয়ে অভিনয় আৰু নৃত্যত আগবঢ়া। গতিকে সৰুৰে পৰা ৰাস, নাটক, ভাওনা আদি প্ৰতিটো ক্ষেত্ৰতে মোৰ পৰিচয় হৈছিল; মোৰ সংগীত ক্ষেত্ৰখনত আৰম্ভণি প্ৰসংগ আনিলে এজন ব্যক্তিক মই আজীৱন পাহৰিব নোৱাৰো; তেখেত বৰ্তমান আমাৰ মাজত নাই।”

"সংগীতৰ ক্ষেত্ৰত মই সফলতা বিফলতা বুলি একো নাভাবো"- চূড়ামণি দত্ত 2


চূড়ামণিয়ে আগলৈ কয় যে, ” তেওঁ হৈছে মোৰ সংগীতৰ আদি গুৰু ভূপেন দাস। তেওঁ আমাৰ ঘৰলৈ আহি মোক ফুচুলাই নিচুকাই গান শিকাইছিল। ৰাভা সংগীত, জ্যোতি সংগীত, বনগীত, লোকগীত আৰু বহুতো গীতৰ বিষয়ে তেওঁ মোক যি শিকাই থৈ গ’ল সেয়া হয়টো মই কেতিয়াও পাহৰিব নোৱাৰিম। যিহেতু ঘৰতেই আৰম্ভ হৈছিল মোৰ শিক্ষা, গতিকে মোৰ প্ৰথম আনুষ্ঠানিক শিক্ষানুষ্ঠান হৈছে মোৰ ঘৰখন। অৱশ্যে, আৰু বহু লোকৰ সহায় আছে মোৰ এই সাংগীতিক যাত্ৰাত; যিখিনি এতিয়া মই ক’বলৈ ধৰিলে বহু সময় যাব।” একোটা গীতৰ সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এয়া বৰ কঠিন প্ৰশ্ন। সংগীতৰ ক্ষেত্ৰত মই সফলতা বিফলতা বুলি একো নাভাবো; মোৰ মতে, সততাৰে-নিষ্ঠাৰে কাম কৰিলে এটা ভাল গীত হ’ব পাৰে। কিন্তু যদি আপুনি এই প্ৰশ্নটো বাণিজ্যিক দিশৰ পৰা কৰিছে, তেনেহ’লে ইয়াৰ উত্তৰ মই নিজেও নাজানো।”

"সংগীতৰ ক্ষেত্ৰত মই সফলতা বিফলতা বুলি একো নাভাবো"- চূড়ামণি দত্ত 3


আগন্তুক পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত কন্ঠশিল্পী গৰাকীয়ে কয় যে, “আহিবলগীয়া সময়ত বহু কেইটা গীতৰ পৰিকল্পনা কৰা আছে। এই বিষয়ত আচলতে মইও উৎসাহী হৈ আছো; নিশ্চয় আপোনালোকেও সোনকালে জানিবলৈ পাব।” চূড়ামণি দত্তৰ আগন্তুক প্ৰতিটো পৰিকল্পনা তথা প্ৰস্তুতিৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform