এটি নতুন লুকৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছে জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ। বিগত বহু দিনৰ পৰা তেওঁৰ আহিবলগীয়া এই গীতটিক লৈ চৰ্চা চলা দেখিবলৈ পোৱা গৈছিল। তেওঁ নিজেও বিভিন্ন পোষ্ট যোগে গীতটিৰ বিষয়ে জনাইছিল অনুৰাগীক। “বৰষুণ” শীৰ্ষক আহিবলগীয়া এই গীতটিৰ ইতিমধ্যে মুক্তি লাভ কৰিছে ফাৰ্ষ্ট লুক পোষ্টাৰ। শেহতীয়াকৈ পোষ্টাৰ খন মুকলি হোৱাৰ পিছতেই ইয়াক আচুৰ্য্য বৰপাত্ৰৰ বিভিন্ন জন অনুৰাগীয়ে চচিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। পূৰ্বতকৈ যেন কিছু অইন ৰূপত এইবাৰ শ্ৰোতা-দৰ্শকৰ মাজলৈ আহি আছে আচুৰ্য্য বৰপাত্ৰ। মুঠতে, দীৰ্ঘদিনৰ পৰা চৰ্চিত হৈ থকা আহিবলগীয়া এই গীতটোক লৈ বৰ্তমান অপেক্ষাৰত অনুৰাগী। “বৰষুণ” য়ে অনা মাদকতা আৰু অজান শিহৰণে প্ৰায়ে প্ৰত্যেককে শিঁহৰিত কৰি তোলে। এনে “বৰষুণ” ক লৈ হোৱা সৃষ্টিৰ প্ৰতি আকৰ্ষিতও হৈ পৰে আচলতে সকলো; প্ৰত্যেকৰে এই “বৰষুণজাক” ৰ সৈতে কোনো নহয় কোনো ধৰণৰ স্মৃতি জড়িত হৈয়ে থাকে।

সঁচাকৈ “বৰষুণ” জাক যেন প্ৰতিটো কাহিনীৰ বাবেই আলহী; ই কিছু স্মৃতি সিঁচি আকৌ এবাৰ উভতি গুচি যায়। আচুৰ্য্য বৰপাত্ৰৰ “বৰষুণ” ক লৈ সেইবাবেই উৎসাহী প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতা-দৰ্শক। এই গীতটিৰ কথা আৰু সুৰ আচুৰ্য্য বৰপাত্ৰৰ নিজৰেই; সংগীত প্ৰযোজনা প্ৰণয় দত্তৰ লগতে ইয়াত শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। গীতটিৰ ভিডিঅ’ত আচুৰ্য্য বৰপাত্ৰৰ সৈতে অভিনয় কৰিছে সুনীতা কৌশিকে। লগতে, ইয়াত ভিডিঅ’ পৰিচালনা কৰিছে সুব্ৰত কাকতিয়ে আৰু দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে। ৰোমান্টিক গীতৰ ক্ষেত্ৰত বিশেষ দখল থকা আচুৰ্য্য বৰপাত্ৰই প্ৰায় প্ৰতিটো গীতৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

গীতটিৰ মুক্তিৰ তাৰিখ দিয়া হোৱা নাই যদিও বৰ্তমান আচুৰ্য্য বৰপাত্ৰৰ এই নতুন গীতটিক লৈ অপেক্ষাৰত প্ৰত্যেকগৰাকী অনুৰাগী। তেওঁৰ এই আহিবলগীয়া গীতটিক লৈ ৰূপালীপৰ্দাৰ ফালৰ পৰাও জনাইছো শুভকামনা।
Add comment