Rupaliparda.com
আকৌ এবাৰ পূৰণি স্মৃতি ৰোমন্থন উৎপল দাসৰঃ 1

আকৌ এবাৰ পূৰণি স্মৃতি ৰোমন্থন উৎপল দাসৰঃ

এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “জোনাকী” ভিচিডিখন হয়টো আপোনলোকৰ নিশ্চয় মনত আছে। তেতিয়াৰ সময়ত মুক্তিপ্ৰাপ্ত ভিচিডি কেইখনৰ কাহিনীৰ লগতে ইয়াত সন্নিৱিষ্ট গীত সমূহেও শ্ৰোতাৰ হৃদয়তো ঠাই বনোৱা দেখিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ চচিয়েল মিডিয়াত সক্ৰিয় হোৱা অভিনেতা উৎপল দাসে নিজৰেই এটি গীতত “ৰিল ভিডিঅ” কৰি আপলোড কৰে ইনষ্টাগ্ৰামত; জুবিন গাৰ্গৰ কন্ঠৰে উক্ত ভিচিডি “জোনাকী” খনৰেই এটি গীত “অইনা ঐ অইনা ঐ, কইনা তুমি মোৰ মনৰ লখিমী” ত উৎপল দাসে বনোৱা ভিডিঅ’টোৰ পিছতেই অনুৰাগীয়ে তেওঁক নানান ধৰণৰ কমেন্ট কৰা দেখিবলৈ পোৱা যায়। অসমীয়া ভিচিডি “ৰিঙা ৰিঙা মন” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা উৎপল দাস বৰ্তমান সময়ৰ এগৰাকী উল্লেখনীয় অসমীয়া অভিনেতা। কেইবাখনো অসমীয়া ভিচিডিত একেলেথাৰিয়ে অভিনয় কৰা উৎপল দাসে কোৱাৰেন্টাইনৰ সময়ছোৱাতো বিভিন্ন ধনাত্মক বাৰ্তা প্ৰদানেৰে অনুৰাগীৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল।

আকৌ এবাৰ পূৰণি স্মৃতি ৰোমন্থন উৎপল দাসৰঃ 2
আকৌ এবাৰ পূৰণি স্মৃতি ৰোমন্থন উৎপল দাসৰঃ 3


উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে। সদ্যসমাপ্ত ৰঙত প্ৰচাৰিত “আঁউসীৰ জোনাক” শীৰ্ষক ধাৰাবাহিক খনত অভিনেত্ৰী স্নিগ্ধাৰ সৈতে উৎপল দাসৰ যুঁটিটোক পচন্দও কৰিছিল সকলোৱে। “বৃন্দাবন থিয়েটাৰ” ৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত হৈছিল অভিনেতা উৎপল দাস।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform