Rupaliparda.com
এতিয়াৰে পৰা পূৰ্বৰ দৰে ৱেব চিৰিজ মুক্তিত নাথাকিব স্বাধীনতাঃ চৰকাৰে দিব তীক্ষ্ণ চকু- 1

এতিয়াৰে পৰা পূৰ্বৰ দৰে ৱেব চিৰিজ মুক্তিত নাথাকিব স্বাধীনতাঃ চৰকাৰে দিব তীক্ষ্ণ চকু-

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ অনুচ্ছেদ ৭৭ৰে প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি Government of India (Allocation of Business) 1961 Rules ৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় শীৰ্ষক দ্বিতীয় অনুসূচীত প্ৰয়োজনীয় সংশোধনী ঘটাই কৰা এক ঘোষণা মতে এতিয়াৰে পৰা OTT প্লেটফৰ্মত উপলদ্ধ থকা কন্টেন্ট সমূহত থাকিব কেন্দ্ৰীয় চৰকাৰৰ তীক্ষ্ণ চকু। প্ৰায়ে দেখিবলৈ পোৱা যায় যে, অনলাইন প্লেটফৰ্মত উপলদ্ধ ৱেব চিৰিজসমূহে কোনো ধৰণৰ চেন্সৰ অবিহনে যিকোনো দৃশ্য শ্বুট কৰে। কিন্তু এতিয়া এই প্ৰতিটো বিষয়ত চিৰিজ নিৰ্মাতা সকলে চৰকাৰৰ ফালৰ পৰা অনুমতি লাভ কৰিব লাগিব। ছবিগৃহত মুক্তিপ্ৰাপ্ত ছবিসমূহে যেনেদৰে চেন্সৰ লাভ কৰিবলগীয়াত পৰে ঠিক তেনেদৰে বৰ্তমান এই ৱেব চিৰিজসমূহেও মুক্তিৰ পূৰ্বে চৰকাৰক দেখুৱাই মুক্তিৰ বাবে অনুমতি লাভ কৰিব লাগিব। মুঠতে, পূৰ্বৰ পৰাই আমি যিসমূহ ৱেব চিৰিজ চাই আত্মসন্তুোষ্টি লাভ কৰিছিলো অথবা যিবোৰ বিষয়বস্তুই আমাক ক্ষন্তেকতে আমোদ প্ৰদান কৰিবলৈ সক্ষম হৈছিল সেইসমূহে এতিয়া হয়টো মুক্তি পাবলৈও লাভ নকৰিব সন্মতি। চৰকাৰী গাইডলাইনৰ জৰিয়তে আগবাঢ়িবলগীয়া এই ৱেব চিৰিজসমূহৰ এতিয়া বিভিন্ন বোৰ দৃশ্যত চৰকাৰে চলাব হয়টো কেঁচি।

এতিয়াৰে পৰা পূৰ্বৰ দৰে ৱেব চিৰিজ মুক্তিত নাথাকিব স্বাধীনতাঃ চৰকাৰে দিব তীক্ষ্ণ চকু- 2
এতিয়াৰে পৰা পূৰ্বৰ দৰে ৱেব চিৰিজ মুক্তিত নাথাকিব স্বাধীনতাঃ চৰকাৰে দিব তীক্ষ্ণ চকু- 3


আমি প্ৰায়ে ৱেব চিৰিজ সমূহত বিভিন্ন গালি-গালাজ লগতে অসহ্যকৰ কিছু কটা-মৰা দৃশ্য দেখো কিন্তু শেহতীয়াকৈ অহা আদেশমৰ্মে কেন্দ্ৰীয় চৰকাৰে এইবোৰতো দিব নিজ চকু। এই বিষয়ক লৈ বৰ্তমান বিভিন্ন জন দৰ্শকে নিজ নিজ আপত্তিও ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে চচিয়েল মিডিয়াত। উল্লেখ্য যে, ভাৰতত বিদেশী বিষয়বস্তুক লৈ বিভিন্ন ৱেব চিৰিজ নিৰ্মাণ কৰা হৈ আছে গতিকে এইসমূহৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাও হয়টো দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform