Rupaliparda.com
"সমকামিতা" ৰ এক সুন্দৰ কনচেপ্ট লৈ "অকলশৰীয়া" ৰ শুভমুক্তিঃ 1

“সমকামিতা” ৰ এক সুন্দৰ কনচেপ্ট লৈ “অকলশৰীয়া” ৰ শুভমুক্তিঃ

“সমকামিতা” বিষয়টোক লৈ আমি ইতিমধ্যে বহু প্ৰকল্পৰ উপভোগ কৰিছো। তথাকথিত সমাজ আৰু সমাজ ব্যৱস্থাত প্ৰায়ে “ফিট” নোহোৱা এক বিষয় ৰূপে পৰিগণিত হোৱা সমকামিতা বিষয়টোক অৱশ্যে বৰ্তমান একাংশই গ্ৰহণো কৰিছে। কিন্তু, সাধাৰণ যেন হ’লেও অসাধাৰণ ৰূপে বিষয়টোক তাচ্ছিল্য কৰা কথাটোকো আমি নুই কৰিব নোৱাৰো। শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰখনত মুক্তি লাভ কৰিছে এটি নতুন গীত “অকলশৰীয়া” ই। Mystic Production House ৰ বেনাৰত নিৰ্মিত এই গীতটোৱে খলকনি লগাইছে সচেতন মহলত। পোনপ্ৰথমবাৰৰ বাবে দুগৰাকী নাৰীৰ জীৱন তথা প্ৰেমক লৈ উপস্থাপন কৰা হৈছে গীতটি আৰু ইয়াৰ ভিডিঅ’টো। প্ৰেম অন্ধ; কথাষাৰক যদিও ভিন্নজনে উপলুঙা কৰে তৎস্বত্বেও ইয়াত অন্তৰ্নিহিত কাৰণটোক হৃদয়ংগম কৰা জনে বুজি উঠে আচলতে এনেদৰে কিয় কোৱা হয়! বয়স, লিংগ, দেহৰ গঠন ইত্যাদিত প্ৰেমৰ জীৱন নাথাকে; ইয়াৰ সংজ্ঞা এইবোৰৰ বহু উৰ্দ্ধত। সদ্যমুক্তিপ্ৰাপ্ত “অকলশৰীয়া” শীৰ্ষক গীতটিতো এনে কিছু কনচেপ্টে ভূমুকি মাৰিছে।


দুগৰাকী অভিনেত্ৰী ক্ৰমে স্বাস্তিকা হাজৰিকা আৰু শ্বৱনম নাৰগিছে গীতটিত কৰা লেখত ল’বলগীয়া অভিনয়ে “অকলশৰীয়া” ক আৰু অধিক উপভোগ্য কৰি তুলিছে। গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী নীলাক্ষী নেওঁগে আৰু ইয়াত কথা তথা সুৰ পল্লৱ তালুকদাৰৰ। শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ; আনহাতে গীতটি বাণীবদ্ধ কৰিছে পিংকু দাসে। গীতটিৰ ভিডিঅ’টোৰ চিত্ৰনাট্য আৰু পৰিচালনা ৰুহুল বৰভূঞাৰ আৰু ইয়াৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰি পৰিচালনা কৰিছে ধৃতিৰাজ মহনে।

"সমকামিতা" ৰ এক সুন্দৰ কনচেপ্ট লৈ "অকলশৰীয়া" ৰ শুভমুক্তিঃ 2


যেতিয়ালৈ আমাৰ এই সমাজ খনে কিছুমান বিষয়ক কঠোৰ ভাৱে চাবলৈ এৰি উপলুঙাসূচক মন্তব্য কৰাৰ পৰা বিৰত থাকিব তেতিয়াহে আমাৰ সমাজ ব্যৱস্থা আৰু অধিক সুন্দৰ আৰু গ্ৰহণযোগ্য হৈ পৰিব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform