Rupaliparda.com
আচুৰ্য্য বৰপাত্ৰলৈ জন্মদিনৰ শুভকামনাঃ 1

আচুৰ্য্য বৰপাত্ৰলৈ জন্মদিনৰ শুভকামনাঃ

অসমীয়া সংগীত ক্ষেত্ৰখনত নিজৰ এক সুকীয়া বৈশিষ্ট্যৰ সৃষ্টি কৰা কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰৰ জন্মদিন; কন্ঠশিল্পী গৰাকীলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা। গোলাঘাটৰ সৰুপথাৰ ঠাইখনৰ পৰা উঠি অহা এইগৰাকী কন্ঠশিল্পীৰ বৰ্তমানৰ অনুৰাগীৰ সংখ্যাও দীঘলীয়া। “ৰাতি দুপৰলে” ৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ছোৱাৰ “পাৰা যদি হোৱানা মোৰ” শীৰ্ষক গীতটিলৈ আচুৰ্য্য বৰপাত্ৰৰ প্ৰায় প্ৰত্যেকটা গীতেই জনপ্ৰিয়তাৰ শিখৰত। শেহতীয়াকৈ তেওঁৰ কন্ঠৰে আহিবলৈ সাজু হৈছে এটি গীত “বৰষুণ”; কিছুদিন পূৰ্বে গীতটিৰ ফাৰ্ষ্ট লুক মুকলি কৰা হৈছিল। গীতটিত কন্ঠশিল্পী গৰাকীৰ এটা নতুন লুক দেখিবলৈ পাইছিল দৰ্শকে; কন্ঠশিল্পী গৰাকীৰ নতুন লুক তথা আকৌ এটি নতুন গীতক লৈ উৎসাহিত হৈ পৰিছে তেওঁৰ অনুৰাগী।

আচুৰ্য্য বৰপাত্ৰলৈ জন্মদিনৰ শুভকামনাঃ 2
আচুৰ্য্য বৰপাত্ৰলৈ জন্মদিনৰ শুভকামনাঃ 3


কেৱল মাত্ৰ, সাংস্কৃতিক দিশটোৰ লগতেই নহয়; কন্ঠশিল্পী গৰাকী জড়িত সামাজিক দিশটোৰ সৈতেও। সামাজিকভাৱে দায়বদ্ধ আচুৰ্য্য বৰপাত্ৰই প্ৰায়ে সমাজৰ বিভিন্ন কামত সহায় আগবঢ়োৱা দেখিবলৈ পোৱা যায়। সুন্দৰ কথাৰে নিৰ্মিত একোটি গীতেৰে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হোৱা আচুৰ্য্য বৰপাত্ৰক পুনৰ বাৰ জনাইছো তেওঁৰ জন্মদিনৰ শুভকামনা। জন্মদিনৰ দিনাই চচিয়েল মিডিয়াত একোটাকৈ পোষ্টেৰে অনুৰাগীয়ে কন্ঠশিল্পী গৰাকীলৈ জনায় শুভেচ্ছা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.