Rupaliparda.com
ভাৰতীয় ছবি ক্ষেত্ৰখন খালী কৰি সৌমিত্ৰ চেতাৰ্জীৰ দেহাৱসানঃ 1

ভাৰতীয় ছবি ক্ষেত্ৰখন খালী কৰি সৌমিত্ৰ চেতাৰ্জীৰ দেহাৱসানঃ

ভাৰতীয় ছবি ক্ষেত্ৰলৈ আন এক দুখবৰ। দীপাৱলীৰ পিছদিনাই শোকস্তব্ধ হৈ পৰিছে ভাৰতীয় ছবি জগতখন। বঙালী ছবি জগতৰ সুদক্ষ তথা যশস্বী অভিনেতা সৌমিত্ৰ চেতাৰ্জীৰ দেহাৱসনাৰ খবৰে বৰ্তমান কৰে শোকাহত কৰিছে সকলোকে। যোৱা দেওবাৰেই ৰাজকীয় সন্মানৰে অভিনেতা গৰাকীৰ অন্তিম সৎকাৰ কৰা হয়। ৮৫ বছৰীয়া এই অভিনেতা গৰাকীৰ দেহত ক’ৰোণা সংক্ৰমণে দেখা দিয়াৰ পিছতেই তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয়। কিন্তু বহু দিনৰ পৰা সংক্ৰমণটোৰ সৈতে যুঁজ দি অৱশেষত ১৫ নৱেম্বৰৰ ৰাতি তেওঁ এই সংসাৰৰ পৰা বিদায় লয়। আমিৰ খানে অভিনেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, “ভাৰতীয় ছবি ক্ষেত্ৰখনে এজন নক্ষত্ৰ হেৰুৱালে। অভিনেতা গৰাকীৰ পৰিয়ালৰ প্ৰতিজন লোকক মই সমবেদনা জ্ঞাপন কৰিছো। তেওঁৰ কামে আমাক প্ৰত্যেকদিনাই উৎসাহিত কৰি ৰাখিব।”

https://twitter.com/aamir_khan/status/1328234857051287553?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1328234857051287553%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-soumitra-chatterjee-death-aamir-khan-mourns-legendary-actor-death-says-indian-cinema-has-lost-one-of-its-leading-lights-21065927.html
https://twitter.com/SrBachchan/status/1328035528264933377?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1328035528264933377%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-soumitra-chatterjee-death-aamir-khan-mourns-legendary-actor-death-says-indian-cinema-has-lost-one-of-its-leading-lights-21065927.html


অমিতাভ বচ্চনেও সৌমিত্ৰ চেতাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চচিয়েল মিডিয়াত পোষ্ট কৰে। বাণিজ্যিক ছবিতকৈ অধিক তেওঁক কলা ছবিসমূহত দেখিবলৈ পোৱা গৈছিল যদিও কেৰিয়াৰৰ পিছৰ সময়ছোৱাত তেওঁ অধিক বাণিজ্যিক ছবিৰ সৈতে জড়িত হৈ পৰিছিল। ক’ভিড ১৯ ৰ সংক্ৰমণৰ পূৰ্বে সৌমিত্ৰ চেতাৰ্জীয়ে তেওঁৰ বায়’পিক ছবি “অভিযান” ৰ শ্বুটিং সম্পূৰ্ণ কৰে। তেওঁৰ বায়’পিকৰ কিছু কিছু অংশত সৌমিত্ৰ চেতাৰ্জীকে দেখিবলৈ পাব দৰ্শকে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.