গুৱেৰ্ণিকাৰ ডিজিটেল নাটক “হেংদাং For Sale” ক লৈ এতিয়াও যেন মাৰ যোৱা নাই জনসাধাৰণৰ উছাহ। গুৱাহাটীৰ পিছতেই আন কেইবাখনো ঠাইত প্ৰদৰ্শনীৰ বাবে আহ্বান জনাইছিল জনসাধাৰণে আৰু তাৰ পিছতেই শেহতীয়াকৈ নলবাৰী আৰু অহা ২৯ নৱেম্বৰত ছিপাঝাৰত উক্ত ডিজিটেল নাটখনৰ কৰা হ’ব প্ৰদৰ্শনী। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মিত এই নাটখনক ইতিমধ্যে বহুল চৰ্চাৰ সন্মুখীন হোৱাৰ লগতে সাধাৰণজনে নাটক খনক আঁকোৱালি লোৱাও দেখিবলৈ পোৱা গৈছে। আমাৰ সমাজৰ প্ৰতিজন ব্যক্তি বৰ্তমান তথাকথিত কিছু দেখনিয়াৰ বস্তুৰ প্ৰতি বেছি আকৰ্ষিত হওঁ। পাশ্চাত্য সংস্কৃতিক আকোঁৱালি লৈ আমি এনে এক পৰ্যায়ত উপনীত হৈছো য’ত “নিজস্বতা” ক হেৰুৱাই পেলাইছো আমি। মোটা অংকৰ টকা লগতে সস্তীয়া জনপ্ৰিয়তাৰ দিশে আমাৰ সমাজ ব্যৱস্থাই হেৰুৱাই পেলোৱা নিজস্বতাৰ ফলতেই যে আমি বৰ্তমান কেৱল প্ৰতিবাদৰ ওপৰত নিৰ্ভৰ কৰি জাতি, মাটি, ভেঁটি ৰক্ষণৰ কথা ক’বলৈ আৰম্ভ কৰিছো তাৰ সম্পূৰ্ণ নিদৰ্শন দেখিবলৈ পোৱা গৈছিল হিমাংশু প্ৰসাদ দাসৰ উক্ত ডিজিটেল নাটকখনত।


প্ৰায় ১ ঘণ্টা দৈৰ্ঘ্যৰ এই নাটকখনৰ অন্তিম সময়ছোৱাত জনপ্ৰিয় কন্ঠশিল্পী শংকুৰাজৰ কন্ঠৰে নিৰ্মাণ হোৱা গীতটিয়ে নাটখন চাবলৈ উপস্থিত প্ৰত্যেকজন দৰ্শকক হয়টো শিহঁৰিত নকৰাকৈ থকা নাই। নাটখনৰ কলা নিৰ্দেশনা আৰু সাজ সজ্জাৰ দায়িত্বত আছে প্ৰণামী বৰা। এই ডিজিটেল নাটখনৰ কেমেৰা আৰু সম্পাদনা হাৰ্ডিক কাশ্যপৰ; ইয়াত অভিনয় কৰিছে অপূৰ্ব বৰ্মন, নৱজ্যোতি নাথ, অমূল্য কুমাৰ, সিদ্ধাৰ্থ মূখাৰ্জী, ধীৰাজ মজুমদাৰ, সীমান্ত কাকতি, দিলীপ কুমাৰ দাস, জ্যোতি প্ৰসাদ দাস, নাৰায়ণ বৈশ্য, ৰূপম জ্যোতি দাস, ধৰিত্ৰী দাস, সাগৰিকা দাস, তগৰ দাসৰ লগতে আন বহুতো ন-পূৰণি কলা-কুশলীয়ে।
Add comment