সাধাৰণ জনৰ লগতে মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত অভিনেত্ৰী সকলেও অৱশ্যে অন্য লোকৰ সমালোচনা লাভ কৰিবলগীয়া হয়। নিজৰ কৰ্মৰ সমান্তৰালকৈ তেওঁলোকে নিজৰ দেহৰ গঠন অথবা নিজ ৰঙটোৰ বাবেও সন্মুখীন হ’বলগীয়া হয় চৰ্চাৰ। শেহতীয়াকৈ এই বিষয়ত নিজ অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে চিত্ৰাংগদা সিঙে। অভিনেত্ৰী গৰাকীয়ে নিজৰ মাগুৰ বৰণীয়া ৰঙৰ বাবে বহুখিনি প্ৰকল্পৰ পৰা আঁতৰিব লগীয়া হৈছিল। বিগত মাহত অভিনেত্ৰী গৰাকীয়ে দিয়া এটা পোষ্টত তেওঁ নিজেও কৈছিল যে তেওঁ দেখিবলৈ ক’লা যদিও তেওঁ সুখী। আনহাতে, আন এক সাক্ষাৎকাৰ যোগেও অভিনেত্ৰী চিত্ৰাংগদাই কয় যে, “ক’লা ৰঙৰ হৈ জীৱন নিৰ্বাহ কৰাৰ কথাটো মই বুজিব পাৰো। এনে নহয় যে কোনো এজন লোকে সমুখত আপোনাক বেয়াকৈ কৈ দিব কিন্তু তেওঁলোকে আপোনাক লৈ কৰা ভেদাভেদটো আপুনি নিজেই বুজি উঠিব।” চিত্ৰাংগদাই এইটোও প্ৰকাশ কৰে যে তেওঁ নিজৰ ৰঙৰ বাবে মডেলিঙৰ বহু প্ৰকল্প হেৰুৱাবলগীয়া হৈছিল।


অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “মোৰ কেৰিয়াৰৰ আৰম্ভণিতে জনাই দিয়া হৈছিল যে মোৰ ৰং এনে হয়। কিন্তু এটা অডিশ্বন যোগে যেতিয়া মোক গুলজাৰ চাহাবে দেখিছিল তেতিয়া তেওঁ মোক নিজৰ মিউজিক ভিডিঅ’ত গ্ৰহণ কৰি পেলাইছিল। উল্লেখ্য যে, মুম্বাইলৈ অহাৰ পূৰ্বে অভিনেত্ৰী গৰাকীয়ে ৰাজস্থান, উত্তৰপ্ৰদেশ আৰু দিল্লীত আছিল কিন্তু তেওঁ নিজৰ ৰঙটোৰ বাবেই আঁতৰি যাবলগীয়া হৈছিল বহুত উল্লেখনীয় প্ৰকল্পৰ পৰা।
Add comment