Rupaliparda.com

“প্ৰীতিৰ সুঁটি” য়ে আপ্লুত কৰিছে দৰ্শক-শ্ৰোতাকঃ হৃদয়স্পৰ্শী কাহিনীৰে সফল নৱপ্ৰজন্মৰ চেষ্টাঃ

“প্ৰেম” ত কোনো নিৰ্দ্দিষ্ট এক বয়স নাথাকে; উচ্চ-নীচ ভাৱ অথবা প্ৰেমাস্পদক ভালপোৱাৰ কোনো নিৰ্দ্দিষ্ট সময়ো নাথাকে। নক’লেও নাইবা সুন্দৰকৈ বুজাই নিদিলেও ইজনৰ আনজনৰ প্ৰতি থকা আন্তৰিকতাবোৰ সদায়েই ৰৈ যায়। নিজৰ সক্ষমতাৰ বাহিৰলৈ গৈ কিবা এটা প্ৰদান কৰাৰ অপাৰ ইচ্ছাই “প্ৰেম” ক আৰু গভীৰ কৰি তোলাত সহায় কৰে। আচলতে, ভালপোৱা তথা প্ৰেম আদি বিষয়বোৰৰ কথাসমূহ যিমানেই দীঘলীয়া; সিমানেই সুন্দৰ আৰু গ্ৰহণযোগ্য। শেহতীয়াকৈ “প্ৰীতিৰ সুঁটি” শীৰ্ষক এটি গীতে দৰ্শক-শ্ৰোতাৰ হৃদয়ত খলকনি লগোৱা দেখিবলৈ পোৱা গৈছিল। গীতটিৰ ভিডিঅ’টোত উপস্থাপন কৰা কাহিনীভাগ ইমানেই মনপৰশা হৈছে যে সম্পূৰ্ণ গীতটিয়ে উল্লেখনীয় হৈ পৰিছে। সম্প্ৰতি সময়ছোৱাত যদিও একাংশৰ মাজত প্ৰেম নিবেদনৰ বৈশিষ্ট্যৰ সালসলনি ঘটিছে তথাপিও ক’ৰবাত যেন সেই একেই হৈ আছে ভাললগা আৰু ভালপোৱা বোৰ।


সীমান্ত কলিতাৰ কথাৰে গীতটিত কন্ঠদান কৰাৰ লগতে সুৰ দিছে ৰক্তিমে। আনহাতে, গীতটিৰ সহযোগী কন্ঠশিল্পী গৰাকী হৈছে নয়ন জ্যোতি দেৱী। গীতটিৰ ব্যৱস্থাপনাৰ লগতে ইয়াত শব্দ সংমিশ্ৰণ কৰিছে মুক্তি মূহুৰ্ত হাজৰিকাই। গীতাৰ বজাইছে কৌশিক শইকীয়াৰ লগতে ইয়াত বাঁহী বজাইছে প্ৰদীপ ডেকাই। Dreams Studio ত গীতটি বাণীবদ্ধ কৰিছে ৰিপুঞ্জয় শৰ্মা আৰু Redone Music ত নিন্তু পাঠকে। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে নিশিৰঞ্জন কে মল্লিকা আৰু কৰিশ্মা পূজাৰীয়ে; ভিডিঅ’টোৰ কাহিনী আৰু পৰিচালনা কৰিছে সীমান্ত কলিতাই। পূৰ্বতেও উল্লেখ কৰিছো যে সংজ্ঞাহীন “প্ৰেম” ৰ জন্মৰ নিৰ্দ্দিষ্টতা নাথাকে। মোটা পকেটৰ অংক লৈ ডাঙৰ অট্টালিকাত থকা মানসিকতাৰে প্ৰেমত বিলীন নহয় ব্যক্তিবিশেষ। ফুটপাথতো এনে সপোন উৰি ফুৰে; ঠিক তেনে এজন ৰিক্সা চালকৰ জীৱন আৰু প্ৰেমৰ কাহিনীৰে জনসাধাৰণৰ মাজত উলিয়াই দিয়া হৈছে “প্ৰীতিৰ সুঁতি”। অৱশ্যে, সম্পৰ্কবোৰৰ মাজত যেতিয়া সুঁতিটো মজবুত হৈ থাকে তেতিয়া পৰিস্থিতিয়ে নিজেই হাৰ মানিবলগীয়া হয়; এনে এক কাহিনীৰ মাজেৰে আগবঢ়া “প্ৰীতিৰ সুঁতি” ক লৈ এতিয়া সকলোৰে উৎকন্ঠা।

"প্ৰীতিৰ সুঁটি" য়ে আপ্লুত কৰিছে দৰ্শক-শ্ৰোতাকঃ হৃদয়স্পৰ্শী কাহিনীৰে সফল নৱপ্ৰজন্মৰ চেষ্টাঃ 1


নৱপ্ৰজন্মৰ ভিডিঅ’ পৰিচালক গৰাকীৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰতিজন নৱপ্ৰজন্মৰ কলা-কুশলীয়ে কৰা চেষ্টাই প্ৰতিজন দৰ্শক-শ্ৰোতাক উৎসাহিত কৰি তুলিছে। “প্ৰীতিৰ সুঁটি” শীৰ্ষক এই গীতটিয়ে এতিয়া আপ্লুত কৰিবলৈ সক্ষম হৈছে সকলোকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform