অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতিটো দিশতেই আগৰণুৱা। কেৱলমাত্ৰ সংগীত অথবা ছবি বুলিয়েই নহয়; সাংস্কৃতিক ক্ষেত্ৰখনত অন্তৰ্ভূক্ত প্ৰতিটো দিশেই জনসাধাৰণৰ প্ৰিয়। আৰু, এই দিশবোৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী সফল আৰু জনপ্ৰিয় ব্যক্তি হৈছে ইবচন লাল বৰুৱা। শব্দযন্ত্ৰীৰ লগতে তেওঁ গীতিকাৰ হিচাপেও ৰাইজৰ সমুখলৈ আহিছে; “আহ ঐ আহ” শীৰ্ষক গীতটিৰ লগতে ইবচন লাল বৰুৱাৰ কথাৰে জুবিন গাৰ্গৰ কন্ঠত মুক্তিপ্ৰাপ্ত “অমানিশা” তথা অংগৰাগ পাপন মহন্তৰ “নদী মাথো বয়”, জয় বৰুৱাৰ কন্ঠৰে মুক্তি লাভ কৰা “তেজীমলা” শীৰ্ষক গীতবোৰ বৰ্তমানেও দৰ্শক-শ্ৰোতাৰ মন গহ্বৰত বিৰাজমান বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। আনহাতে, সংগীত পৰিচালক ৰূপেও ইবচন লাল বৰুৱাই পৰিচালক জাহ্নু বৰুৱাৰ ছবি “ভগা খিৰিকী” আৰু আন কেইবাখনো নিম্ৰীয়মাণ ছবিত কাম কৰিছে। উল্লেখ্য যে, আহিবলগীয়া সময়তো তেওঁৰ কথাৰে নিৰ্মিত গীত “পৰিধি ভাঙি” ও জয় বৰুৱাৰ কন্ঠত অতিশীঘ্ৰে লাভ কৰিব মুক্তি। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইবচন লাল বৰুৱাৰ বিষয়ে আমি জানিবলৈ খুজিছিলো কিছু কথা। সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কৈছিল যে, “মই সংগীত ক্ষেত্ৰখনৰ সৈতে সৰুৰ পৰাই জড়িত কিয়নো মোৰ পিতৃ প্ৰয়াত প্ৰসন্নলাল বৰুৱাই গীত গাইছিল, অভিনয় কৰিছিল লগতে ছবি আঁকিছিল। ইয়াৰ উপৰিও, তেওঁ গুৱাহাটী আৰু অনাঁতাৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী আছিল। মোৰ পিতৃয়ে অসমৰ প্ৰায় প্ৰতিখন মঞ্চতে গীত পৰিৱেশন কৰিছিল গতিকে আমাৰ ঘৰখনৰ প্ৰতিটো মূহুৰ্ত সংগীতৰেই ভৰি আছিল। ঘৰলৈ আলহীয়েই হওঁক নাইবা দেউতাৰ সৈতে অহা কোনো সহঃশিল্পীয়েই নহওঁক কিয়! যিকোনো সময়তে আমাৰ গোটেই ঘৰখনত সংগীতৰ পৰিৱেশে বিৰাজ কৰিছিল। ঠিক তেনেকৈ সৰুতেই মই নিজাববীয়াকৈ তবলা, গীতাৰ অথবা হাৰমনিয়াম বজাবলৈ লৈছিলো আৰু সুৰ সৃষ্টি কৰা তথা গীত লিখা আদি সৃষ্টিশীল বিষয়বোৰৰ প্ৰতি আগবাঢ়িবলৈ লৈছিলো।”
ইবচন লাল বৰুৱাই নৱপ্ৰজন্ম অথবা পূৰণি সংগীত শিল্পীৰ সৈতে কৰা কামৰ ভিতৰত তেওঁৰ কোনটো প্ৰিয় বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “নৱপ্ৰজন্মৰ শিল্পীৰ পৰা সদায় এটা বস্তু পাব পাৰি; যিটো হ’ল সজীৱতা। সৰল মনৰ যি এক সজীৱতা থাকে ইয়াক নৱপ্ৰজন্মৰ সৃষ্টি সমূহত লাভ কৰিব পৰা যায় গতিকে নৱপ্ৰজন্মৰ শিল্পীৰ সৈতে কাম কৰি ভাল পোৱাটো আচলতে প্ৰয়োজনীয় কথা বুলিও মই ভাবো। আৰু, মই ভালপাওঁ এওঁলোকৰ সৈতে কাম কৰি।মই নিজকো নৱপ্ৰজন্মৰ বুলিয়ে ক’ম কিয়নো মোতকৈ অনুজ খিনিৰ এইটো বয়সত যি মানসিক উদ্যম মই দেখিছো সেইখিনিয়ে মোক বহু সময়ত প্ৰভাৱান্বিত কৰে আৰু একে কাৰণে আমি অভিজ্ঞতাৰ গভীৰতাকো নুই কৰিব নোৱাৰো যিখিনি আমি আমাৰ অগ্ৰজ সকলৰ পাব পাৰো। অগ্ৰজ সকলৰ কৰ্মৰ ক্ষেত্ৰত অথবা তেওঁলোকৰ সৃষ্টিৰ ক্ষেত্ৰত যিখিনি অভিজ্ঞতাৰ মাজেৰে তেওঁলোক পাৰ হৈ আহে তাত আমি গভীৰতাৰ চাপখিনি বিচাৰি উলিয়াব পাৰো। সেই অভিজ্ঞতা লাগিলে গীত লিখাৰ ক্ষেত্ৰতেই হওঁক অথবা অইন কোনো ক্ষেত্ৰতেই হওঁক! সেইবাবেই, মই একাষাৰে কোনটো প্ৰজন্মৰ সৈতে কাম কৰি ভালপাওঁ বুলি ক’বলৈ অসুবিধা হয়। কোনোবাদিনা হয়টো মই এতিয়াৰ তুলনাত অধিক অগ্ৰজ হৈ পৰিম আৰু বয়সৰ লগে লগে মোতকৈ অগ্ৰজ সকল হয়টো নাথাকিব কিন্তু বৰ্তমান মই মাজৰ এটা সময়ত আছো য’ত মোৰ অগ্ৰজ সকলৰ অভিজ্ঞতাৰ গভীৰতা অনুধাৱন কৰিবলৈ চেষ্টা কৰিম যিয়ে মোক মোৰ কৰ্মত পূৰ্ণতা প্ৰদান কৰিব; সমান্তৰালকৈ মই অনুজসকলৰ সৈতেও কাম কৰিবলৈ খুজিম যাৰ উদ্যমে মোৰ অন্তৰতো উদ্যমৰ যোগান ধৰিব।”
ইবচন লাল বৰুৱাৰ তৃতীয়টো প্ৰশ্ন আছিল এনেধৰণৰ য’ত তেওঁক সোধা হৈছিল যে কেতিয়াবা কোনো এটা বিষয়বস্তু তেওঁ ব্যক্তিগতাভাৱে ভাল নাপালেও পেছাগত ভাৱে সেই প্ৰকল্পটোৰ সৈতে জড়িত হৈছে নেকি? এই প্ৰশ্নৰ উত্তৰত শিল্পীগৰাকীয়ে কয় যে, “প্ৰশ্নটো ভাল কৰিছা। সংগীত মোৰ বাবে আচলতে নিচাৰ সমানেই ই পেচাও। মোৰ বৰ্তমান জীৱন নিৰ্বাহৰ বাবে উপাৰ্জনৰ পথটোও হৈছে একমাত্ৰ সংগীতেই। সকলো সময়ত ব্যক্তিগত ভাৱে ভালপোৱা কামেই মই কৰিব লাগিব বুলি যদি ভাবো তেতিয়া হয়টো মোৰ উপাৰ্জনৰ পথটো সংকীৰ্ণ হৈ পৰিব। কোনো এখন চলচিত্ৰৰ দৰেই এটা সংগীততো বিভিন্ন গৰাকী কলা-কুশলীৰ যোগদান জড়িত হৈ থাকে। গতিকে, এনেক্ষেত্ৰত উক্ত কলা-কুশলীসকলৰ মাজত মই কেৱল নিজৰ দৃষ্টিভংগী আৰু আত্মসন্তোষ্টিক প্ৰাধান্য দিলেই হয়টো নহ’ব। মই গীতটোৰ এটা অংশৰ সৈতে জড়িত হ’বলৈ হ’লে সেই গীতটোৰ সৈতে জড়িত অইন ব্যক্তিসকলৰ পচন্দৰ লগত মোৰ মিল ন’হবওঁ পাৰে; কিন্তু যদি মই অকল নিচাৰ কাৰণে সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হ’ব পাৰিলোহেঁতেন তেতিয়া হয়টো মোৰ অপচন্দৰ বিষয়বস্তু অথবা মই সংযোগ স্থাপন কৰিব নোৱাৰা বিষয় এটাক নকৰো বুলি ক’ব পাৰিলোহেঁতেন। কিন্তু, পেচাৰ ক্ষেত্ৰত আচলতে মোৰ বুলিয়ে নহয় অইনৰ বাবেও ই অসম্ভৱ হৈ পৰে। অৱশ্যে এইখিনিতে এটা কথা মই ক’বই লাগিব যে, যদিহে কোনো বিষয়বস্তু অথবা কথা মই অমাৰ্জিত যেন অনুভৱ কৰো তেতিয়াহ’লে মই সেই বিষয়টোৰ সৈতে জড়িত হ’বলৈ নাকচ কৰো।”
Add comment