Rupaliparda.com

“সংগীত মোৰ পৰিপূৰক কিন্তু ম‌ই সংগীতৰ পৰিপূৰক নহয়, হ’ব নোৱাৰো”- ৰক্তিম প্ৰীতম দাস

সদ্যমুক্তিপ্ৰাপ্ত “প্ৰীতিৰ সুঁটি” শীৰ্ষক গীতটিয়ে ক্ষন্তেকতে লাভ কৰিছে জনপ্ৰিয়তা। গীতটিৰ কথাৰ পৰা আৰম্ভ কৰি কন্ঠ লগতে ইয়াৰ ভিডিঅ’টোত থকা কাহিনী পৰ্যন্তই প্ৰতিজন জনসাধাৰণক আপ্লুত কৰিবলৈ সক্ষম হৈছে। গীতটিত কন্ঠদান কৰা কন্ঠশিল্পী গৰাকীৰ নাম হৈছে ৰক্তিম প্ৰীতম দাস; বৰ্তমানলৈ বহুকেইটা গীতত কন্ঠদান নকৰিলেও সংগীতৰ প্ৰতি এক বিশেষ টান থকা এই কন্ঠশিল্পী গৰাকীৰ সৈতে ৰূপালীপৰ্দাৰ ফালৰ পৰা পতা হৈছিল কিছু কথা-বতৰা। সংগীত ক্ষেত্ৰখনৰ পৰা তেওঁৰ প্ৰাপ্য কি বুলি কৰা প্ৰশ্নৰ উত্তৰত ৰক্তিমে কয় যে, সংগীতে মোক সদায় দি আহিছে; দূৰ্বল ক্ষণত সংগ দিছে, নিজকে চিনি পোৱাৰ শব্দ দিছে লগতে সাহস দিছে। সংগীতৰ ক্ষেত্ৰখনত ম‌ই কিবা দিব পাৰিম বুলি ম‌ই আচলতে নাভাবো। সংগীত মোৰ পৰিপূৰক কিন্তু ম‌ই সংগীতৰ পৰিপূৰক নহয়, হ’ব নোৱাৰো।” সংগীত তেওঁৰ বাবে “নিচা নে পেচা” বুলি সোধাত তেওঁ কয় যে, “সংগীত মোৰ নিচা; সংগীত মোৰ পেচা হ’ব পৰাকৈ ম‌ই পৰিপক্ক হ’ব নোৱাৰিম বুলি ভাবো। কিন্তু, এই নিচাটোকে অকাই-পকাই মনত পাগুলি থকা কথা আৰু ভাৱবোৰৰত সুৰ তুলিবলৈ চেষ্টা কৰিম।”

"সংগীত মোৰ পৰিপূৰক কিন্তু ম‌ই সংগীতৰ পৰিপূৰক নহয়, হ'ব নোৱাৰো"- ৰক্তিম প্ৰীতম দাস 1


আগলৈ তেওঁ কয় যে, “সংগীত মোৰ বাবে এক “obligatory expeiment”; ই কোৱা কথাবোৰ ম‌ই নুই কৰিব নোৱাৰো বাবেই প্ৰকাশ কৰি যাবলৈ আৰম্ভ কৰিছো। আগলৈকো এই চেষ্টা অব‍্যাহত ৰাখিম।” শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা ৰোমান্টিক গীত “প্ৰীতিৰ সুঁটি” ক লৈ ৰক্তিমে কয় যে, “প্ৰীতিৰ সুঁতি” গীতটি বৰ মৰমৰ। গীতটিৰ দৃশ‍্যাংশৰ পৰিচালক সীমান্ত কলিতাই মোক গীতটো লিখি কৈছিল কিবা সুৰ তুলিবলৈ। পাছলৈ এই চেষ্টাক ৰাইজে ইমানকৈ আদৰিব ল’ব বুলি ভবাটো মোৰ সপোনৰো অগোচৰ আছিল; গীতটিৰ সৈতে জড়িত সকলোৰে তৰফৰপৰা rupaliparda.com যোগে ৰাইজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। সংগীতে সকলোকে প্ৰীতিৰ সুঁতিৰে বোৱাই ৰাখক।”

"সংগীত মোৰ পৰিপূৰক কিন্তু ম‌ই সংগীতৰ পৰিপূৰক নহয়, হ'ব নোৱাৰো"- ৰক্তিম প্ৰীতম দাস 2


কন্ঠশিল্পী ৰক্তিম প্ৰীতম দাসৰ কন্ঠৰ চৰ্চা এতিয়া সৰ্বত্ৰে। কেৱল মাত্ৰ “প্ৰীতিৰ সুঁতি” ৰ বাবেই নহয়; কন্ঠশিল্পী গৰাকীৰ আগন্তুক প্ৰতিটো প্ৰকল্পৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.