Rupaliparda.com
OTT প্লেটফৰ্মত ডেবিউ অভিনেত্ৰী কাজলৰঃ 1

OTT প্লেটফৰ্মত ডেবিউ অভিনেত্ৰী কাজলৰঃ

ডিজিটেল প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত প্ৰকল্পবোৰে বৰ্তমান বাৰুকৈয়ৈ টানিছে জনসাধাৰণক। বহু অভিনেতা- অভিনেত্ৰীয়ে এতিয়া OTT প্লেটফৰ্মত নিজৰ ডেবিউ কৰিবলৈ আগবঢ়া দেখিবলৈ পোৱা গৈছে। আচলতে, ডিজিটেল প্লেটফৰ্মৰ প্ৰকল্পসমূহৰ মাজত থকা গভীৰতা তথা পুংখানুপুংখতাই জনসাধাৰণক ইমানেই বেছি আকৰ্ষণ কৰিছে যে এইবোৰ প্ৰকল্প নিৰ্মাণৰ বাবদ এতিয়া একোখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈও অধিক বাজেটৰ প্ৰয়োজন হৈ পৰিছে। শেহতীয়াকৈ, OTT প্লেটফৰ্মত নিজৰ ডেবিউৰ বাবে আগবাঢ়িছে অভিনেত্ৰী কাজলো। ইনষ্টাগ্ৰামত হোৱা এটি লাইভ ভিডিঅ’ত তেওঁ ছবিখনৰ বিষয়ে অনুৰাগী সকলক জানিবলৈ দিয়ে। অভিনেত্ৰী গৰাকীয়ে কয় যে, “মোৰ আহিবলগীয়া ছবি “ত্ৰিভংগা” অহা বৰ্ষৰ জানুৱাৰী মাহলৈ মুক্তি লাভ কৰিব। তিনি মহিলাৰ কাহিনীৰে নিৰ্মিত এইখন এখন সুন্দৰ ছবি। এইখন ছবিত কাম কৰি যথেষ্ট সুখী হৈছিলো।”

OTT প্লেটফৰ্মত ডেবিউ অভিনেত্ৰী কাজলৰঃ 2


ৰেণুকা শাহানেৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনত কাজলৰ লগতে অভিনয় কৰিছে তনৱী আজমী আৰু মিথিলা পালকৰে। কিছুদিন পূৰ্বে কাজল অভিনীত এখন চুটি ছবি “দেৱী” য়ে লাভ কৰিছিল দৰ্শকৰ বহুল প্ৰশংসা। ১৩ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনত কাজলৰ লগতে বহু কেইগৰাকী আন অভিনেত্ৰীকো দেখিবলৈ পোৱা গৈছিল। চুটি ছবিখনে অতি কম সময়ৰ ভিতৰতে লাভ কৰিছিল ইউটিউবত মিলিয়নৰ অংকত ভিউৱাৰচ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform