Rupaliparda.com

অংকিতা নন্দী তথা অন্তৰা নন্দীৰ কন্ঠৰে মুক্তিৰ বাবে সাজু “জাকৈ লাংগে লাংগে”-

অংকিতা নন্দী তথা অন্তৰা নন্দী অৰ্থাৎ বৰ্তমানৰ জনপ্ৰিয় নন্দী চিষ্টাৰচৰ কন্ঠৰে আহি আছে নতুন গীত “জাকৈ লাংগে লাগে”। ইনষ্টাগ্ৰামৰ ভিডিঅ’সমূহত বহুল প্ৰতিভাৰ প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ এতিয়া জনসাধাৰণৰ সমুখলৈ এটি সুন্দৰ গীতৰ সৈতে আহিবলৈ সাজু হৈছে দুই ভগ্নী। অসমীয়া,হিন্দী গীতকে আৰম্ভ কৰি তেওঁলোকে আন কেইবাটাও ভাষাত কভাৰ প্ৰস্তুত কৰি জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অন্তৰা নন্দীক সমগ্ৰ ভাৰতবৰ্ষই টেলিভিছন পৰ্দাত অথবা তেওঁৰ কন্ঠই পূৰ্বতেই লাভ কৰিছিল চিনাকী কিন্তু সম্প্ৰতি নিজ কনিষ্ঠ ভগ্নী অংকিতা নন্দীৰ সৈতে লগ হৈ কিছু “যুগলবন্দী” ৰে দৰ্শক আৰু শ্ৰোতাক আকৌ এবাৰ মোহাচ্ছন্ন কৰি তুলিছে এওঁলোকে। এই দুই ভগ্নী বৰ্তমান থাকে মহাৰাষ্ট্ৰত। “লক-ডাউন” ৰ সময়ছোৱাত ৰঙালী বিহুক লৈ এওঁলোকে কন্ঠদান কৰি উলিওৱা এটি বিহু গীতক চচিয়েল মিডিয়াত বহুল হাৰত শ্বেয়াৰ কৰা হৈছিল। সাধাৰণ জনৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও শ্বেয়াৰ কৰিছিল তেওঁলোকে কন্ঠদান কৰা গীতটিক। ক্ষন্তেকতে তেওঁলোকে নাম পাইছিল “ভাইৰেল গাৰ্লছ” ৰূপে।

অংকিতা নন্দী তথা অন্তৰা নন্দীৰ কন্ঠৰে মুক্তিৰ বাবে সাজু "জাকৈ লাংগে লাংগে"- 1


উক্ত দুই ভগ্নীৰ কন্ঠৰে আহিবলগীয়া “জাকৈ লাংগে লাংগে” শীৰ্ষক গীতটিৰ ইতিমধ্যে মুকলি কৰা হৈছে টিজাৰ। অতিশীঘ্ৰে গীতটিৰ ভিডিঅ’টোকো মুকলি কৰি দিয়াৰ কথাও ব্যক্ত কৰে অন্তৰা তথা অংকিতা নন্দীয়ে। চচিয়েল মিডিয়াত সক্ৰিয় দুই ভগ্নীক লৈ অৱশ্যে জনসাধাৰণৰ মনতো এক বিশেষ উৎসাহ পৰিলক্ষিত হয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.