Rupaliparda.com
"অপনে ২" ৰ বাবে সাজু দেউল পৰিয়ালঃ 1

“অপনে ২” ৰ বাবে সাজু দেউল পৰিয়ালঃ

বলীউড ছবি “অপনে ২” ৰ বাবে বৰ্তমান সাজু হৈছে দেউল পৰিয়াল। এই ছবিখনৰ দ্বিতীয়টো সংস্কৰণত ধৰ্মেন্দ্ৰ, সানী দেউল, ববী দেউলকটো দেখিবলৈ পোৱা যাবই; তাৰ উপৰিও ছবিখনত দেখিবলৈ পোৱা যাব সানী দেউলৰ পুত্ৰ কৰণ দেউলক। ইয়াৰ দ্বাৰা এয়াই স্পষ্ট হৈ উঠিছে যে এই ছবিখনত দেউল পৰিয়ালৰ তিনি প্ৰজন্মক দেখিবলৈ পোৱা যাব। ছবিখনত পুত্ৰ কৰণ দেউলক এক সুন্দৰ সুযোগ প্ৰদান কৰা হৈছে কিয়নো তেওঁৰ ডেবিউ “পল পল দিল কে পাস” ছবিখনে দৰ্শকৰ পৰা কোনো ধনাত্মক প্ৰতিক্ৰিয়া লাভ কৰিব পৰা নাছিল। গতিকে এইবাৰৰ “অপনে ২” ছবিখনে দৰ্শকৰ কাষ চাপিবলৈ তেওঁক আকৌ সুন্দৰ সুযোগ দিছে তেওঁৰেই পৰিয়াল বৰ্গই। এই ছবিখনৰ প্ৰথমটো সংস্কৰণে মুক্তি লাভ কৰিছিল ২০০৭ চনত আৰু বস্ক অফিচত ই উল্লেখনীয় প্ৰদৰ্শন কৰাও দেখিবলৈ পোৱা গৈছিল। অনিল শৰ্মা দ্বাৰা নিৰ্দেশিত উক্ত প্ৰথমটো সংস্কৰণত অভিনয় কৰা অভিনেত্ৰী দুগৰাকী আছিল ক্ৰমে শিল্পা ছেট্টী আৰু কেটৰিণা কাইফ।

"অপনে ২" ৰ বাবে সাজু দেউল পৰিয়ালঃ 2
"অপনে ২" ৰ বাবে সাজু দেউল পৰিয়ালঃ 3


কিন্তু এইবাৰৰ সংস্কৰণটোত উক্ত দুইগৰাকী অভিনেত্ৰীক লোৱা হ’বনে নাই সেয়া বৰ্তমানলৈ জনোৱা হোৱা নাই। পূৰ্বৰ ছবিখনৰ তুলনাত এইবাৰৰ কাহিনীভাগ কিছু ভিন্ন হোৱাৰ বাবেই হয়টো অভিনেত্ৰীৰ সালসলনি হোৱাটো স্বাভাৱিক হৈ পৰিছে। খবৰ অনুসৰি, “অপনে ২” ৰ বাবে উৰ্বশী ৰাতৌলাৰ নাম সমুখলৈ আহিছে বুলি জানিব পৰা গৈছে কিন্তু তথাপিও এইবিষয়টো সম্পূৰ্ণ স্পষ্টীকৰণ দিয়া হোৱা নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.