Rupaliparda.com
ধাৰাবাহিক "বৰলা কাই" ৰ সফল সমাপ্তিঃ 1

ধাৰাবাহিক “বৰলা কাই” ৰ সফল সমাপ্তিঃ

ৰং চেনেলৰ এখন জনপ্ৰিয় ধাৰাবাহিক “বৰলা কাই” ৰ ঘটিল সফল সমাপ্তি। ১৫০০ টাতকৈ অধিক খণ্ডৰ সৈতে দৰ্শকৰ মাজত সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিক খনে বিগত বহু দিনৰ পৰা দৰ্শকক আমোদ দিয়াত সফল ৰূপে পৰিগণিত হৈছিল। কল্যাণ জ্যোতি বৰা আৰু ৰঞ্জন দত্তৰ প্ৰযোজনাৰে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া ৭বজাত সম্প্ৰচাৰ হোৱা এই ধাৰাবাহিকখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ বিপুল বশিষ্ঠ গোস্বামীৰ। ধাৰাবাহিকখনৰ প্ৰায় প্ৰত্যেকটা চৰিত্ৰই ব্যৱহাৰ কৰা কামৰূপীয়া ভাষাই আৰু অধিক দৰ্শকক আকৰ্ষণ কৰাৰ উপৰিও হাঁহিৰ অৱকাশ প্ৰদান কৰিছিল জনসাধাৰণক। একেখন গাঁৱতেই বাস কৰা সকলোবোৰৰ মাজতেই থকা সৰলতাবোৰ ধাৰাবাহিকখনত সুন্দৰ ৰূপত প্ৰতিফলিত কৰা হৈছিল। ধাৰাবাহিকখনৰ সমাপ্তিয়ে অৱশ্যে বহু দৰ্শককেই অসুখী কৰি তুলিছিল কিয়নো ইয়াৰ চৰিত্ৰ সমূহে প্ৰায়ে জনসাধাৰণৰ হৃদয়ত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল।

ধাৰাবাহিক "বৰলা কাই" ৰ সফল সমাপ্তিঃ 2
ধাৰাবাহিক "বৰলা কাই" ৰ সফল সমাপ্তিঃ 3


বুলবুল হুচেইনৰ সুৰ-সংগীত-ব্যৱস্থাপনাৰ লগতে তেওঁৰেই কণ্ঠ নিগৰোৱা আৱহ সংগীতে ধাৰাবাহিকখনক আৰু মনোগ্ৰাহী কৰি তুলিছিল। মূল চৰিত্ৰত থকা হিৰণ্য ডেকাৰ অভিনয়ে ধাৰাবাহিকখন এতিয়াও দৰ্শকে চোৱাৰ উপযোগ্য কৰি ৰাখিছিল। ধাৰাবাহিক আন আন চৰিত্ৰত অভিনয় কৰিছিল জুলেন ভূঞা, নৱ বৰা,প্ৰাণজিৎ শৰ্মা, অমূল্য কাকতি,দেৱযানী গায়ন, বীণা পটংগীয়া, দীপান্বিতা পাঠক মহন্ত, মিনাক্ষী ডেকা আৰু ৰুমী, জুৰি দেৱীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform