Rupaliparda.com
আন এক প্ৰকল্পৰ বাবে লণ্ডনলৈ উৰা মাৰিলে অভিনেতা আদিল হুচেইনঃ 1

আন এক প্ৰকল্পৰ বাবে লণ্ডনলৈ উৰা মাৰিলে অভিনেতা আদিল হুচেইনঃ

ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈ এগৰাকী অসম সন্তানে সমগ্ৰ অসমবাসীক গৌৰন্বাম্বিত কৰি তোলা কথাটো আচলতে আমি সকলোৱে বুজি পাওঁ। কিন্তু এগৰাকী অসম সন্তানে ইটোৰ পিছত সিটো প্ৰকল্পৰ সৈতে নিৰৱিচ্চিন্ন ভাৱে জড়িত হৈ সকলোকে গৌৰন্বাম্বিত কৰা কথাটোৱে এতিয়া প্ৰত্যেককে উৎসাহিত কৰিছে। আদিল হুচেইন হৈছে এনে এগৰাকী তাৰকা যিয়ে সম্প্ৰতি নিজ কৰ্মৰে প্ৰতিজন দৰ্শককে নিজ অনুৰাগী কৰি তুলিছ। শেহতীয়াকৈ তেওঁ নিজ অন্য এক প্ৰকল্পৰ বাবে ধাৱমান হৈছে লণ্ডনলৈ; ইনষ্টাগ্ৰামত দিয়া এক ভিডিঅ’যোগে তেওঁ এই কথা ব্যক্ত কৰে সকলোৰে মাজত। আহিবলগীয়া সময়ত তেওঁ এই প্ৰকল্পৰ বিষয়ে সকলোৰে ওচৰত খুলি কোৱাৰ কথাও প্ৰকাশ কৰে।অসমৰ গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰা এই গৰাকী অসম সন্তানৰ কেৱলমাত্ৰ অভিনয়েই নহয়; তেওঁৰ ব্যক্তিত্বয়েও অসমকে ধৰি বাহিৰৰ প্ৰায় সমগ্ৰ লোকক নিজৰ অনুৰাগী কৰি তুলিছে।শিক্ষা জীৱনত তেওঁ বহু কেইখন নাটকত অভিনয় কৰাৰ লগতে “ভায়ামামা” নামৰ জনপ্ৰিয় নাটক গোষ্ঠীৰ সৈতেও তেওঁ ব্যংগাত্মক চৰিত্ৰ ৰূপায়ন কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছত আদিল হুচেইনে দিল্লীস্থিত “ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়” তথা লণ্ডনৰ “ড্ৰামা ষ্টুডিঅ’ লণ্ডন” ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে।

আন এক প্ৰকল্পৰ বাবে লণ্ডনলৈ উৰা মাৰিলে অভিনেতা আদিল হুচেইনঃ 2

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰী দেৱী লগতে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতেও অসম সন্তান ও অভিনেতা আদিল হুচেইনে অভিনয় কৰাৰ সুবিধা লাভ কৰে। ইয়াৰ উপৰিও, ইটালীৰ পৰিচালক Italo Spinelli ৰ দ্বাৰা পৰিচালিত ‘Gangor’, আৰু মীৰা নায়াৰৰ ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ লগতে এং লীৰ ‘লাইফ অৱ পাই’ ইত্যাদি হলীউডৰ জনপ্ৰিয় ছবিত অভিনয় কৰাৰ সুবিধা লাভ কৰে। আদিল হুচেইনে নাটক, চিনেমা আদিত কৰা অভিনয়েৰে দৰ্শকৰ হৃদয় জিনা লগতে তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিক “জাচুছ বিজয়”, “ডক্টৰ, নাৰ্ছ এণ্ড পেছেণ্ট” আৰু “ইনফেক্টেড” ত অভিনয় কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.