Rupaliparda.com
প্ৰকৃতিৰ নিঁভাজ সুন্দৰ সোঁৱাদ বাগানীয় গীত "চকালে চকালে" তঃ 1

প্ৰকৃতিৰ নিঁভাজ সুন্দৰ সোঁৱাদ বাগানীয় গীত “চকালে চকালে” তঃ

আমি প্ৰত্যেকেই প্ৰকৃতিক উপভোগ কৰি এক বেলেগ আনন্দ উপভোগ কৰো। নহয়নে বাৰু? প্ৰকৃতিৰ নিঁভাজ সুন্দৰ পৰিৱেশে আমাক প্ৰতিটো সময়ত আপ্লুত কৰি ৰাখে। এনেও বহু লোক আছে যিয়ে প্ৰকৃতিক উপভোগ কৰিবলৈ প্ৰতিটো বছৰে একোখন ঠাইৰ নিৰ্বাচন কৰে; আমি যিমানেই যান্ত্ৰিক নহওঁ কিয় প্ৰকৃতিৰ কোলাত আমি সকলোৱে এবাৰ হ’লেও জিৰণি ল’বলৈ বিচাৰো। বিজ্ঞানভিত্তিক এই সময়ছোৱাত কেৱল মাত্ৰ সুন্দৰ প্ৰকৃতিৰ এখন ফটোৱে যথেষ্ট আমাৰ মনত শান্তিৰ যোগান ধৰিবলৈ। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “চকালে চকাল” শীৰ্ষক গীতটিত জনসাধাৰণে এক সুন্দৰ প্ৰকৃতিৰ সোঁৱাদ লাভ কৰিবলৈ সক্ষম হৈছিল। বাগানীয়া এই গীতটোৰ কন্ঠৰ লগতে ইয়াৰ ভিডিঅ’ৰ উপস্থাপন ইমানেই অধিক সুন্দৰ আছিল যে সংগীত প্ৰেমী প্ৰত্যেকজন শ্ৰোতা-দৰ্শকে গীতটিক সমাদৰ জনাইছে। নৱপ্ৰজন্মৰ সৃষ্টিত এতিয়া সকলোৱে বিশ্বাস কৰিবলৈ লৈছে; তেওঁলোকৰ সৃষ্টিত বৰ্তমান ক’ৰবাত “কিবা” এটা লাভ কৰাৰ আশাৰে মনোৰঞ্জন ক্ষেত্ৰখনো আগবাঢ়িবলৈ লৈছে। নৱপ্ৰজন্মৰ প্ৰতিভাৰে নিৰ্মিত উক্ত গীতটিত আহুবাৰীৰ পাভৈ বাগানৰ মনোৰম দৃশ্য উপস্থাপনৰ লগতে গাওঁখনৰ সাধাৰণজনৰ জীৱন নিৰ্বাহ শৈলীৰ নিদৰ্শন সংক্ষিপ্ত ৰূপত দাঙি ধৰা হৈছে।


“চকালে চকালে” ত কথা হৈছে দেৱ কুমাৰ আনন্দ ওৰাঙৰ আৰু ইয়াত কন্ঠদান কৰিছে কপিল তান্তিয়ে। সৱন তান্তি আৰু জয়ন্তী তান্তিৰ প্ৰযোজনাৰে গীতটিৰ সংগীত প্ৰযোজনা সিদ্ধান্ত সাগৰৰ। আনহাতে, ইয়াত সুৰ দিছে আনমল ৰাজ শইকীয়াই লগতে গীতটিৰ শব্দ সংমিশ্ৰণ জাগ্ৰত ভূঞাৰ। গীতাৰ আৰু একতাৰা বজাইছে সুভা দাসে তথা বাঁহী বজাইছে ৰিংকু ৰাজ বাঢ়ৈয়ে। গীতটিৰ ভিডিঅ’ বিষয়বস্তুৰ লগতে পৰিচালনা আনমল ৰাজ শইকীয়াৰ আৰু সহঃপৰিচালনা বেদব্ৰত বৰাৰ। লগতে, দৃশ্যগ্ৰহণ মাধুৰ্য্য বৰা আৰু সৌৰভ হাজৰিকাৰ। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে কপিল তান্তি, দেৱানন্দ, মাতু আৰু হৰিষ কন্ধাই।

প্ৰকৃতিৰ নিঁভাজ সুন্দৰ সোঁৱাদ বাগানীয় গীত "চকালে চকালে" তঃ 2


উক্ত প্ৰতিজন নৱপ্ৰজন্মৰ সৃষ্টি আৰু প্ৰতিভাক লৈ উৎসাহী জনসাধাৰণ। এওঁলোকৰ তৰফৰ পৰা আকৌ আন কেইটামান গীত শুনিবলৈও অপেক্ষাৰত বহুতো। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমিও এওঁলোকলৈ জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform