Rupaliparda.com
পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি "গুৱাহাটী ডাইৰীজ"- 1

পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি “গুৱাহাটী ডাইৰীজ”-

“লক-ডাউন” সমাপ্তিৰ পিছত স্তব্ধ হৈ থকা ভালেখিনি ছবিৰ পুনৰ আৰম্ভ হৈছে কাম। আকৌ এবাৰ প্ৰস্তুতি চলিছে একাংশ অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ। আচলতে, আহিবলগীয়া সময়ত অসমীয়া ভালেসংখ্যক প্ৰত্যাশিত ছবিৰ মুক্তিৰ ইতিমধ্যে যো-জা পূৰ্ণগতিত চলিছে। আমি প্ৰায়ে একোজন অভিনেতা আৰু অভিনেত্ৰীৰ এটি ন-যুঁটিক ডাঙৰ অথবা টেলিভিছন পৰ্দাত চাবলৈ উৎসাহিত হৈ থাকো। কিন্তু এইবাৰ ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব দুগৰাকী অভিনেত্ৰীৰ যুঁটিক। দুইগৰাকী প্ৰতিষ্ঠিত তথা বহুল অনুৰাগীৰে পৰিপূৰ্ণ অভিনেত্ৰীৰ আকৰ্ষণীয় যুঁটিৰ সৈতে আহি আছে এখন অসমীয়া ছবি “গুৱাহাটী ডাইৰীজ”। পূৰ্বতে নিৰ্মিত “ৰাম ভডকা হুইচকী” আৰু “যি গল্পৰ শেষ নাই” ছবি দুখনৰ পৰিচালক প্ৰশান্ত শইকীয়াৰ পৰিচালনাৰে তথা ড° প্ৰণীতা শইকীয়াৰ প্ৰযোজনাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ছবিখন। কাহিনী পৰিচালক গৰাকীৰ নিজৰেই। লগতে ইয়াৰ সহকাৰী প্ৰযোজনা হৈছে প্ৰশান্ত শইকীয়াৰ। পৰিচালক প্ৰশান্ত শইকীয়াৰ দ্বাৰা ইতিমধ্যে পৰিচালিত “যি গল্পৰ শেষ নাই” ছবিখনে ঘৰুৱা দৰ্শকৰ মাজত মুক্তি লাভ কৰা নাই যদিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত লাভ কৰিছে বৃহৎ সংখ্যাত সঁহাৰি। ছবিখনৰ চিত্ৰনাট্য নীল বৰ্মনৰ; আনহাতে জানিব পৰা মতে, ছবিখনৰ পোষ্ট-প্ৰডাকচনৰ কাম চলি থকা হৈছে। হয়টো, অহা বৰ্ষলৈ ছবিখনে জনসাধাৰণৰ মাজত লাভ কৰিব মুক্তি।

পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি "গুৱাহাটী ডাইৰীজ"- 2
পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি "গুৱাহাটী ডাইৰীজ"- 3


উক্ত ডফাটোত উল্লেখ কৰা অভিনেত্ৰী দুগৰাকী হৈছে ক্ৰমে উৰ্মিলা মহন্ত আৰু বৰষা ৰাণী বিষয়া। ছবিখনৰ কাহিনীভাগত যদিও “প্ৰেম সম্পৰ্ক” ৰ কাহিনীৰ উপস্থাপন কৰা হৈছে তথাপিও এই ছবিখন হ’ব বহুল ড্ৰামাৰে পৰিপূৰ্ণ। প্ৰহৰ প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মিত ছবিখনত সংযোজিত কবিতাটি হৈছে শিৱানী হাজৰিকাৰ। ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে পাপু ডেকা আৰু সম্পাদনা অভিজিৎ ৰয়ৰ। দৈনন্দিন আমাৰ জীৱনত অথবা জীৱন শৈলীত ঘটি থকা ঘটনা-পৰিঘটনা সমূহক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে “গুৱাহাটী ডাইৰীজ” ৰ কাহিনীভাগ। ছবি খনৰ আন কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নাজ চুলতানা, উদয়ন দুৱৰা, অৰ্ঘদ্বীপ বৰুৱা, ৰঞ্জীৱ লাল বৰুৱা, মিন্তু বৰুৱা, কমল লোচন আৰু মনীষা হাজৰিকাই। ছবিখনৰ নামটোৱে ছবিখনক লৈ উৎকন্ঠিত কৰি তুলিছে জনসাধাৰণকো।

পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি "গুৱাহাটী ডাইৰীজ"- 4
পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি "গুৱাহাটী ডাইৰীজ"- 5
পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি "গুৱাহাটী ডাইৰীজ"- 6


উল্লেখ্য যে, নগৰ অঞ্চলত যি সমূহ সম্বন্ধ গঢ় লৈ উঠে; সেই সম্বন্ধ সমূহৰ বিভিন্ন উঠা-নমা আদিক কেন্দ্ৰ কৰি নিৰ্মিত কৰা হৈছে “গুৱাহাটী ডায়েৰীজ” ছবিখনৰ কাহিনীভাগ। আহিবলগীয়া সময়ৰ এখন সুন্দৰ ছবি ৰূপে “গুৱাহাটী ডাইৰীজ”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform