Rupaliparda.com
প্ৰেম আৰু বৰষুণৰ চিৰযুগমীয়া অনুভূতিৰে দীক্ষু শৰ্মাৰ "আবিৰ"- 1

প্ৰেম আৰু বৰষুণৰ চিৰযুগমীয়া অনুভূতিৰে দীক্ষু শৰ্মাৰ “আবিৰ”-

আকৌ এবাৰ এটি নতুন গীতৰ সৈতে অনুৰাগীৰ হৃদয়ত খলকনি লগাইছে কন্ঠশিল্পী দীক্ষু শৰ্মাই। একাংশ নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত এই নতুন গীতটি মুক্তিৰ পিছতেই শ্ৰোতা-দৰ্শকৰ ওচৰত ভাইৰেল হৈ পৰিছে। প্ৰেম আৰু বৰষুণৰ চিৰযুগমীয়া অনুভূতিৰ সৈতে দীক্ষুৰ কন্ঠত মুক্তি লাভ কৰিছে “আবিৰ”। ৰোমান্টিক গীতৰ ক্ষেত্ৰত দীক্ষুৰ সংজ্ঞা সদায় ভিন্ন; তেওঁৰ প্ৰায় প্ৰতিটো ৰোমান্টিক গীতেই শ্ৰোতাৰ হিট লিষ্টত অন্তৰ্ভূক্ত বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। এটা গীতক জনসাধাৰণৰ ওচৰত অধিক গ্ৰহণযোগ্য কৰি তোলে ইয়াত সংযোজিত কথাই আৰু সদ্যমুক্তিপ্ৰাপ্ত “আবিৰ” ৰ কথাই প্ৰত্যেকজন শ্ৰোতাক যে আকৰ্ষণ কৰিছে সেয়া গীতটিৰ ইউটিউবত অহা কমেন্ট সমূহেই প্ৰকাশ কৰিছে। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ শব্দত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটি সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে।


ৰোমান্টিক গীত সমূহৰ নিজ এক সুকীয়া বৈশিষ্ট্য আছে, হৃদয় চুবলৈ সক্ষম হোৱা একোটা সংগীতক জনসাধাৰণে ইমান বেছি শ্বেয়াৰ কৰিবলৈ লয় যে ই ক্ষন্তেকতে ভাইৰেল আৰু জনপ্ৰিয় হৈ পৰে। “আবিৰ” শীৰ্ষক এই গীতটিত কথা আৰু পৰিচালনা মৃণাল দাসৰ লগতে ইয়াত সংগীত দিয়াৰ উপৰিও গীতাৰ বজাইছে ত্ৰিয়ন মহন্তই; গীতটিত শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। দীক্ষুৰ “আবিৰ” ৰ উপৰিও শেহতীয়াকৈ আন এটি গীতো মুক্তি লাভ কৰিছিল তেওঁৰ কন্ঠৰে; “দুচকুৰ কাজলে” শীৰ্ষক গীতটিয়েও ইতিমধ্যে লাভ কৰিছে সমাদৰ। উক্ত প্ৰতিজন নৱপ্ৰজন্মৰ সৃষ্টি আৰু প্ৰতিভাক লৈ উৎসাহী জনসাধাৰণ।

প্ৰেম আৰু বৰষুণৰ চিৰযুগমীয়া অনুভূতিৰে দীক্ষু শৰ্মাৰ "আবিৰ"- 2


এওঁলোকৰ তৰফৰ পৰা আকৌ আন কেইটামান গীত শুনিবলৈও অপেক্ষাৰত বহুতো। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমিও এওঁলোকলৈ জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform