চলিত বৰ্ষটোৱে প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে পাৰ কৰি নিজৰ শেষৰ পৰ্যায়ত উপনীত হৈছেহি। প্ৰত্যেকজন জনসাধাৰণকে প্ৰাপ্তি-অপ্ৰাপ্তিৰে জোঁকাৰি গৈছে ২০২০ চনটোৱে। বহুতে হেৰুৱাইছে আৰু বিভিন্ন জনে ভাল-বেয়াৰ অভিজ্ঞতা সাঙুৰি আগবাঢ়িছে। “ক’ৰণা ভাইৰাছ” ৰ বাবে বিশ্বজুৰি হোৱা মণ্ডাৱস্থা আৰু তাৰ সমান্তৰাকৈ শেহতীয়াকৈ আৰম্ভ হোৱা “কা” বিৰোধী আন্দোলনে আচলতে প্ৰত্যেকৰে মনবোৰতো এক হতাশাৰ সৃষ্টি কৰিছে। চলিত বৰ্ষটোত বেয়া খবৰ বোৰেই যেন বাট ভেঁটিছে নতুন ভাল খবৰবোৰক। কিন্তু কোৱা হয় নহয়; বেয়া যিমানেই শক্তিশালী নহওঁক কিয়; জয় হেনো এদিন হ’লেও ভালৰ হোৱাটো নিশ্চিত। মনোৰঞ্জন ক্ষেত্ৰখনত বৰ্তমান বহু নতুনৰ সংযোজন হোৱাৰ লগতে একাংশ ন-ন প্ৰকল্পই এই ক্ষেত্ৰখনক আকৌ এঢাপ ওপৰলৈ তুলি নিছে। অহা বৰ্ষটোতো আচলতে কেইবাটাও নতুন প্ৰকল্প জনসাধাৰণৰ মাজলৈ আহিবলৈ সাজু হৈ পৰিছে।

ইয়াৰ মাজত কেইবাটাও প্ৰকল্প এনেও আছে যিয়ে মুক্তিৰ পূৰ্বৰ পৰাই বহুল হাৰত সকলোকে অপেক্ষাৰত কৰি তুলিছে। তাৰ মাজৰ এটা প্ৰকল্পৰ নাম হৈছে “শেষ পৃষ্ঠা”। জানিব পৰা মতে, ৫ টা সংগীত সমৃদ্ধ এই এলবামটো মুক্তি লাভ কৰিব অহা বৰ্ষত। ইয়াৰ প্ৰতিটো গীতৰ সংগীত পৰিচালনা কৰিছে গীতিকাৰ ৰিংকু বড়ো আৰু লিখক নীলে। সম্প্ৰতি সময়ছোৱাৰ নীলঅৰ্ণৱ শৰ্মা আৰু ৰিয়ান বৰাৰ সংগীত প্ৰযোজনাই “শেষ পৃষ্ঠা” ক দিব ন-ৰূপ। প্ৰকল্পটোত সন্নিৱিষ্ট পাঁচটা গীত হৈছে ক্ৰমে “এটি চমু চমু”, “বিয়পি পৰিছে”, “আজি সাৰে থকা”, “পুৱতি নিশাৰ আকাশত” আৰু “মৌন সময়”। গীতকেইটিৰ মুক্তিক লৈ ইতিমধ্যে চচিয়েল মিডিয়াতো সৃষ্টি হৈছে খলকনিৰ।

নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। তেনেক্ষেত্ৰত “শেষ পৃষ্ঠা” শীৰ্ষক আহিবলগীয়া এই এলবাটিয়েও যে শ্ৰোতাক মুগ্ধ কৰিবলৈ সক্ষম হ’ব বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও তেওঁলোকৰ এই নতুন প্ৰচেষ্টাক জনাইছো শুভকামনা।
Add comment